ETV Bharat / state

Sobansiri Hydroelectric Project : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন এজেপি

বিজেপি দলৰ প্ৰতাৰণাৰ বাবে এনে দুৰ্যোগ সৃষ্টিৰ অভিযোগ এজেপিৰ ৷ অসমৰ মানুহ, সম্পদ আৰু সভ্যতাৰ প্ৰতি ভাবুকি বৃহৎ নদীবান্ধ ৷ নামনিৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন নকৰাকৈ এক ইঞ্চিও অগ্ৰসৰ নোহোৱাৰ দাবী ৷ জৈৱ বৈচিত্ৰৰ ওপৰত সুকীয়া অধ্যয়নৰ পোষকতা এজেপিৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:20 PM IST

Sobansiri Hydroelectric Project
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন এজেপি

গুৱাহাটী, 27 অক্টোবৰ : বিজেপি দলৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা আৰু মিথ্যাচাৰৰ পৰিণতিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়া উগ্বেগজনক অঘটনটো সংঘটিত হ'বলৈ পালে ৷ এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ ৷

এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই শুকুৰবাৰে এক বিবৃতি যোগে কয় যে বিজেপি দলে আৰম্ভণিৰে পৰা অসমত বৃহৎ নদীবান্ধ স্থাপনৰ বিৰোধিতা কৰি আহিছিল ৷ বিজেপিৰ চৰকাৰ আহিলে গেৰুকামুখ প্ৰকল্পটো ভাঙি দিয়া হ'ব বুলি বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে গেৰুকামুখত উপস্থিত হৈ ঘোষণা কৰিছিল ৷ কিন্তু ক্ষমতাত বহিয়ে বিজেপিয়ে ওলোটা খৰ মাৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত উদগণি যোগোৱাৰ লগতে প্ৰতিবাদী ৰাইজৰ কণ্ঠ ৰোধৰ ষড়যন্ত্ৰত লিপ্ত হয় ৷ তাৰেই পৰিণতিত এতিয়া সোৱণশিৰিপাৰৰ ৰাইজে এনে দুৰ্দিনৰ আশংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে বুলি নেতাদ্বয়ে কয় ৷

তেওঁলোকে লগতে কয় যে বৃহৎ নদীবান্ধে অসমৰ মানুহ, সম্পদ আৰু সভ্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াইছে বুলি জনাৰ পিছতো বিজেপি দলে অসমবাসীক প্ৰতাৰণা কৰাটো দুৰ্ভাগ্যজনক ৷ উল্লেখ্য যে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়াভাৱে পাহাৰ খহি সৃষ্টি হোৱা দুৰ্যোগৰ পিছত নামনি অঞ্চলৰ ৰাইজৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ এফালে শুকান বতৰত বৰষুণ নোহোৱাকৈ পাহাৰ খহি প্ৰকল্পৰ ব্যাপক ক্ষতি সাধনৰ লগতে নৈৰ সুঁতিত প্ৰভাৱ পেলোৱা আৰু প্ৰকল্পৰ নামনিত সোৱণশিৰি নৈৰ পানী কমি তৰাং পৰিৱেশৰ সৃষ্টি কৰা দুয়োটাই মাৰাত্মকভাৱে উদ্বেগজনক ৷ কিয়নো এই দুয়োটা পৰিস্থিতিৰে আশংকা ৰাইজে আৰম্ভণিৰে পৰা কৰি আছে ৷

