ETV Bharat / state

সদৌ অসম উকিল সন্থাৰ বিদেশী ন্যায়াধীকৰণৰ সংখ্যা বৃদ্ধিৰ দাবী - নাগৰিকপঞ্জী

নাগৰিকপঞ্জীৰ পৰা বাদ পৰা প্ৰায় ১৯ লক্ষাধিক লোকৰ নাগৰিকত্বৰ বিষয়টো মীমাংসা কৰিবলৈ ৩০০ খন ন্যায়াধীকৰণ পৰ্যাপ্ত হবনে?

সদৌ অসম উকিল সন্থাৰ বিদেশী ন্যায়াধীকৰণৰ সংখ্যা বৃদ্ধিৰ দাবি
author img

By

Published : Sep 4, 2019, 10:40 PM IST

Updated : Sep 5, 2019, 11:34 AM IST

গুৱাহাটী, 5 আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ চাৰিদিন উকলিল । যিসকল লোকৰ নাম ইতিমধ্যে এই তালিকাৰ পৰা বাদ পৰিছে তেওঁলোকে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিব পাৰিব । সেই অনুসৰি ৰাজ্যত যুদ্ধকালিন তৎপৰতাৰে ৰাজ্য চৰকাৰেও ন্যায়াধীকৰণৰ সংখ্যা ১০০ খনৰ পৰা ৩০০ খনলৈ বৃদ্ধি কৰিছে । কিন্তু নাগৰিকপঞ্জীৰ পৰা বাদ পৰা প্ৰায় ১৯ লক্ষাধিক লোকৰ নাগৰিকত্বৰ বিষয়টো মীমাংসা কৰিবলৈ ৩০০ খন ন্যায়াধীকৰণ পৰ্যাপ্ত হ'বনে? শেহতীয়াকৈ সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক,জ্যেষ্ঠ অধিবক্তা দীপক কুমাৰ দাসে মন্তব্য কৰিছে যে অসমীয়া জাতিৰ অস্তিত্ব আৰু স্বাভিমানৰ সৈতে জড়িত এই বিষয়টো যথাসম্ভৱ শীঘ্ৰে নিস্পত্তিৰ প্ৰয়োজন । দৰকাৰ হ'লে চৰকাৰে আৰু 500 নতুন ন্যায়াধীকৰণ মুকলি কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰিছে । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছিল অসম চুক্তিৰ প্ৰধান চৰ্ত আৰু ইতিমধ্যে সেই চৰ্ত পূৰণৰ নামত চাৰিটা দশক পাৰ হ'ল । গতিকে, আৰু যাতে পলম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰয়োজন হ'লে আৰু 500 নতুন ন্যায়াধীকৰণ গঠন কৰি বিচাৰপ্ৰক্ৰিয়া ত্বৰাম্বিত কৰিবলৈ দাবী জনাইছে সদৌ অসম উকিল সন্থাই ।

Intro:গুৱাহাটী, ৪ আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ চাৰিদিন উকলিল। যিসকল লোকৰ নাম ইতিমধ্যে এই তালিকাৰ পৰা বাদ পৰিছে তেওলোকে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিব পাৰিব। সেই অনুসৰি ৰাজ্যত যুদ্ধকালিন তৎপৰতাৰে ৰাজ্য চৰকাৰেও ন্যায়াধীকৰণৰ সংখ্যা ১০০ খনৰ পৰা ৩০০ খনলৈ বৃদ্ধি কৰিছে।Body:কিন্তু নাগৰিকপঞ্জীৰ পৰা বাদ পৰা প্ৰায় ১৯ লক্ষাধিক লোকৰ নাগৰিকত্বৰ বিষয়টো মীমাংসা কৰিবলৈ ৩০০ খন ন্যায়াধীকৰণ পৰ্যাপ্ত হবনে ? শেহতীয়াকৈ সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ অধিবক্তা দীপক কুমাৰ দাসে ই টিভি ভাৰতৰ আগত মন্তব্য কৰিছে যে অসমীয়া জাতিৰ অস্তিত্ব আৰু স্বাভিমানৰ সৈতে জড়িত এই বিষয়টো যথাসম্ভৱ শীঘ্ৰে নিস্পত্তিৰ প্ৰয়োজন। দৰকাৰ হ'লে চৰকাৰে আৰু পাচশ নতুন ন্যায়াধীকৰণ মুকলি কৰিব লাগে বুলিও তেও মন্তব্য কৰিছে।Conclusion:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছিল অসম চুক্তিৰ প্ৰধান চৰ্ত আৰু ইতিমধ্যে সেই চৰ্ত পূৰণৰ নামত চাৰিটা দশক পাৰ হ'ল। গতিকে, আৰু যাতে পলম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰয়োজন হ'লে আৰু পাচশ নতুন ন্যায়াধীকৰণ গঠন কৰি বিচাৰপ্ৰক্ৰিয়া ত্বৰাম্বিত কৰিবলৈ দাবী জনাইছে সদৌ অসম উকিল সন্থাই।
Last Updated : Sep 5, 2019, 11:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.