গুৱাহাটী,২৬ এপ্ৰিল: কাইলৈ(মঙলবাৰ)ৰ পৰা কামৰূপ(ম) জিলাত বন্ধ হৈ পৰিব সকলো বিদ্যালয়, মহাবিদ্যালয়, হোষ্টেল আৰু ক'চিং চেন্টাৰ । শেহতীয়াকৈ ক'ভিড সংক্ৰমণ ভয়ানক ভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
আজি নিশা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই এক টুইটযোগে ঘোষণা কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা । টুইটটোত তেওঁ লগতে এই বুলিও প্ৰকাশ কৰিছে যে, পৰৱৰ্তী সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য জিলাসমূহতো অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হ‘ব ।
লগতে পঢ়ক: বিহমাৰী সাপ্তাহিক বজাৰত ক'ভিডৰ নীতি উলংঘা