ETV Bharat / state

ৰাজ্যৰ ৰাজনীতিত নজিৰ সৃষ্টিৰে বিধানসভাত পদাৰ্পণ অখিল গগৈৰ‌ - অসমৰ সংসদীয় ৰাজনীতি

অসম বিধানসভাৰ মজিয়াত আজি খোদিত হ'ল এক ইতিহাস ।‌‌ অৱধাৰিতভাৱে আজি পূৱা বিধানসভাৰ মজিয়াত শিৱসাগৰৰ বিধায়ক হিচাপে উপস্থিত হ'ল কাৰাবন্দী কৃষক নেতা অখিল গগৈ । অসমৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত এটি অমূল্য পৃষ্ঠা সংযোজিত হ'ল আজিৰ এই ব্যতিক্ৰমী মুহুৰ্তটোৰে ।‌‌

ৰাজ্যৰ ৰাজনীতিত নজিৰ সৃষ্টিৰে বিধানসভাত পদাৰ্পন অখিল গগৈৰ‌

author img

By

Published : May 21, 2021, 10:30 PM IST

গুৱাহাটী,২১ মে’: শিৱসাগৰীয়া ভোটাৰ ৰাইজ আৰু অসমবাসীৰ আশীৰ্বাদ লৈ শুকুৰবাৰে এগৰাকী বিধায়ক হিচাপে অসম বিধানসভাৰ মজিয়াত পদাৰ্পণ কৰিলে কৃষক নেতা অখিল গগৈয়ে ।‌‌ এগৰাকী কৃষক নেতা তথা ৰাজহুৱা কৰ্মী হিচাপে যোৱা দুটা দশক ধৰি প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন তিনিখন চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল‌ নেতৃত্বাধীন এখন চৰকাৰক কঠোৰ ভাষা আৰু প্ৰতিবাদী কাৰ্যসূচীৰে থকা-সৰকা কৰি অহা অখিল গগৈ আজি বিধানসভাৰ মজিয়াত নিজে এজন জনপ্ৰতিনিধি ।‌‌ ৰাইজৰ দলৰ সভাপতি হিচাপে গগৈয়ে এইবাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিলে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ পৰা ।‌‌

শিৱসাগৰৰ জনতাই বিজয়মালা পিন্ধোৱা কৃষক নেতা অখিল গগৈৰ বিধানসভাত পদাৰ্পণে বিষয়টোক বিশেষ মাত্ৰা প্ৰদান কৰিলেও এই‌ বিজয়ে কাৰাগাৰৰ পৰা‌ উলিয়াই আনিব পাৰিবনে তেওঁক ! নে স্বাভাৱিক গতিতে আগবাঢ়িব আইনী প্ৰক্ৰিয়া ! অসমৰ প্ৰতি গৰাকী সচেতন লোকৰ মনত উত্থাপিত এই প্ৰশ্নৰ‌ উত্তৰ কি ?

বহুতে হয়তো ভাবিছে যে, এই বিজয়ে জন প্ৰতিনিধিত পৰিণত কৰা‌ ৰাইজৰ দলৰ সভাপতি তথা কৃষক নেতা অখিল গগৈক কাৰাবন্দী অৱস্থাৰ পৰা‌ মোকলাই আনিব ।‌‌ কিন্তু ‌‌আচলতে এই ইতিবাচক ৰাজনৈতিক পৰিঘটনাই অখিল গগৈৰ জামিন লাভৰ আইনী প্ৰক্ৰিয়াক কোনো ধৰনে প্ৰভাৱিত নকৰে । অৰ্থাৎ অখিল গগৈৰ এখন এন আই‌ এ আদালতত চলি থকা গোচৰ প্ৰক্ৰিয়া সাধাৰণভাৱে ই আগবাঢ়ি থাকিব । আজি এই কথা জানিবলৈ দিছে গগৈৰ অধিবক্তা শান্তনু বৰঠাকুৰে ।

অধিবক্তা বৰঠাকুৰে ইটিভি ভাৰতক জনোৱা মতে ইতিমধ্যে শুনানি প্ৰক্ৰিয়া আৰম্ভ হোৱা অখিল গগৈৰ এন আই এ আদালতৰ গোচৰটোৰ আইনী প্ৰক্ৰিয়া চলি আছে আৰু নিৰ্বাচনৰ ফলাফলৰ লগত জামিন প্ৰদানৰ কোনো সম্পৰ্ক নাই ।‌‌

উল্লেখযোগ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ‌‌‌ নেতা অখিল গগৈৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছিল, যদিও এটা গোচৰৰ বিপৰীতে তেওঁ যোৱা অক্টোবৰ মাহত জামিন লাভ কৰিছিল । জামিন পোৱা গোচৰটো আছিল চাবুৱা থানাত ৰুজু হোৱা আৰু এন আই এ-লৈ হস্তান্তৰ হোৱা এটা গোচৰ ।

আনহাতে, ২০১৯ চনৰ ১২ ডিচেম্বৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল যোৰহাটৰ পৰা । কা বিৰোধী আন্দোলনৰ নামত দেশ বিৰোধী কামত নিয়োজিত হোৱাৰ অভিযোগত বন্দী হৈ থকা অখিল গগৈৰ বিৰুদ্ধে এখন আই‌ এৰ আদালতত চলি থকা গোচৰৰ শুনানি দীঘলীয়া হ'ব পাৰে বুলিও আশংকা কৰা হৈছে ।

ইফালে, শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয় লাভ কৰা কৃষক নেতা অখিল গগৈয়ে বিধানসভাৰ মজিয়াত সবল ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে যে নিজকে প্ৰস্তুত কৰিছে সেয়া আজিৰ প্ৰথম দিনটোতে স্পষ্ট হৈ পৰিছে । হয়তো কাৰাবন্দী হৈ থাকিয়ে অখিল গগৈয়ে চলাই যাব লাগিব সংসদীয় ৰাজনীতিৰ যুঁজখন ।

লগতে পঢ়কঃ জাৰ্বাখোৱাৰ ৰাজপথত হোজাই আৰক্ষীৰ তালাচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.