ETV Bharat / state

বিধায়ক হিচাপে শপত ল’লে অখিল গগৈয়ে - বিলাসী গাড়ী

21 মে’ত বিধানসভাত শপত ল’লে ৰাজ্যৰ নৱ নিৰ্বাচিত বিধায়কসকলে ৷ নিয়াৰ আদালতৰ পৰা কিছু সময়ৰ বাবে জামিনৰ অনুমতি লৈ শপত ল’বলৈ আহিল অখিল গগৈ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুৱা প্ৰায় 9.15 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বিধানসভালৈ লৈ যোৱা হয় অখিল গগৈক ৷

বিধায়ক হিচাপে শপত ল’লে অখিল গগৈয়ে
বিধায়ক হিচাপে শপত ল’লে অখিল গগৈয়ে
author img

By

Published : May 21, 2021, 9:33 PM IST

নিউজ ডেস্ক,21 মে’: ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত প্ৰায় 18 টা মাহ বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে কৃষক নেতা অখিল গগৈয়ে ৷ বন্দী হিচাপেই 2021ৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা আগবঢ়ালে প্ৰতিদ্বন্দ্বিতা ৷ শিৱসাগৰ সমষ্টিৰ ৰাইজে বিপুল ভোটেৰে জয়ী কৰালে অখিল গগৈক ৷ অখিল গগৈ বিধায়ক হ’ল, কিন্তু তেওঁৰ বাবে ৰুদ্ধ হৈয়ে থাকিল কাৰাগাৰৰ দ্বাৰ ৷ জামিন লাভৰ পথ এতিয়াও প্ৰশস্ত হোৱা নাই এইগৰাকী নেতাৰ ৷

বিধায়ক হিচাপে শপত ল’লে অখিল গগৈয়ে

21 মে’ত বিধানসভাত শপত ল’লে ৰাজ্যৰ নৱ নিৰ্বাচিত বিধায়কসকলে ৷ নিয়াৰ আদালতৰ পৰা কিছু সময়ৰ বাবে জামিনৰ অনুমতি লৈ শপত ল’বলৈ আহিল অখিল গগৈ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুৱা প্ৰায় 9.15 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বিধানসভালৈ লৈ যোৱা হয় অখিল গগৈক ৷ আন বিধায়কসকলতকৈ কিছু পৃথক আছিল অখিল গগৈৰ এই যাত্ৰা ৷ বিলাসী গাড়ীৰ পৰিৱৰ্তে কাৰাগাৰৰ কয়দী কঢ়িওৱা গাড়ীত শপত ল’বলৈ আহিল অখিল গগৈ ৷

কিন্তু জিএমচিএইচৰ পৰা বিধানসভালৈ অহাৰ সময়ত অখিল গগৈক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে বিধায়কগৰাকীয়ে ৷ তাৰোপৰি তেওঁক বিধানসভাত প্ৰৱেশ কৰোৱাৰ সময়তো ক’ভিড প্ৰট’কল ভংগ কৰা পৰিলক্ষিত হয় ৷ বাৰে বাৰে অখিল গগৈ খৰ্গহস্ত হৈ পৰে ৷

শপত গ্ৰহণ কৰি ৰাজনৈতিকভাৱে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়াৰ বাবে শিৱসাগৰবাসীক পুনৰ এবাৰ ধন্যবাদ জনালে অখিল গগৈয়ে ৷ তেওঁ কয় যে, প্ৰাৰ্থী নেদেখাকৈ কেৱল ৰাজনৈতিক আদৰ্শ আৰু কাৰ্যকলাপ চাই অখিল গগৈক জয়ী কৰাই শিৱসাগৰৰ ৰাইজে ইতিহাস ৰচিলে ৷

আনহাতে, ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে অখিল গগৈয়ে ৷ অসমৰ প্ৰতিটো প্ৰান্তত ঘৰে ঘৰে ক’ভিড পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াভাৱে পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাই বিধায়ক গগৈয়ে ৷ নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, বিদ্যালয় আদিত প্ৰতিষেধক প্ৰদান শিবিৰ স্থাপনৰ আহ্বান অখিল গগৈৰ ৷ সকলো বিষয় সামৰি মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে বিধায়ক গৰাকীয়ে ৷

শপত গ্ৰহণৰ পাচতে পুনৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় অখিল গগৈক ৷ শপত গ্ৰহণ কালত বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ সৈতে সৌহাৰ্দপূৰ্ণভাৱে বাৰ্তালাপ কৰা দেখা গ’ল অখিল গগৈক ৷ উল্লেখ্য যে, তিনিদিন ধৰি চলিব বিধানসভাৰ অধিৱেশন ৷ পৰৱৰ্তী দুদিনত অখিল গগৈক হয়তো দেখা পোৱা নাযাব বিধানসভাত ৷ সকলোৰে এতিয়া উৎকণ্ঠা, কেতিয়া মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ ?

লগতে পঢ়ক: শোণিতপুৰৰ লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.