ETV Bharat / state

Demand to Repeal AFSPA : ক'লা কাপোৰ বান্ধি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা AJYCP ৰ - ৰাৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা AJYCP ৰ

AFSPA বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা AJYCP ৰ((Demand to repeal AFSPA) ৷ বুধবাৰে সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়, অটিং বস্তিত সংঘটিত নিৰাপত্তাবাহিনীৰ এই হত্যালীলা উত্তৰ-পূৱৰ বাবে প্ৰথম নহয় ৷ AFSPA ৰ জৰিয়তে লাভ কৰা ক্ষমতাৰে বলিয়ান সেনা বাহিনীৰ এনে নৃশংসতাৰ বহুবাৰ সাক্ষী হৈছে উত্তৰ-পূৰ্বাঞ্চল ৷

Protest for demanding cancellation of AFSPA
ক'লা কাপোৰ বান্ধি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা AJYCP ৰ
author img

By

Published : Dec 7, 2021, 10:32 PM IST

গুৱাহাটী, ৭ ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত 4 ডিচেম্বৰৰ সন্ধিয়া ভাৰতীয় সেনাৰ নৃশংস হত্যাকাণ্ড(Ambush in Nagaland) বিৰোধীতা কৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিলৰ দাবীত বুধবাৰে অসমজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Protest for demanding cancellation of AFSPA) ৷ ভাৰতীয় সেনাৰ এই নৃশংসতাক তীব্ৰ ভাষাৰে গৰিহণা দি মঙলবাৰে AJYCP ৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ৷

AJYCP ৰ সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদমেলত কয়, অটিং বস্তিত সংঘটিত নিৰাপত্তাবাহিনীৰ এই হত্যালীলা উত্তৰ-পূৱৰ বাবে প্ৰথম নহয় ৷ AFSPA ৰ জৰিয়তে লাভ ক্ষমতাৰে বলিয়ান সেনা বাহিনীৰ এনে নৃশংসতাৰ বহুবাৰ সাক্ষী হৈছে উত্তৰ-পূৰ্বাঞ্চল ৷ নাগালেণ্ডৰ লগতে অসম মণিপুৰত বহু নিৰীহ লোকে সেনাৰ এনে হত্যালীলাৰ বলি হৈছে ৷

'ভাৰতীয় সেনাই AFSPA অপপ্ৰয়োগ কৰাৰ বাবে অসম-মণিপুৰৰ শ শ মহিলা-জীয়ৰী ধৰ্ষিতা হ'ল ৷ কিন্তু ইয়াৰ পাছতো তিনিটা দশক ধৰি উত্তৰ-পূৱৰ ৰাজ্য কেইখনত এনে যিমান ঘটনা সংঘটিত হ'ল, তাৰ কোনো আইনী বিচাৰ হোৱা পৰিলক্ষিত নহ'ল ৷ অৰ্থাৎ ভাৰতীয় সেনাৰ এনে বৰ্বৰতাৰ বলি হোৱা ভুক্তভোগীয়ে আজিও ন্যায় নাপালে ৷' সন্ত্ৰাস দমনৰ নামত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে উত্তৰ-পূৱৰ নিৰীহক যে লক্ষ্য কৰি ল'লে সেই কথা স্পষ্ট কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰে AJYCP ৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

ক'লা কাপোৰ বান্ধি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা AJYCP ৰ

লগতে পঢ়ক: AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ

তেওঁ লগতে কয়, উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ নাগালেণ্ড, অসম আৰু মণিপুৰত বিগত পাঁচ-ছয় বছৰৰ পৰা উগ্ৰপন্থীৰ সমস্যাটো যথেষ্ট শাম কাটিছে ৷ আলফা স্বাধীনৰ লগতে আন আন বিদ্ৰোহী সংগঠন সমূহে বৰ্তমানে যুদ্ধ বিৰতিত আছে ৷ কেৱল নাগালেণ্ডত মাত্ৰ NSCN (K-1) গোটটোৱে যুদ্ধ বিৰতি লোৱা নাই যদিও যোৱা কেইবা বছৰ ধৰি হিংসাত্মক কাৰ্য-কলাপৰ পৰা আঁতৰত আছে সংগঠনটো ৷

এনে প্ৰেক্ষাপটত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন AFSPA ৰ কোন প্ৰয়োজন নাই উত্তৰ-পূৱৰ বাবে ৷ AFSPA ৰ জৰিয়তে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে যি ধৰণে সাধাৰণ ৰাইজক নিৰাপত্তা দিব লাগিছিল, সেই নিৰাপত্তা দিব পৰা নাই ৷ ইয়াৰ বিপৰীয়ে ভূৱা সন্ত্ৰাসবাদী সজাই নিৰীহৰ ওপৰত যি ধৰণে সেনাই হত্যা যজ্ঞ পাতিছে, তাৰ ফলত অধিক নিৰাপত্তাহীনতাহে ভুগিছে উত্তৰ-পূৱৰ ৰাইজ ৷

লগতে পঢ়ক: Nagaland firing : কেন্দ্ৰ, নাগালেণ্ড চৰকাৰীলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

গতিকে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন(Armed Forces Special Powers Act) অতি সোনকালে উত্তৰ-পূৱৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাই(Demand to repeal AFSPA) অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ এই দাবীতে 8 ডিচেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ক'লা কাপোৰ পৰিধান কৰি AJYCP য়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ তদুপৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ এই কলা আইন প্ৰত্যাহাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে পলাশ চাংমায়ে ৷

উল্লেখ্য যে, চৰকাৰী তথ্য অনুসৰি, নাগালেণ্ডৰ অ'টিং বস্তিত ভাৰতীয় সেনাই চলোৱা গুলী চালনাত(Nagaland firing incident) 6 গৰাকীকৈ নিৰীহ শ্ৰমিকৰ মৃত্যু হৈছিল ৷ পাছত এই ঘটনাক লৈ গাঁওবাসীয়ে পৰিস্থিতি উত্তপ্ত কৰি তোলাত আত্ম ৰক্ষাৰ স্বাৰ্থত পুনৰ গুলী চালনা কৰিব লগীয়া হোৱাত আন 7 গৰাকী নিৰীহ লোক নিহত হয় ৷ মন কৰিবলগীয়া যে, ভুল তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ সন্দেহ কৰি সেনাই কয়লাখনিৰ এখন শ্ৰমিকৰ বাহনত চলাইছিল নিৰ্বিচাৰ গুলী ৷

লগতে পঢ়ক: Demand to repeal AFSPA: উত্তৰ-পূৰ্বাঞ্চলত ৬ বছৰত সেনা-উগ্ৰপন্থীৰ ১৬১৭ টা সংঘর্ষজনিত ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.