গুৱাহাটী,৩১ আগষ্ট : বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ (AJP slams BJP)। দলৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে জাতি, মাটি আৰু ভেটি ৰক্ষাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ (AJP press conference)। বিজেপি দলৰ চৰকাৰখনক মহাভাৰতৰ ভস্মাসুৰৰ লগত তুলনা কৰিলে জগদীশ ভূঞাই ৷ তেওঁৰ মতে এই দলৰ চৰকাৰে যিটো খণ্ডত হাত দিছে, সেই ক্ষেত্ৰটো কাৰ্যতঃ ধ্বংস কৰিহে এৰিছে ৷
বিজেপি চৰকাৰে দেশৰ গণতন্ত্ৰ, ৰাজনৈতিক প্ৰমূল্য, অর্থনীতি আদি বিভিন্ন খণ্ডসমূহ কেনেকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে সেয়া সকলোৰে চকুৰ আগত বুলিও তেওঁ অভিযোগ কৰে । ২০১৬ আৰু ২০২১ চনত নিৰ্বাচনী ইস্তাহাৰত যিসমূহ প্ৰতিশ্ৰুতি দি বিজেপি দল অসমত শাসনলৈ আহিছিল, সেই সমূহলৈ পিঠি দি ৰাজ্যখনক সামগ্ৰিক বিকাশৰ পথলৈ লৈ যোৱাৰ সলনি বিনাশৰহে পথ প্রশস্ত কৰিছে বুলি ভূঞাই অভিযোগ কৰে ৷
সংবাদমেলত তেওঁ উল্লেখ কৰা মতে বিজেপিৰ মূল প্ৰতিশ্ৰুতি আছিল বানমুক্ত অসম গঢ়া (BJP election promises in Assam) ৷ কিন্তু বিগত দিনত বান প্ৰতিৰোধৰ কোনো পদক্ষেপ লোৱা নহ'ল যাৰ প্ৰতিফল এইবাৰ বিধ্বংসী বানৰ জৰিয়তে অসমবাসীয়ে ভুগিলে বুলি তেওঁ উল্লেখ কৰে ৷ ইফালে 'মিছন ব্ৰহ্মপুত্ৰ' ফুটুকাৰ ফেন হ'ল বুলিও তেওঁ অভিযোগ কৰে ৷ জগদীশ ভূঞাৰ মতে চৰকাৰী খণ্ডত গুণগত শিক্ষা প্রদান আছিল বিজেপিৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতি ৷ কিন্তু গুণগত শিক্ষা প্ৰদানৰ সলনি চৰকাৰী শিক্ষা প্রতিষ্ঠান বন্ধ কৰি চৰকাৰী শিক্ষা খণ্ডটোকে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া হৈছে বুলি তেওঁ বিজেপিক তীব্ৰ সমালোচনা কৰে ৷
চলিত আগষ্ট মাহৰ প্ৰথম সপ্তাহত ৰাজ্য চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু অংক বিষয় ইংৰাজী ভাষাত পাঠদান কৰা হ'ব ৷ এই কাৰ্যৰ দ্বাৰা চৰকাৰে শিক্ষাৰ্থীসকলৰ মনত মাতৃভাষাৰ প্ৰতি থকা আন্তৰিকতা হ্ৰাস কৰাৰ প্রয়াস চলাইছে বুলি তেওঁ অভিযোগ কৰে ।
তেওঁ উল্লেখ কৰা মতে সম্প্রতি বিজেপি চৰকাৰে অসমীয়া ভাষাৰ শিক্ষা আৰু চৰ্চাৰ কেন্দ্ৰ হিচাপে বিবেচিত ৰাজ্যৰ প্ৰায় দুহেজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চৰকাৰৰ এই সিদ্ধান্তই অসমীয়া ভাষাৰ ক্ষতি কৰিব বুলিও তেওঁ অভিযোগ কৰে । অসম জাতীয় পৰিষদে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ এনে শিক্ষা বিৰোধী আৰু ভাষা বিৰোধী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰে আৰু ভাষা ধ্বংসৰ ষড়যন্ত্ৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।
দলটোৱে ভস্মাসুৰৰূপী বিজেপি চৰকাৰৰ ভাষা বিৰোধী নীতিৰ বিৰুদ্ধে সকলোকে থিয় হ'বলৈ আহ্বান জনায় । অজাপৰ অভিযোগ চৰকাৰী বিদ্যালয়ৰ ফলাফল শোচনীয় হোৱাৰ বাবে দায়ী খোদ চৰকাৰেই । দলটোৱে অভিযোগ কৰা মতে সম্প্ৰতি অসমত এজনীয়া মন্ত্ৰীসভা চলি আছে ।
বণিক গোষ্ঠীৰ কথা চিন্তা কৰি অসমৰ জনসাধাৰণক পণ বন্দী নকৰিবলৈ আহ্বান দলটোৰ । জগদীশ ভূঞাই লগতে কয় যে যিসমূহ বিদ্যালয় চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, সেই সমূহ ৰাইজে পতা বিদ্যালয় ৷ চৰকাৰে চলাব নোৱাৰিলে সেই সমূহ ৰাইজক ওভতাই দিব লাগে ৷ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰি তাৰ ঠাইত ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয় খোলাৰ পৰিকল্পনা কৰা হৈছে বুলিও ভূঞাই আশংকা ব্যক্ত কৰে ৷
ভস্মাসুৰৰূপী বিজেপি চৰকাৰৰ উক্ত সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাই অসম জাতীয় পৰিষদে বন্ধ হ'বলগীয়া বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সেই অঞ্চলসমূহৰ ৰাইজৰ চহী সংগ্ৰহেৰে অসমৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছে বুলিও তেওঁ উল্লেখ কৰে ৷ লগতে উক্ত অঞ্চলসমূহত প্রতিবাদী গণসভাৰ জৰিয়তে জনমত গঠনৰ প্ৰয়াস চলোৱা হ'ব বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক :আব্দুল খালেকৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ ৰমেন ডেকা