ETV Bharat / state

NIA ৰ বিশেষ আদালতত অখিল গগৈ - দিল্লীৰ উচ্চ ন্যায়ালয়ে

চ‍‍ানমাৰী আৰু চাবুৱা থানাৰ গোচৰ সন্দৰ্ভত নিয়াৰ আদালতত চাৰ্জ সম্পৰ্কীয় শুনানি । আদালতত কটকটীয়া নিৰ‍াপত্তা বেষ্টনী। সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰখা হ'ল অখিল গগৈক। মাতৃক সাক্ষাতৰ বাবে অনুমতি বিচাৰি অখিল গগৈৰ অধিবক্তাৰ আবেদন। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ প্ৰতিক্ৰিয়া।

NIA ৰ বিশেষ আদালতত অখিল গগৈ
NIA ৰ বিশেষ আদালতত অখিল গগৈ
author img

By

Published : Jun 22, 2021, 11:51 AM IST

গুৱাহাটী, ২২ জুনঃ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মঙলবাৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক 'নিয়া' ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিয়াৰ আদালতলৈ অনা হয় অখিল গগৈক। চানমাৰি আৰু চাবুৱা থানাৰ নিয়াই তদন্ত কৰি থকা দুটা গোচৰ সন্দৰ্ভত আজি আদালতে চাৰ্জ অৰ্ডাৰ দিয়াৰ সম্ভাৱনা আছে ।

NIA ৰ বিশেষ আদালতত অখিল গগৈ

উল্লেখ্য যে, ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্ত‍াৰ হোৱা অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বহু কেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে । ইতিমধ্যে বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন লাভ কৰিছে যদিও নিয়াই তদন্ত কৰি থকা চাবুৱা থানাৰ গোচৰত তেওঁ জামিন লাভ কৰা নাই । বিগত ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈক বিভিন্ন গোচৰত কেইবাবাৰো কাৰাগাৰতে গ্ৰেপ্তাৰ কৰা হৈছে ।

আজি দুটাকৈ গোচৰ সন্দৰ্ভত নিয়াৰ আদালতে চাৰ্জ অৰ্ডাৰ দিব। লক্ষণীয় বিষয় যে, কাৰাগাৰত থাকিয়েই শিৱসাগৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈ অহা অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব তাক লৈ সকলোৰে মাজত চৰ্চা হৈছে । নিয়াৰ আদালতৰ সন্মুখত উপস্থিত হৈ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, এই মুহূৰ্তত অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব সেই কথা কোনেও ক’ব নোৱাৰে যদিও এটা কথা স্পষ্ট যে দেৱাংগনা আৰু তেওঁৰ সতীৰ্থসকলৰ মুক্তিৰ ক্ষেত্ৰত দিল্লীৰ উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি যি ৰায় প্ৰদান কৰিলে সেই ৰায়ে অখিল গগৈৰ গোচৰৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনা কলিতা, নাতাশা নাৰৱাল আৰু আছিফ ইকবাল তানহাৰ ক্ষেত্ৰত ইউএপিএৰ বিভিন্ন ধাৰা অপপ্ৰয়োগ হোৱাটো স্পষ্ট কৰিছে ।

একেদৰে অখিলৰ ক্ষেত্ৰতো ইউএপিএৰ অধীনৰ বিভিন্ন ধাৰাৰ অপপ্ৰয়োগ হৈছে বুলি দাবী উত্থাপন হৈ আহিছে । গতিকে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ে অখিল গগৈৰ ক্ষেত্ৰতো যে কিছু পৰিমাণে সহায় কৰিব সেয়া নিশ্চিত হৈছে । অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনা আৰু তেওঁৰ সতীৰ্থৰ জামিন প্ৰদানত যি ৰায় প্ৰদান কৰিলে সেই ৰায়ে অখিলৰ ক্ষেত্ৰত কিমান দূৰ সহায় কৰিব সেই কথা জানিবলৈ কিছু অপেক্ষা কৰিব লাগিব ।

লগতে পঢ়কঃ ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.