ETV Bharat / state

ADR controversy: নিযুক্তি প্ৰক্ৰিয়াকলৈ শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ; তুলিলে বিস্ফোৰক অভিযোগ - শিৱসাগৰৰ বিধায়ক অখিল গগৈ

"চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং আছে ৷ এটা ৰোল নম্বৰৰ প্ৰাৰ্থী একাধিক পদত বাছনি কৰা হৈছে । চৰকাৰখনে এক লাখ নিযুক্তি দিম বুলি কোৱা প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে ৷" চৰকাৰক তুলাধুনা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ (One lakh appointments in Assam)৷

Akhil Gogoi press meet on one lakh appointments in Assam
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰতো এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে
author img

By

Published : May 7, 2023, 9:07 PM IST

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰতো এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে

গুৱাহাটী, 7 মে': অহা 11 মে’ত দুবছৰ সম্পূৰ্ণ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ দুবছৰৰ বৰ্ষপূতিৰ দিনটোতেই এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিচতেই চৰকাৰৰ এই প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi press meet) ৷

‘‘এবছৰ কি দুবছৰতো এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে’’ এই অভিযোগ উত্থাপন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (One lakh appointments in Assam) । দেওবাৰে গুৱাহাটীৰ নিজৰাপাৰস্থিত বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে চৰকাৰৰ 1 লাখ নিযুক্তি সন্দৰ্ভত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ।

বিধায়কগৰাকীয়ে কয় যে, চৰকাৰী তথ্য মতে মাৰ্চ মাহ পৰ্যন্ত 41,920 টা পদত নিযুক্তি দিয়া হৈছে । তাৰ পাচত এতিয়ালৈকে 39,567 টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এইসকল প্ৰাৰ্থীক 11 মে'ত আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্ৰদান কৰা হ'ব (Assam govt appointments)। সেই হিচাপত নিযুক্তি দিয়া পৰিমাণ হ'ব 81,487 গৰাকী ।

‘‘চৰকাৰখনে এবছৰত এক লাখ নিযুক্তি দিম বুলি কোৱা প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে । দুবছৰতো এতিয়ালৈকে এক লাখ নিযুক্তি দিব পৰা নাই । চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তিত 50 হাজাৰ নিযুক্তি দিয়াৰ কথা কৈ আছে । কিন্তু 11 মে'ত নিযুক্তি দিলে মুঠ নিযুক্তিৰ পৰিমাণ হ'ব 81,487 টা ৷’’ এই তথ্য প্ৰকাশ কৰে অখিল গগৈয়ে (MLA Akhil Gogoi slams Assam govt) ।

তেওঁ লগতে কয়, "অৰ্থাৎ দুবছৰতো প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ (Akhil Gogoi slams Assam CM)। কিন্তু এই সংখ্যাও সম্পূৰ্ণ নহয় । কিয়নো ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং আছে । এটা ৰোল নম্বৰৰ এগৰাকী প্ৰাৰ্থী 45 টা বিভাগত বাছনি হৈছে । 11 মে'ত প্ৰদান কৰিবলগীয়া 39,567 টা পদৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মাত্ৰ 20 হাজাৰ প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি । ইয়াৰে 19 হাজাৰ প্ৰাৰ্থী অভাৰলেপিং ব্যৱস্থাত সোমাই থাকিব । যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ লাখ লাখ নিবনুৱাক দুবছৰত 1 লাখ নিযুক্তিৰ সপোন প্ৰকৃততে সপোন হৈয়ে ৰ'ব । কাৰ্যক্ষেত্ৰত সম্পন্ন নহয় এক লাখ নিযুক্তি ।"

গগৈয়ে লগতে কয় যে, ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাত এটা ৰোল নম্বৰৰ বিপৰীতে এটা পদৰ পদ পূৰণৰ ব্যৱস্থা নাই । ইয়াৰ বিপৰীতে এটা ৰোল নম্বৰৰ প্ৰাৰ্থী একাধিক পদত বাছনি কৰা হৈছে । ইয়াৰ অৰ্থ এইটো যে একাধিক পদত বাছনি হোৱা এগৰাকী প্ৰাৰ্থী যি কোনো এটা পদত নিযুক্ত হ'ব আৰু বাকীবোৰ পদ খালী হৈ থাকিব । যি পদ পূৰণৰ বাবে নাই কোনো ৱেটিং লিষ্টৰ ব্যৱস্থা ।

ইপিনে ৰাজ্যত 1 লাখ নিবনুৱাক নিযুক্তি সম্পন্ন দিনটোত বিৰোধী দলৰ দলপতি আৰু বিধায়ক অখিল গগৈক নিমন্ত্ৰণৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী শৰ্মাই । যাতে, নিবনুৱাৰ নিযুক্তি পৰ্ব অনুষ্ঠান এজন এজনকৈ প্ৰাৰ্থীৰ নিযুক্তিৰ হিচাপ কৰিব পাৰে দুগৰাকী বিধায়কে । কিন্তু এতিয়ালৈ তেওঁ নিমন্ত্ৰণী পত্ৰ লাভ কৰা নাই বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Karnataka Election 2023 : কৰ্ণাটকত প্ৰতিশ্ৰুতিৰ ৰাজনীতি, খালী হ'ব ৰাজকোষ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.