ETV Bharat / state

নিৰ্বাচনী বিজয়ে প্ৰভাৱিত নকৰিব অখিলৰ জামিনত

author img

By

Published : May 3, 2021, 5:35 PM IST

শিৱসাগৰৰ জনতাই বিজয়মালা পিন্ধালে কৃষক নেতা অখিল গগৈক ।‌‌ কিন্তু এই‌ বিজয়ে কাৰাগাৰৰ পৰা‌ উলিয়াই আনিব পাৰিবনে তেওঁক ! নে স্বাভাৱিক গতিতে আগবাঢ়িব আইনী প্ৰক্ৰিয়া ! অসমৰ প্ৰতি গৰাকী সচেতন লোকৰ মনত উত্থাপিত এই প্ৰশ্নৰ‌ উত্তৰ কি ?

AKHIL GOGOI  NIA CASE BAIL AFTER ELECTION RESULT
শিৱসাগৰৰ জনতাই বিজয় মালা পিন্ধালে কৃষক নেতা অখিল গগৈক

গুৱাহাটী,৩ মে': অৱশেষত শিৱসাগৰৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদ লৈ কৃষক নেতা অখিল গগৈ অসম বিধানসভালৈ নিৰ্বাচিত হ'ল । দেওবাৰে ঘোষিত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ মাজত অখিল গগৈৰ বিজয়ৰ খবৰতো আছিল অসমৰ সংগ্ৰামী ৰাইজৰ বাবে আশাৰ খবৰ ।

বহুতেই হয়টো ভাবিছে যে, এই বিজয়ে জন প্ৰতিনিধিত পৰিণত কৰা‌ ৰাইজৰ দলৰ সভাপতি তথা কৃষক নেতা অখিল গগৈক কাৰাবন্দী অৱস্থাৰ পৰা‌ মোকোলাই আনিব ।‌‌ কিন্তু ‌‌আচলতে এই ইতিবাচক ৰাজনৈতিক পৰিঘটনাই অখিল গগৈৰ জামিন লাভৰ আইনী প্ৰক্ৰিয়াক কোনো ধৰণে প্ৰভাৱিত নকৰে । অৰ্থাৎ অখিল গগৈৰ এনআই‌এ আদালতত চলি থকা গোচৰ প্ৰক্ৰিয়া সাধাৰণভাৱে আগবাঢ়ি থাকিব ।

সোমবাৰে এই কথা জানিবলৈ দিছে গগৈৰ অধিবক্তা শান্তনু বৰঠাকুৰে । অধিবক্তা বৰঠাকুৰে ইটিভি ভাৰতক জনোৱা মতে, ইতিমধ্যে শুনানি প্ৰক্ৰিয়া আৰম্ভ হোৱা অখিল গগৈৰ এনআইএ আদালতৰ গোচৰটোৰ আইনী প্ৰক্ৰিয়া চলি আছে ৷ নিৰ্বাচনৰ ফলাফলৰ লগত জামিন প্ৰদানৰ কোনো সম্পৰ্ক নাই ।‌‌

উল্লেখযোগ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ‌‌‌ নেতা অখিল গগৈৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছিল ৷ এটা গোচৰৰ বিপৰীতে তেওঁ যোৱা বছৰৰ অক্টোবৰ মাহত জামিন লাভ কৰিছিল । জামিন পোৱা গোচৰতো আছিল চাবুৱা থানাত ৰুজু হোৱা আৰু এনআইএ-লৈ হস্তান্তৰ হোৱা এটা গোচৰ ।

আনহাতে, ২০১৯ চনৰ ১২ ডিচেম্বৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল যোৰহাটৰ পৰা । 'কা' বিৰোধী আন্দোলনৰ নামত দেশ বিৰোধী কামত নিয়োজিত হোৱাৰ অভিযোগত বন্দী হৈ থকা অখিল গগৈৰ বিৰুদ্ধে এনআই‌এ-ৰ আদালতত চলি থকা গোচৰৰ শুনানি দীঘলীয়া হ'ব পাৰে বুলিও আশংকা কৰা হৈছে ।

ইফালে, দেওবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয় লাভ কৰা কৃষক নেতা অখিল গগৈয়ে বিধানসভাৰ মজিয়াত সবল ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে নিজকে প্ৰস্তুত কৰিছে ।‌‌ ইতিমধ্যে তেওঁৰ নামত বিধায়ক আৱাস চৌহদত থকা ৫৩ নং আৱাসটো আৱণ্টন দিয়া হৈছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: বৃন্দাবন গোস্বামীৰ চৰকাৰী আৱাসগৃহ বাচনি কৰিলে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.