ETV Bharat / state

জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ - জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

স্বায়ত্বশাসন আৰু জনজাতিকৰণৰ দাবীত গুৱাহাটীৰ চচলত চুতীয়া ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া অৱস্থান ধর্মঘট পালন (Chutia Student Union protest) । জনজাতিকৰণক লৈ ৰাজনীতি নকৰিবলৈ চৰকাৰক চৰম সকিয়নী চুতীয়া ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ ।

aacsu-protest-in-guwahati
জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Mar 28, 2022, 9:19 PM IST

গুৱাহাটী, ২৮ মার্চ : অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক কন্ঠ অনুসূচীৰ আধাৰত স্বায়ত্বশাসন আৰু জনজাতিকৰণৰ মর্যদা প্রদানৰ দাবীত সোমবাৰে গুৱাহাটীৰ চচলত সদৌ অসম চুতীয়া ছাত্র সন্থাই ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে(All Assam Chutia Students Union Protest in Guwahati) ।

অৱস্থান ধর্মঘট কাৰ্যসূচীত অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা প্রায় চাৰি শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰি চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই স্বায়ত্বশাসন প্রদান কৰক, চুতীয়া জনগোষ্ঠীক শীঘ্রেই জনজাতিকৰণৰ মর্যাদা প্ৰদান কৰক, জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, জনজাতিৰ মর্যাদা আমাক লাগিবই, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, নৰেন্দ্র মোদী গ'বেক, জনজাতিকৰণক লৈ ৰাজনীতি নচলিব, নৰেন্দ্ৰ মোদী মিছলীয়া আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে(Chutia student body stages protest) ।

ইফালে, অৱস্থান ধর্মঘটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শ‍ইকীয়াই চৰকাৰক তীব্র সমালোচনা কৰি কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে চুতীয়া সকলৰ দীঘদিনীয়া দাবী জনজাতিকৰণ বিষয়টোক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে ৷ লগতে চুতীয়াসকলৰ আবেগ অনুভূতিক সম্মান জনাই শীঘ্ৰেই জনজাতিৰ মর্যাদা আৰু স্বায়ত্বশাসন প্ৰদান কৰিবৰ বাবে দাবী জনালে সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে ।

জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে, কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি মহেন বৰাই চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্ৰদানৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলোৱা ৰাজনীতি শীঘ্ৰেই বন্ধ কৰিবৰ বাবে সকিয়নী প্রদান কৰে । শীঘ্রেই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্রদান নকৰিলে বিজেপি চৰকাৰক ইয়াৰ ফল ভোগ কৰিবলৈ সাজু থাকিবৰ বাবে সকিয়নী প্রদান কৰে ।

আনহাতে, চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰাজু চুতীয়াই কয় যে, নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্রদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও দুবাৰকৈ বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতো জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । সেয়ে সম্পাদকগৰাকীয়ে অতি শীঘ্ৰেই চুতীয়া জনগোষ্ঠীক স্বায়ত্বশাসন আৰু জনজাতিৰ মৰ্যাদা প্রদান কৰিবৰ বাবে দাবী জনায় ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সভাপতি অমিয় কুমাৰ বৰা আৰু সন্মিলনৰ সাধাৰণ সম্পাদক পৱন চুতীয়া ।

লগতে পঢ়ক : Birbhum killings : তৃণমূল কংগ্ৰেছৰ নেতাক চিবিআইৰ জেৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.