ETV Bharat / state

Formalin found in fish: ফৰ্মেলিনযুক্ত মাছৰ বিক্ৰী বন্ধৰ দাবী; মুখ্যমন্ত্ৰীলৈ AJCYP ৰ স্মাৰক পত্ৰ

অসমত ফৰ্মেলিন যুক্ত মাছ আমদানি বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ (Fish laced with formalin) ৷ এই স্মাৰক পত্ৰখনত অসমৰ জনসাধাৰণক নিঃশেষ কৰাৰ এক সুদুৰ প্ৰসাৰী পৰিকল্পনা কৰিছে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে ।

Fish laced with formalin
ফৰমেলিনযুক্ত মাছ বন্ধ কৰাৰ দাবী
author img

By

Published : Apr 29, 2023, 10:00 PM IST

গুৱাহাটী, ২৯ এপ্ৰিল : অসমত বহিঃৰাজ্যৰ পৰা আমদানি কৰা ফৰমেলিনযুক্ত মাছ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সকলো জিলা সমিতিয়ে শুক্ৰবাৰে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে (AJYCP Memorandum against imported Fish)। এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে কয় যে, অসমত দৈনিক বহিঃৰাজ্যৰ পৰা বিশেষকৈ অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা লাখ লাখ কিলোগ্ৰাম চালানি মাছ আমদানি হয় ।

উল্লেখযোগ্য যে, ৰাজপথেৰে ট্ৰাকৰ জৰিয়তে পাঁচ-ছয়দিনীয়া যাত্ৰাৰে আমদানি কৰা এই মাছ সমূহ নষ্ট নহ'বলৈ বিষাক্ত ৰাসায়নিক দ্ৰব্য ফৰ্মেলিন ছটিয়াই অনা হয় । ফৰ্মেলিন নামৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য বিধ প্ৰকৃততে মৃতদেহ বহুদিনলৈ সংৰক্ষণ কৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা হয় । এনে বিষাক্ত ৰাসায়নিক দ্ৰব্য সন্নিবিষ্ট মাছ অসমৰ ৰাইজক খুৱাই কাৰ্যঃ অসমৰ জনসাধাৰণক নিঃশেষ কৰাৰ এক সুদূৰ প্ৰসাৰী পৰিকল্পনা কৰিছে (Formalin in chalani fish)। এই ক্ষেত্ৰত হাত উজান দি ব্যক্তিগত মুনাফা লাভৰ বাবে বহিৰাগত ব্যৱসায়ীৰ সৈতে অসমৰ এচাম অসাধু ব্যৱসায়ী আৰু ৰাজনৈতিক নেতা পালিনেতা জড়িত হৈ পৰিছে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাদ্বয়ে পুনৰ কয় যে বহিঃৰাজ্যৰ পৰা ফৰ্মেলিনযুক্ত মাছ আমদানি হৈ থকা বিষয়টো বহু পূৰ্বেই ফাদিল হৈছিল যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই । এই সুযোগতে অসাধু ব্যৱসায়ীয়ে ৰাজ্যত ফৰ্মেলিনযুক্ত মাছ সৰবৰাহ কৰি থকাৰ ফলত অসমৰ সৰ্বসাধাৰণ ৰাইজে নানা ধৰণৰ ৰোগত ৰোগাক্ৰান্ত হব লগা হৈছে । আনহাতে, বহিঃৰাজ্যৰ পৰা আমদানি হোৱা বজাৰখন সম্পূৰ্ণৰূপে ৰাজনৈতিক পৃষ্ঠপোষকতা থকা এটা চিণ্ডিকেট চক্ৰই নিয়ন্ত্ৰণ কৰি আহিছে ।

এই চিণ্ডিকেট চক্ৰটোৰ ধন দিছপুৰলৈকে যায় বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে । যাৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে এনে এটা সংবেদনশীল বিষয়ত বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শুক্ৰবাৰে ৰাজ্যত বহিঃৰাজ্যৰ পৰা আমদানিকৃত সকলো ধৰণৰ ফৰ্মেলিন যুক্ত মাছ বন্ধ কৰাৰ দাবীত পৰিষদৰ সমগ্ৰ অসমৰ সংশ্লিষ্ট জিলা সমিতি সমূহৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ জিলাৰ উপায়ুক্ত আৰু মহকুমা সমূহৰ মহকুমাধিপতিৰ যোগেদি স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ দিশটো লক্ষ্য কৰি এই সংবেদনশীল বিষয়টোত তৎকালে হস্তক্ষেপ কৰি আমদানি হৈ থকা ফৰ্মেলিনযুক্ত মাছ ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা উচিত । চৰকাৰীভাৱে নিষিদ্ধ নকৰালৈকে ৰাজ্যত ফৰ্মেলিনযুক্ত মাছৰ অবাধ আমদানি চলি থাকিব । সকলো ধৰণৰ ব্যক্তিগত মুনাফা, চিণ্ডিকেট আদিৰ উৰ্ধত গৈ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বহিঃৰাজ্যৰ পৰা আমদানি হোৱা ফৰ্মেলিন যুক্ত মাছ বন্ধ কৰাৰ দাবী জনায় যুৱ-ছাত্ৰ পৰিষদে ।

লগতে পঢ়ক:Formalin found in fish: ফৰ্মেলিন যুক্ত চালানী মাছৰ বিক্ৰী বন্ধৰ দাবীত AJCYP ৰ স্মাৰক পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.