ETV Bharat / state

মানুহে মানুহৰ বাবে - আংশিক লকডাউন

কৰ’ণাৰ আংশিক লকডাউনৰ ফলত খাদ্য-সামগ্ৰীৰ সংকটৰ সন্মুখীন হোৱা মহানগৰীৰ ডেৰ শতাধিক লোকক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ ৷

akshay-patra-foundation-came-forward-to-help-the-needy-in-covid-situation
মানুহে মানুহৰ বাবে
author img

By

Published : Sep 4, 2021, 8:42 PM IST

গুৱাহাটী, ৪ ছেপ্টেম্বৰ : মাৰাত্মক কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি অব্যাহত থকা আংশিক লকডাউনৰ ফলত বহু দুখীয়া আৰু শ্ৰমজীৱী লোকৰ মাজত খাদ্য-সামগ্ৰীৰ নাটনিয়ে দেখা দিছে । বিশেষকৈ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকল সন্মুখীন হৈছে খাদ্য সংকটৰ । অৱশ্যে তাৰ মাজতে একাংশ দল-সংগঠন তথা হৃদয়বান লোকে এনে লোকক যথাসাধ্য খাদ্য সামগ্ৰী যোগান ধৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে ।

ব্যতিক্ৰম নহয় মহানগৰীৰ এটা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন অক্ষয় ফাউণ্ডেচন । কৰ’নণা মহামাৰীৰ বাবে আৰ্থিক দৈন্যতাৰ সন্মুখীন হোৱা বহু দৰিদ্ৰ লোকক মহানগৰীৰ ভিন্ন প্ৰান্তত সহায়ৰ হাত আগবঢ়াই আহিছে অক্ষয় ফাউণ্ডেচনে । শনিবাৰে, অক্ষয় পাত্ৰ ফাউণ্ডেছনে জ্যোতিনগৰ উন্নয়ন সমিতিৰ সহযোগত একাংশ মহামাৰীৰ পৰা আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে ।

দিনৰ ভাগত জ্যোতিনগৰ তিনিআলিত অনুষ্ঠিত হোৱা খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত প্ৰায় 127 জন দিন-হাজিৰা কৰা লোকক চাউল, দালি, চেনী, চাহপাত, চেনী আদিকে ধৰি নিত্য আৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰা হয় ।

এই খাদ্য-সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বৃহত্তৰ জ্যোতিনগৰ উন্নয়ন সমিতিৰ সম্পাদক তথা সমাজ কৰ্মী হৰেকৃষ্ণ তালুকদাৰ, অক্ষয় ফাউণ্ডেচনৰ সদস্য হীৰক বৰুৱা আৰু কামৰূপ মহানগৰ জিলা আইন প্ৰাধিকাৰী সদস্য মৃদুল শৰ্মা আৰু বাবুল হাজৰিকা আদি । সম্প্ৰতি স্বেচ্ছাসেৱী সংগঠনটোৰ এনেধৰণৰ মানৱ হিতৈষী কাৰ্যৰ শলাগ লৈছে সচেতন মহলে ৷

লগতে পঢ়ক : Drug mafia saga: ৰাজ্যত ড্ৰাগছ মাফিয়াৰ ৰূপত মহিলাৰ আত্মপ্ৰকাশ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.