গুৱাহাটী, 17 ডিচেম্বৰঃ অখিল গগৈক দহ দিনৰ বাবে এন আই এৰ জিম্মালৈ প্ৰেৰণ ৷ অহা 26 ডিচেম্বৰত পুনৰ তেখেতক এন আই এৰ আদালতত হাজিৰ কৰা হ’ব ৷ মঙলবাৰে যোৰহাটৰ পৰা বিমানযোগে গুৱাহাটীলৈ আনি এন আই এৰ আদালতত হাজিৰ কৰা হয় অখিল গগৈক ৷
উল্লেখ্য যে, ইউ এ পি এ'ৰ অধীনত ১২০ (বি) ১২৪ (এ) আৰু ১৫৩(এ) ১৫৩(বি) ধাৰাৰ লগতে ইউ এ পি এ(এ) সংলগ্ন ১৮/৩৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে কৃষক নেতাগৰাকীৰ বিৰুদ্ধে ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক ৷ আনহাতে,আদালত চৌহদত মোক প্ৰচণ্ড অত্যাচাৰ চলোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে কৃষক নেতাগৰাকীয়ে ৷
লগতে পঢ়ক- নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত অসমীয়াৰ প্ৰতিবাদ