ETV Bharat / state

অখিল গগৈয়ে কৰিলে আন এক ভৱিষ্যৎবাণী

author img

By

Published : Mar 25, 2022, 2:25 PM IST

Updated : Mar 25, 2022, 2:42 PM IST

পুনৰ বিধায়ক অখিল গগৈয়ে কৰিছে ভৱিষ্যৎবাণী ৷ চৰকাৰে এক লাখ নতুন নিযুক্তি দিয়াৰ কথা কৈ আছে (One lakh appointments to be recruited soon in Assam)। ইয়াৰে বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী । সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰে বিধায়কগৰাকীয়ে ৷

অখিল গগৈয়ে কৰিলে আৰু এক ভৱিষ্যৎবাণী
অখিল গগৈয়ে কৰিলে আন এক ভৱিষ্যৎবাণী

গুৱাহাটী, ২৫ মাৰ্চ : ‘‘মই আজিয়েই এটা ভৱিষ্যৎবাণী কৰি থব বিচাৰিছো (Akhil Gogoi made another prediction)। এই যে চৰকাৰে এক লাখ নতুন নিযুক্তি দিয়াৰ কথা কৈ আছে । ইয়াৰে বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী । যদিহে সঁচাকৈ নিযুক্তি হয় । কেইবছৰমানৰ পিছত টেট শিক্ষকসকলৰ দৰে এই নতুনকৈ নিযুক্তি পোৱা সকলেও চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন কৰিব লাগিব’’ । এই মন্তব্য বিধায়ক অখিল গগৈৰ ।

শুকুৰবাৰে বিধায়কগৰাকীয়ে আৰু কয় যে, তেওঁ ২০১২ চনতে অনুৰূপ এক ভৱিষ্যৎবাণী কৰিছিল যি এতিয়া সত্য প্ৰমাণিত হৈছে । ‘‘২০১২ চনতে মই কৈছিলো যে, টেট শিক্ষকসকলৰ চাকৰি কেতিয়াও নিয়মীয়া নহয় । তেতিয়াই মই কৈছিলো যে আজি যিসকলে হিমন্ত বিশ্ব শৰ্মাক ভগবান বুলি কৈছে এদিন সেই সকলেই তেওঁক ছয়তান বুলি ক’ব’’ । এয়া অখিল গগৈৰ মন্তব্য ।

অখিল গগৈয়ে কৰিলে আন এক ভৱিষ্যৎবাণী

লগতে বিধায়কগৰাকীয়ে ৪০ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে সজোৰে দাবী উত্থাপন কৰে ৷ আনহাতে, কৰ্মচাৰীসকলৰ বাবে চৰকাৰে আৰম্ভ কৰা নতুন পেঞ্চন নীতি তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈও তেওঁ দাবী জনায় । বিধায়ক গৰাকীয়ে কয় যে, এই নতুন পেঞ্চন নীতি কাৰ্যকৰী কৰিবলৈ হ'লে কৰ্মচাৰীয়ে কেতিয়াও পেঞ্চনৰ ধন যে নাপাব সেয়া নিশ্চিত ।

অনুৰূপভাৱে ৰাজ্যসভাৰ আসন্ন নিৰ্বাচন প্ৰসংগত মন্তব্য কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্লেকমেইলাৰ বুলিও অভিহিত কৰে । বিধানসভাৰ মজিয়াত তেওঁ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু অংগনৱাড়ী কৰ্মী আৰু ৰান্ধনীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন আৰম্ভ কৰিব বুলিও ঘোষণা কৰে ।

লগতে পঢ়ক : টেট শিক্ষকসকলৰ এই প্ৰতিবাদ অনাকাংক্ষিত : শিক্ষামন্ত্ৰী

Last Updated : Mar 25, 2022, 2:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.