ETV Bharat / state

গুৱাহাটী মহানগৰীত জ্বলিল মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি

author img

By

Published : Nov 5, 2020, 2:12 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱৰ সমীপত প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি মূল্যবৃদ্ধিৰ বিৰোধিতা কৰে সংগঠনটোৱে ।

AJYCP protest at Guwahati
AJYCP protest at Guwahati

গুৱাহাটী, ৫ নৱেম্বৰ : অত্যাৱশকীয় সামগ্ৰীৰ অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটী মহানগৰীত প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ সমীপত সাব্যস্ত কৰে প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি মূল্যবৃদ্ধিৰ বিৰোধিতা কৰে সংগঠনটোৱে ।

প্ৰতিবাদস্থলীত উপস্থিত থাকি পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি প্ৰদীপ কলিতাই কয় যে, বৰ্তমানৰ চৰকাৰখনৰ নিৰ্বাচনৰ পূৰ্বৰ অন্যতম প্ৰতিশ্ৰুতি আছিল পেট্ৰ'ল-ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা । কিন্তু হ্ৰাস কৰাটো দূৰৰে কথা প্ৰতিদিনে ইমানেই মূল্য বৃদ্ধি হৈ আছে যে এই ক্ষেত্ৰত চৰকাৰখনে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি জনতাৰ মৌলিক সমস্যাসমূহৰ পৰা আঁতৰি কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত মিঞা মিউজিয়াম, নীলা লুঙী আদিত ব্যস্ত হৈ আছে । গতিকে চৰকাৰখনক পেট্ৰ'ল-ডিজেলৰ আবকাৰী শুল্ক আৰু ভেট হ্ৰাস কৰাৰ লগতে সকলো ধৰণৰ অত্যাৱশকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবী জনায় সভাপতিগৰাকীয়ে ।

গুৱাহাটী মহানগৰীত জ্বলিল মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি

অৰ্ধশতাধিক সদস্য উপস্থিত থকা কাৰ্যসূচীটোত অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী মূৰ্দাবাদ, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, ছিণ্ডিকেটৰাজ বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । কাৰ্যসূচীত মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰ, উপদেষ্টা সঞ্জীৱ ৰায় চৌধুৰী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হেমন্ত দাস, প্ৰাঞ্জল দাস, অজিত বৰদলৈ আদি উপস্থিত থাকে ।

লগতে পঢ়ক : 14 দিনৰ ন্যায়িক জিম্মালৈ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.