নেতাদ্বয়ে কয় যে শেহতীয়া খহনীয়াৰ ফলত নৈৰ সুঁতি বন্ধ হৈ 12 ঘন্টাতকৈ অধিক সময়ৰ পৰা সোৱণশিৰি নৈত পানী বৈ যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত কাষৰীয়া অঞ্চলৰ ৰাইজ সংকটত পৰাৰ সমান্তৰালকৈ নৈৰ বুকুত থকা আপুৰুগীয়া শিহুকে ধৰি মাছ-কাছবোৰ মৰি যোৱাৰ দৰে গভীৰ দুৰ্যোগৰ সৃষ্টি হোৱাটো নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অদূৰদৰ্শিতাৰ কুফল ৷ এনে মাৰাত্মক ক্ষতিৰ দায়-দায়িত্বৰ পৰা চৰকাৰ তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিয়ে সাৰিব নোৱাৰে ৷ তেওঁলোকে লগতে কয় যে ঠুনুকা পাহাৰ কাটি প্ৰকল্প নিৰ্মাণ আৰু বান্ধ দি নদীৰ সুঁতি সলনিৰ পিছত নামনি অঞ্চলত জলসংকটৰ সৃষ্টিৰ আশংকা আৰম্ভণিৰে পৰা কৰি প্ৰতিবাদকাৰী ৰাইজ তথা দল-সংগঠনে চৰকাৰ তথা এন এইচ পি চিক সকীয়নি দি আহিছিল ৷ আনকি বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনতো এনে কুপৰিণতিৰ আশংকা কৰা হৈছিল ৷ কিন্তু কাৰো কথা নুশুনাকৈ এন এইচ পি চিয়ে নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ পৰিণতিত এই নেতিবাচক ছবিখন লাহে লাহে উদ্ভাসিত হ'বলৈ লৈছে ৷ ভৱিষ্যতৰ দিনত পৰিস্থিতি অধিক ভয়ৱহ হৈ পৰাৰ আশংকাও নুই কৰিব নোৱাৰি ৷

নামনিত হ'ব পৰা ক্ষয়-ক্ষতি অধ্যয়ন নকৰাকৈয়ে প্ৰকল্প নিৰ্মাণৰ এয়া অৱধাৰিত পৰিণতি বুলি ভৱাৰ থল আছে বুলি মত প্ৰকাশ কৰি তেওঁলোকে কয় যে বৃহৎ নদীবান্ধৰ সলনি ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প স্থাপনৰ জৰিয়তে বিজুলী উৎপাদনক অসম জাতীয় পৰিষদে সমৰ্থন কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ নদীবান্ধৰ সলনি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পোষকতা কৰি আহিছে ৷ তেনে স্থলত বিজেপি চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প স্থাপনক উৎসাহিত কৰাটো ৰহস্যজনক তথা দুৰ্ভাগ্যজনক বুলি তেওঁলোকে কয় ৷

শেহতীয়া দুৰ্যোগৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি কি কাৰণত তেনে পৰিস্থিতি হ'বলৈ পালে সেয়া নিশ্চিত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক এজেপিয়ে দাবী জনায় ৷ নামনিৰ প্ৰভাৱ অধ্যয়নৰ জৰিয়তে ৰাইজৰ মনৰ আশংকা-উদ্বিগ্নতা দূৰ নকৰাকৈ প্ৰকল্প নিৰ্মাণৰ কাম এক ইঞ্চিও আগবঢ়োৱাটো উচিত নহ'ব বুলি তেওঁলোকে কয় ৷ কিয়নো শেহতীয়া পৰিস্থিতিৰ পিছত ৰাইজৰ উদ্বিগ্নতা এতিয়া দুগুণে বাঢ়িছে ৷ নামনিৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন নকৰালৈকে নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দাবী জনাই নেতাদ্বয়ে কয় যে বিজুলীৰ চাহিদা পূৰণতকৈ ৰাইজৰ জীৱন-জীৱিকা আৰু ৰাজ্যৰ জৈৱ বৈচিত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাটো অধিক জৰুৰী ৷ এই কথাটো উপলব্ধি কৰাটো চৰকাৰৰ দায়িত্ব ৷

আনহাতে শেহতীয়া দুৰ্যোগে নৈৰ পানী শুকুৱাই দিয়াৰ দৰে পৰিৱেশ সৃষ্টিৰ পিছত সোৱণশিৰি নৈত থকা আপুৰুগীয়া শিহুকেইটা আৰু মাছ-কাছ আদি জীৱবোৰ কি অৱস্থাত আছে তাৰো এক পৃথক অধ্যয়ন কৰি প্ৰতিবেদন শীঘ্ৰে ৰাজহুৱা কৰিবলৈ নেতাদ্বয়ে চৰকাৰৰ ওচৰত দাবী জনায় ৷

লগতে পঢ়ক : Sobansiri Hydroelectric Project : সোৱণশিৰিপৰীয়া ৰাইজলৈ লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কবাৰ্তা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.