ETV Bharat / state

GMC Elections 2022: অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

author img

By

Published : Apr 6, 2022, 10:16 PM IST

গুৱাহাটীত থকা অসম জাতীয় পৰিষদৰ (অজাপ) কেন্দ্ৰীয় কাৰ্যালয়ত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ(AJP Releases Poll Manifesto) । পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ২৫ ৱাৰ্ডত অজাপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ।

Assam Jatiya Parishad releases poll manifesto of GMC election
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অসম জাতীয় পৰিষদৰ

গুৱাহাটী, 6 এপ্ৰিল : অসম জাতীয় পৰিষদৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ বুধবাৰে মুকলি কৰা হয়(Guwahati Municipal Election 2022) । গুৱাহাটীত থকা অসম জাতীয় পৰিষদৰ (অজাপ) কেন্দ্ৰীয় কাৰ্যালয়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই অজাপৰ পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে(AJP releases poll manifesto for GMC election) ।

অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে(AJP President Lurinjyoti Gogoi) কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ দুবাৰমুখ গুৱাহাটীৰ সকলো ফালৰ পৰা গুৰুত্ব আছে । চৰকাৰৰ সদিচ্ছাৰ অভাৱত গুৱাহাটীৰ মৌলিক সমস্যাবোৰ সমাধান হোৱা নাই । আকৌ গুৱাহাটীৰ উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰা আঁচনিৰ ব্যাপক দুৰ্নীতি হৈছে । গুৱাহাটীৰ মূল সমস্যা যেনে, খোৱাপানী, কৃত্ৰিম বানৰ সমস্যা, জাৱৰৰ পেলোৱা স্থানৰ সমস্যা জটিল হৈছে । গুৱাহাটীৰ চাৰিটা পানী যোগান প্ৰকল্পৰ কাম আজিও সম্পূৰ্ণ নহ'ল ।

তেওঁ লগতে কয় যে অজাপৰ প্ৰাৰ্থী বিজয় হ'লে গুৱাহাটীৰ মৌলিক সমস্যা সমাধানৰ লগতে গুৱাহাটীবাসীক নুন্যতম ৫০ ইউনিট বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে অজাপই যুঁজ দিব । অনুষ্ঠানত অংশ লৈ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা কয় যে, গুৱাহাটীৰ সমস্যা সমাধান কৰাৰ ৰাজনৈতিক নেতা মন্ত্ৰী, বিধায়কসকলৰ গুৰুত্ব নাই । গুৱাহাটীত নতুন নতুন উৰণীয়া সেতু, পদদলং হৈছে । কিন্তু গুৱাহাটীৰ যানজঁটৰ সমস্যা বাঢ়িয়ে আছে ।

তেওঁ আৰু কয় যে, আচলতে এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা আৰু পৰিকল্পনাৰ অভাৱ । ২০ বছৰ গুৱাহাটীৰ উন্নয়নৰ দায়িত্ব থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ব্যৰ্থতাৰ মূল দায়ী । তেওঁ কয় যে, আমি পৌৰ নিগমত যুঁজিবৰ বাবে প্ৰাৰ্থীত্ব দিছো । আমাৰ দলৰ চিন্তা ধাৰাক আগুৱাই দিয়াৰ বাবে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে সিদ্ধান্ত লৈছো ।

লগতে পঢ়ক : Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.