ETV Bharat / state

AFSPA ৰ বাতিলৰ লগতে নাগালেণ্ডৰ হত্যাকাণ্ড ঘটনাৰ NIA তদন্তৰ দাবী অখিল গগৈৰ - ৰাইজৰ দলৰ সভাপতি অখিল গগৈ

AFSPA বাতিল আৰু নাগালেণ্ডৰ নিৰীহ লোকক সেনা বাহিনীয়ে গুলীয়াই হত্যা কৰা(Nagaland Civilians Deaths) ঘটনাৰ NIA তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ অখিল গগৈয়ে কয়, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে নাগালেণ্ডৰ নিৰীহ লোকৰ ওপৰত যি হত্যালীলা সংঘটিত কৰিলে সেই হত্যাকাণ্ড সন্ত্ৰাসবাদীৰ কাৰ্য-কলাপৰ সৈতে কোনো পাৰ্থক্য নাই ৷

(Nagaland Civilians Deaths
নাগালেণ্ডৰ হত্যাকাণ্ড ঘটনাৰ NIA তদন্তৰ দাবী অখিল গগৈৰ
author img

By

Published : Dec 6, 2021, 8:33 PM IST

গুৱাহাটী, ৬ ডিচেম্বৰ: কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিল আৰু নাগালেণ্ডৰ নিৰীহ লোকক সেনা বাহিনীয়ে গুলীয়াই হত্যা কৰা ঘটনাৰ NIA তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ উল্লেখ্য যে, নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত ভাৰতৰ সামৰিক বাহিনীয়ে ১৩ গৰাকীকৈ কয়লা খাদত কাম কৰা শ্ৰমিকক নিৰ্বিচাৰে গুলিচালনা কৰি হত্যা কৰা(Nagaland Civilians Deaths) ঘটনাক তীব্ৰ গৰিহণা দিছে ৰাইজৰ দলে ৷

দলটোৰ সভাপতি অখিল গগৈয়ে কয়, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে নাগালেণ্ডৰ নিৰীহ লোকৰ ওপৰত যি হত্যালীলা(Army ambush in Nagaland) সংঘটিত কৰিলে সেই হত্যাকাণ্ড সন্ত্ৰাসবাদীৰ কাৰ্য-কলাপৰ সৈতে কোনো পাৰ্থক্য নাই ৷ সেনাৰ এই হত্যাকাণ্ডক সন্ত্ৰাসবাদীৰ এক কাৰ্য-কলাপ হিচাপে অভিহিত কৰিব লাগে বুলি দাবী জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

নাগালেণ্ডৰ হত্যাকাণ্ড ঘটনাৰ NIA তদন্তৰ দাবী অখিল গগৈৰ

তদুপৰি নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত সেনা বাহিনীৰ দ্বাৰা নিৰীহ লোকক কৰা হত্যাৰ ঘটনাৰ NIA তদন্ত দাবী কৰে অখিল গগৈয়ে(Akhil Gogoi demands NIA probe into Nagaland Civilians Deaths Case) ৷ তেওঁ কয়, এই ঘটনাৰ জড়িত প্ৰত্যেক গৰাকীৰ সেনাৰ জোৱানৰ বিৰুদ্ধে কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা হ'ব লাগে ৷ কিয়নো পূৰ্বেও উত্তৰ-পূৰ্বাঞ্চলত এনে বহু হত্যাকাণ্ড সংঘটিত কৰিছে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ৷ কিন্তু ইয়াৰ আইনগত বিচাৰ নহয় ৷

ইফালে, AFSPA ৰ বাতিল(Cancellation of AFSPA)ৰ দাবী উত্থাপন কৰি ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয়, ভাৰতীয় সেনাক AFSPA ৰ জৰিয়তে যি বিশেষ ক্ষমতা প্ৰয়োগ কৰিছে তাৰ ভয়ংকৰ পৰিণতি ভোগ কৰিবলগীয়া হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে ৷ AFSPA ৰ জৰিয়তে বিশেষ ক্ষমতাৰে বলিয়ান হৈ সন্ত্ৰাসবাদ দমনৰ নামত উত্তৰ-পূৱৰ নীৰিহ লোকৰ ওপৰত আক্ৰমণ সংঘটিত কৰি আহিছে কেন্দ্ৰীয় নিৰপত্তা বাহিনীয়ে ৷ গতিকে অতি সোনকালে 'AFSPA' বাতিল কৰি কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ দ্বাৰা উত্তৰ-পূৱৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী জনাই ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক:স্থায়ী শান্তিৰ বিপৰীতে খিলঞ্জীয়া লোকক হত্যাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰই : সমুজ্জ্বল ভট্টাচাৰ্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.