ETV Bharat / state

উচ্ছেদিত পৰিয়ালৰ সৈতে প্ৰতিবাদত বহিল অখিল গগৈ

author img

By

Published : May 17, 2022, 10:24 PM IST

পুনৰ ৰাজপথৰ প্ৰতিবাদত বহিল অখিল গগৈ ৷ দীৰ্ঘদিনৰ মূৰত মঙলবাৰে ৰাজপথত প্ৰতিবাদকাৰীৰ সৈতে বহিল অখিল গগৈ ৷ গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদত(Eviction drive at Silsaku beel) গৃহহাৰা হোৱা লোকসকলৰ সৈতে প্ৰতিবাদত বহি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়কগৰাকী ৷ আনহাতে প্ৰতিবাদস্থলীত গৃহহীন লোকসকলে সৃষ্টি কৰিলে শোকাকুল পৰিৱেশৰ ৷

Eviction drive at Silsaku beel
উচ্ছেদিত পৰিয়ালৰ সৈতে প্ৰতিবাদত বহিল অখিল গগৈ

গুৱাহাটী, ১৭ মে’: গুৱাহাটীৰ শিলসাঁকো বিলৰ পাৰত দীৰ্ঘদিনে বসবাস কৰা খিলঞ্জীয়া লোকক চৰকাৰে উচ্ছেদ(Eviction drive at Silsaku beel) কৰাক কেন্দ্ৰ কৰি দল-সংগঠনৰ মাজত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ । উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত মঙলবাৰে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Protest against eviction at Sasal)।

দিনৰ ১১ বজাৰ পৰা ২ বজালৈ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ পৰা অহা সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মীৰ লগতে শিলসাঁকো বিলৰ উচ্ছেদ অভিযানত উচ্ছেদিত পৰিয়ালৰ লোকসকলে অংশগ্ৰহণ কৰে । উচ্ছেদিত লোকক চৰকাৰে অতি সোনকালে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই শিলসাঁকো বিলৰ বুকুত দীৰ্ঘদিন ধৰি ঘৰ নিৰ্মাণ কৰি বসবাস কৰি থকা খিলঞ্জীয়া লোকক বৰ্বৰভাৱে উচ্ছেদ চলোৱা চৰকাৰখনে উক্ত জলাশয়ৰ ভূমি বেদখল কৰি অবৈধভাৱে নিৰ্মান কৰা জিনজাৰ হোটেল, হিম্মত সিংকাৰ সুউচ্চ অট্টালিকা আইডেল হিলভিউ, আজমলৰ ভূমিৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহলৈ নিৰ্মাণ কৰা পথ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিবলৈ সাহস কৰিব পাৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিজেপি চৰকাৰখনে খিলঞ্জীয়া লোকক উচ্ছেদ চলোৱাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (Akhil Gogoi protest against eviction)। সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে কয়, শিলসাঁকোত খিলঞ্জীয়া লোকৰ ওপৰত চলা এই উচ্ছেদ এক ঐতিহাসিক অন্যায় । এই অন্যায় কেতিয়াও মানি লোৱা নহ’ব ।

তেওঁ লগতে কয়, আমি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ বাবে বহু আন্দোলন কৰিছিলোঁ, কিন্তু গুৱাহাটীবাসী বিজেপিমুখী হৈ এতিয়া তাৰ ফলাফল নিজেই ভোগ কৰি আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । গুৱাহাটীবাসীয়ে যদি চৰকাৰৰ এনে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই নাহে তেন্তে ইজনৰ পিছত সিজন এনে অত্যাচাৰৰ বলি হ’ব বুলি তেওঁ ব্যক্ত কৰে ।

ইয়াৰোপৰি তেওঁ কয়, শিলসাঁকোৰ উচ্ছেদিত ৰাইজে যদি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তেন্তে ইয়াৰ নেতৃত্ব কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে গ্ৰহণ কৰিব । শিলসাঁকো বিলত খিলঞ্জীয়াক উচ্ছদৰ তীব্ৰ বিৰোধিতা কৰি গগৈয়ে পুনৰ কয়, চৰকাৰে যদি সঁচাকৈয়ে উচ্ছেদ কৰিব বিচাৰিছে তেন্তে শিলসাঁকো জলাশয়ৰ মাটি বেদখল কৰি নিৰ্মাণ কৰা জিনজাৰ হোটেল, হিম্মত সিংকাৰ অট্টালিকা উচ্ছেদ কৰক ৷

ইয়াৰোপৰি আজমল ফাউণ্ডেশ্বনৰ মাটি উচ্ছেদ কৰিলে আমি অসমীয়া মানুহে মাটি এৰি দিম বুলি কয় অখিল গগৈয়ে । বিজেপি চৰকাৰৰ প্ৰতি মানুহ কেতিয়া মোহভংগ হ’ব তালৈকে অখিল গগৈ ৰৈ থকা বুলি মন্তব্য কৰে ৷ বিজেপিক ভোট দিয়াৰ বাবে খিলঞ্জীয়াৰ আজিৰ এই অৱস্থা হোৱা বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে, বিজেপিৰ চৰিত্ৰ যেতিয়া প্ৰত্যেকজন অসমীয়াই বুজি উঠিব তেতিয়াই অখিল গগৈ পুনৰ আগৰ দৰে আকৌ সংগ্ৰামত জঁপিয়াই পৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । মঙলবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত আম আদমী পাৰ্টীৰ কেইবাজনো সদস্যও অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: সংকট মোচনৰ বাবে ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.