ETV Bharat / state

স্বাধীনতাৰ সময়ৰ পৰাই অৱহেলিত তথা বঞ্চিত অসমৰ জনসাধাৰণ : ডঃ হীৰেণ গোঁহাই

author img

By

Published : Dec 21, 2019, 9:37 PM IST

Updated : Dec 21, 2019, 11:31 PM IST

সাংবাদিকসকলে আয়োজন কৰা গণ বিক্ষোভ কাৰ্যসূচীত অংশ লৈ বিশিষ্ট সাহিত্যিক হীৰেণ গোঁহায়ে সাংবাদিকসকলক উদ্দেশ্যি কয়,আইনখনে থলুৱা ৰাইজৰ কাৰণে বিপদ মাতি আনিছে ৷ সাংবাদিকৰ কাম হৈছে নিৰপেক্ষভাৱে তথ্যভিত্তিক বাতৰি পৰিবেশন কৰা, কিন্তু দেশৰ বিপদৰ সময়ত নিৰপেক্ষৰতাৰ অৱকাশ নাথাকে ৷

গোঁহায়ে সাংবাদিকসকলক উদ্দেশ্যি কয়,আইনখনে থলুৱা ৰাইজৰ কাৰণে বিপদ মাতি আনিছে
সাংবাদিকসকলে আয়োজন কৰে গণ বিক্ষোভ কাৰ্যসূচী

গুৱাহাটী,21 ডিচেম্বৰঃ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত অনুষ্ঠিত হয় এক গণ অৱস্থান কাৰ্যসূচী । এই কাৰ্যসূচীত অংশ লয় সাহিত্যিক হীৰেণ গোহাঁই,প্ৰশান্ত ৰাজগুৰুকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ‌। হীৰেণ গোঁহায়ে সাংবাদিকসকলক উদ্দেশ্যি কয়,এই আইনখনে থলুৱা ৰাইজৰ কাৰণে বিপদ মাতি আনিছে ৷ অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত চৰকাৰে যি অশান্তি আৰু সংঘাতৰ সৃষ্টি কৰিব খুজিছে সেই সম্পৰ্কে সাংবাদিকসকলে ৰাইজক অৱগত কৰি আছে ।

স্বাধীনতাৰ সময়ৰ পৰাই অৱহেলিত,বঞ্চিত অসমৰ জনসাধাৰণঃহীৰেণ গোঁহাই

সাংবাদিকৰ কাম হৈছে নিৰপেক্ষভাৱে তথ্যভিত্তিক বাতৰি পৰিবেশন কৰা । কিন্তু দেশৰ বিপদৰ সময়ত নিৰপেক্ষৰতাৰ অৱকাশ নাথাকে । বৰ্তমান ৰাজ্যৰ পৰিস্থিতি সম্পৰ্কে বুজাই নক’লেও হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাহিত্যিক গৰাকীয়ে । লগতে অসমৰ থলুৱা ৰাইজে স্বাধীনতাৰ সময়ৰ পৰাই অৱহেলিত,বঞ্চিত হৈ আহিছে বুলি ক্ষোভ উজাৰে ৷

লগতে চাওকঃৰাজ্যত হিংসাত্মক প্ৰতিবাদৰ তদন্তৰ বাবে বিশেষ দল গঠন

Intro:জাতিধ্বংসী নাগৰিকত্ব আইন বাতিলৰ দাবীৰে আন্দোলনত নামিল সদৌ অসম সাংবাদিক সন্থা ।

Body:শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সন্থাই কা বাতিলৰ দাবীত গ্ৰহণ কৰে এক গণ অৱস্থান কাৰ্যসূচী । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় বিশিষ্ট সাহিত্যিক হীৰেণ গোহাঁই, প্ৰশান্ত ৰাজগুৰুকে আদি কৰি বহু সংখ্যক লোক ‌।প্ৰতিবাদত উপস্থিত হৈ হীৰেণ গোহাঁয়ে কয় যে এই কা আইন খনে অসমৰ থলুৱা ৰাইজৰ কাৰণে যি বিপদ মাতি আনিছে অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত যি অশান্তি আৰু সংঘাতৰ পৰিবেশৰ সৃষ্টি কৰিব খুজিছে সেই সম্পৰ্কে আপোনালোকে মানুহক অৱগত কৰি আছে । সাংবাদিকৰ কাম আচলতে নিৰপেক্ষভাৱে তথ্য পৰিবেশন কৰা । কিন্তু যেতিয়া দেশৰ বিপদ হয় সেই সময়ত নিৰপেক্ষৰতাৰ অৱকাশ নাথাকে । যি ধৰনে আমাৰ দেশ বিপদগ্ৰস্ত হৈছে মই বুজাই নকলেও হব বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । আমাৰ অসমৰ থলুৱা ৰাইজ স্বাধীনতাৰ পৰাই অৱহেলিত ,বঞ্চিত হৈ আহিছে বুলি ক্ষোভ উজাৰে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
Last Updated : Dec 21, 2019, 11:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.