গুৱাহাটী, 10 মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দুবছৰ সম্পূৰ্ণ কৰিছে ৷ চৰকাৰখনে দুবছৰ সম্পূৰ্ণ কৰাৰ প্ৰাকমুহূৰ্তত চৰকাৰে দুবছৰীয়া শাসনৰ গুণানুকীৰ্তন কৰি থকাৰ সময়তে ৰাইজৰ দলৰ নেতা তথা বিৰোধী বিধায়ক অখিল গগৈয়ে চৰকাৰৰ কাম-কাজৰ প্ৰতি সমালোচনামুখৰ হৈ পৰে (Akhil Gogoi slams Himanta) ৷
এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে গুৱাহাটীৰ বাসভৱনত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সমালোচনাত্মক হৈ পৰে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেয়া কথাবোৰক ভাল কথা বুলি প্ৰচাৰ কৰিব পৰাতো তেওঁৰ দুবছৰীয়া কাৰ্যকালৰ সাফল্য বুলি গণ্য কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে দাবী কৰা শান্তি অসমক মৰিশালী শান্তিৰ অসম বুলি গগৈয়ে মন্তব্য কৰে (Akhil Gogoi on Himanata Biswa) ৷
অখিল গগৈয়ে কয়, ‘‘মানুহে এতিয়া মুখ্যমন্ত্ৰীৰ ভয়ত মাত মাতিবলৈ ভয় কৰে ৷ মুখ্যমন্ত্ৰীয়ে শান্তিৰ অসমৰ কথা কৈছে, এইয়া মৰিশালীৰ শান্তি ৷ ৰাইজ আজি ভীতিগ্ৰস্ত ৷ কথা ক’লেই জে’লত ভৰাই দিয়াৰ ভয় মানুহৰ মনত ৷’’
কেশৱ মহন্তৰ ‘‘এখন দেশত এজন ৰজা আছিল...’’ গীতৰ প্ৰসংগ উল্লেখ কৰি অখিল গগৈয়ে কয়, ‘‘আজিৰ শাসন ল’ৰা ৰজাৰ শাসনৰ দৰে হৈছে ৷ ভুৱা এনকাউণ্টাৰত মানুহ মাৰিছে, আৰু তাৰ পিচত শান্তিৰ অসমৰ কথা কৈছে ৷’’
তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ দুবছৰৰ কাৰ্যকালত আৰক্ষীৰ হাতত ভুৱা এনকাউন্টাৰত ৬৪ জনৰ মৃত্যু হৈছে ৷ শতাধিক ঘূণীয়া হৈছে ৷ এয়া ৰাষ্ট্ৰৰ শোষণ হৈছে ৷ এয়া শান্তিৰ অসম নহয় ৷ মৰিশালীৰ শান্তিৰ অসম ৷ দিনক ৰাতি কৰিব পৰাতো এই চৰকাৰৰ বৃহৎ সফলতা ৷ এই চৰকাৰে গণতান্ত্ৰিক ব্যৱস্থাক মষিমূৰ কৰিছে ৷
অখিল গগৈয়ে সংবাদমেলত কয়, ‘‘থানাত কোনটো গোচৰ পঞ্জীয়ন হ’ব সেয়া মুখ্যমন্ত্ৰীয়ে ঠিক কৰে ৷ অপৰাধমুক্ত অসম গঢ়ি তোলাৰ ছবি এখন ডাঙি ধৰাৰ বাবে থানাত গোচৰ পঞ্জীয়ন নকৰে ৷ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন নহয় ৷ অপৰাধ কৰিলেও বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন নহয় ৷ হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে গোচৰ পঞ্জীয়ন নহয় ৷ কিন্তু চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে বা ছ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে লিখিলে থানাত গোচৰ তৎমুহূৰ্ত পঞ্জীয়ন হয় ৷ এইখনেই এতিয়া মুখ্যমন্ত্ৰীৰ শান্তিৰ অসম ৷
লগতে পঢ়ক: 2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত যোৰহাটবাসী ৰাইজৰ মতামত