ETV Bharat / state

Akhil Gogoi meets Assam CM: অখিল গগৈৰ কি প্ৰস্তাৱক ১০০ শতাংশ সঁহাৰি দিলে মুখ্যমন্ত্ৰীয়ে ? - Meeting on Rangghar project

সোমবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বিশেষ বৈঠকত উপস্থিত থাকে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । বৈঠকত উপস্থিত থাকি গগৈয়ে আগবঢ়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । মুখ্যমন্ত্ৰীয়ে গগৈৰ প্ৰস্তাৱক সঁহাৰি দিয়া বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে (Akhil Gogoi meets Assam CM)।

A special meeting on Rangghar project
অখিল গগৈৰ ১০০ শতাংশ প্ৰস্তাৱক সঁহাৰি মুখ্যমন্ত্ৰীৰ
author img

By

Published : Apr 24, 2023, 7:28 PM IST

অখিল গগৈৰ কি প্ৰস্তাৱক ১০০ শতাংশ সঁহাৰি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৪ এপ্ৰিল: ৰংঘৰ প্ৰকল্পক লৈ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বৈঠক (Akhil Gogoi meets Assam CM) । বৈঠকত ৰংঘৰ প্ৰকল্পৰ বিসংগতি সম্পৰ্কে আলোচনা কৰা হয় । শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সমগ্ৰ প্ৰকল্পক লৈ কেইবাটাও পৰামৰ্শ আগবঢ়ায় । বিধায়ক অখিল গগৈৰ প্ৰায় ১০০ শতাংশ প্ৰস্তাৱ মুখ্যমন্ত্ৰীয়ে মানি লোৱা বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে (A special meeting on Rangghar project) ।

বৈঠকৰ শেষত অখিল গগৈয়ে তেওঁৰ বহু দিনৰ সপোন পূৰণ হ'ল বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰে । আৰম্ভণিৰে পৰা শিৱসাগৰক লৈ দেখা তেওঁৰ সপোন আছিল বুলি উল্লেখ কৰে । তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে সদিচ্ছা দেখুৱাইছে আৰু তেওঁৰ পৰামৰ্শত সন্মত জনাইছে ৷ প্ৰধানমন্ত্ৰীয়ে ডিজিটেলি আধাৰশিলা স্থাপন কৰা ১৫০ কোটিৰো অধিক টকাৰ ৰংঘৰ প্ৰকল্পৰ নিবিদা ১০ মে'ত মুকলি হ'ব বুলিও জানিবলৈ দিয়ে গগৈয়ে ।

লগতে তেওঁ কয় যে, ৰংঘৰ প্ৰকল্প আটক ধুনীয়া হ'ব । ৰংঘৰক মূল হিচাপে কেন্দ্ৰ কৰি প্ৰকল্প হ'ব । নিৰ্মাণ হ'বলগীয়া প্ৰকল্প যাতে ৰংঘৰতকৈ ওখ নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক পৰামৰ্শ আগবঢ়াই গগৈয়ে । এই প্ৰকল্পত অসমৰ সমাজ জীৱনৰ প্ৰতিটো দিশ, প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো সমল থাকিব । ছ্যুকাফা, প্ৰমত্ত সিঙকে ধৰি আহোম ৰজা সকলৰ প্ৰতিমূৰ্তি থাকিব বুলিও কয় অখিল গগৈয়ে (MLA AKhil Gogoi) ।

লগতে বিধায়কগৰাকীয়ে জনাই যে, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ৰজা তথা মহান ব্যক্তি সকলৰো প্ৰতিমূৰ্তি এই প্ৰকল্পত সন্নিৱিষ্ট কৰা হ'ব । ফুড ক’ৰ্টত প্ৰতিটো জনগোষ্ঠীৰ খাদ্য সম্ভাৰ থাকিব । পাৰ্কিঙৰ ক্ষেত্ৰতো গগৈয়ে বিশেষ পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্ৰীক । আনহাতে ৰংঘৰ প্ৰজেক্টৰ দৰে তলাতল ঘৰৰ বাবেও প্ৰজেক্ট লোৱাৰ বাবে অখিল গগৈয়ে আহ্বান জনোৱা পদক্ষেপত মুখ্যমন্ত্ৰীয়ে সঁহাৰি জনাই বুলি বিধায়কগৰাকীয়ে সংবাদমাধ্যমক অৱগত কৰে ।

তেওঁ কয় যে, অচিৰেই তলাতল ঘৰৰ প্ৰকল্প ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে । আনহাতে শিৱসাগৰত এটা এয়াৰপোৰ্টৰ বাবেও কেন্দ্ৰক জনোৱা আহ্বানক সঁহাৰি দিয়া বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে । এইক্ষেত্ৰত কেন্দ্ৰই ৰাজ্য চৰকাৰৰ অনুমতি বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে । সেই প্ৰসংগটো মুখ্যমন্ত্ৰীক অনুৰোধ জনাই অখিল গগৈয়ে (MLA Akhil Gogoi on Rangghar project) ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সদিচ্ছা প্ৰকাশ কৰাৰ কথা স্পষ্ট কৰিলে অখিল গগৈয়ে । আনহাতে, অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত ৰংঘৰ প্ৰকল্পক লৈ কয় যে, তেওঁৰ পৰামৰ্শ মতে সকলো হৈছে গতিকে ক্ৰেডিট ল’ব বিচাৰিলে নহ'ব । তেওঁক হয়তো ৰংঘৰলৈ যাওঁতে নামাতিবই । কিন্তু নিজকে জেং মানুহ বুলি উল্লেখ কৰি তেওঁ সেই স্থানত ওলাবগৈ বুলি প্ৰকাশ কৰে ।

সোমবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত যোৰহাটৰ সাংসদ তপন গগৈসহ বিধায়কসকল ক্ৰমে দেৱব্ৰত শইকীয়া, যোগেন মহন, প্ৰদীপ হাজৰিকা, সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্যমন্ত্ৰীৰ উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সংশ্লিষ্ট বিষয়াবৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক: Prostitution in Barpeta: বৰপেটাৰোডত যুৱতীক প্ৰহাৰ কৰি আইনৰ ৰোষত তথাকথিত সমাজ সচেতন যুৱকৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.