ETV Bharat / state

কিডনীত পাথৰ ধৰা পৰিছে অখিল গগৈৰ - পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল অখিল গগৈক

জি এম চি এইচলৈ অনা হ’ল অখিল গগৈক ৷ চিকিৎসকে পৰীক্ষা কৰাৰ পাছতেই পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল কৃষক নেতা গৰাকীক ৷ অখিল গগৈৰ ওপৰত চলা চৰকাৰী নিৰ্যাতন এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

akhil gogoi is taken to GMCH in guwahati
চিকিৎসা প্ৰদানৰ পাছতেই পুনৰ কাৰাগাৰলৈ প্ৰেৰণ অখিল গগৈক
author img

By

Published : Mar 6, 2020, 3:07 PM IST

গুৱাহাটী , 6 মাৰ্চঃ শুকুৰবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইছলৈ অনা হ’ল কাৰাগাৰত পুনৰ গুৰুতৰভাৱে অসুস্থ হোৱা অখিল গগৈক ৷ পুৱা প্ৰায় ৯.৩০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই জি এম চি এইছলৈ লৈ আনে কৃষক নেতা গৰাকীক ৷ NIA আদালতে নিৰ্দেশ প্ৰদান কৰাৰ পাছতে উন্নত চিকিৎসাৰ বাবে অখিলক গগৈক লৈ অহা হয় চিকিৎসালয়লৈ ৷ জি এম চি এইছ চৌহদৰ পৰা অসুস্থ কৃষক নেতা গৰাকীৰ ৰাইজলৈ আহ্বান,কা বিৰোধী সংগ্ৰামৰ বাবে ঐক্যবদ্ধ হ’ব লাগিব অসমীয়া ৷

চিকিৎসা প্ৰদানৰ পাছতেই পুনৰ কাৰাগাৰলৈ প্ৰেৰণ অখিল গগৈক

হাস্পতাল চৌহদত নেতা গৰাকীক সাক্ষাৎ কৰিবৰ বাবে উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন,স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক'ডি শইকীয়াকে প্ৰমুখ্য কৰি তেখেতৰ সতীৰ্থ সকল ৷ নেতা গৰাকীক সাক্ষাৎ কৰাৰ পাছতে মানস ৰবীনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে,পেটৰ বিষৰ পৰা অখিল গগৈয়ে উপশম পাইছে যদিও নেতা গৰাকীৰ কিডনীত পাথৰ ধৰা পৰিছে ৷ চিকিৎসকে পৰীক্ষা কৰাৰ পাছতেই পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল কৃষক নেতা গৰাকীক ৷

আনহাতে,অসুস্থ অৱস্থাত পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকল ৷ অখিল গগৈৰ ওপৰত চলা চৰকাৰী নিৰ্যাতন এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃভূটানত ধৰা পৰে প্ৰথমটো COVID-19 আক্ৰান্ত লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.