গুৱাহাটী,15 অক্টোবৰ: বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰবৰ্মা নাট্য মন্দিৰত অনুষ্ঠিত হয় নৱ গঠিত আঞ্চলিক অসম জাতীয় পৰিষদৰ যোগদান সভা ৷ সভাত অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ লগতে কামৰূপ মহানগৰ আহ্বায়ক সমিতি গঠন হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞা,অদিপ কুমাৰ ফুকনৰ লগতে দলটোৰ ভালেকেইজন বিষয়ববীয়া ৷ এই যোগদান সভাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক লোকে অসম জাতীয় পৰিষদৰ সদস্যপদ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে ৷
অনুষ্ঠানত উপস্থিত থাকি দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কয় যে,‘‘জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে যদি শাসনৰ পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ প্ৰাক্ মুহুৰ্তত মোগলক খেদাৰ কথা কয়,তেনেহ’লে এইখন চৰকাৰ এখন অদক্ষ চৰকাৰ ৷ এইখন চৰকাৰে অসমৰ ভাষা সংস্কৃতি বচাব নোৱাৰে’’৷
লগতে তেওঁ কয় যে,‘‘অসম জাতীয় পৰিষদ ৰাইজৰ দল ৷ আমাৰ কোনো হাইকামাণ্ড নাথাকে ৷ অসমৰ ৰাইজেই আমাৰ হাইকামাণ্ড ৷ অসমৰ বিজ্ঞসকলক আমাৰ হাইকামাণ্ড হিচাপে নিয়োজিত কৰিব খুজিছো,যাতে তেওঁলোকে আমাৰ কামৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিব পাৰে ৷ ইয়াৰোপৰি আমি দহটা পৰিয়ালৰ বিপৰীতে এজন পৰিয়াল সমন্বয়ক নিয়োজিত কৰিম,যিয়ে পৰিয়ালসমূহৰ দুখ-বেদনাবোৰৰ বুজ ল’ব পাৰিব’’৷
আনহাতে আগন্তুক নিৰ্বাচনত ৰাষ্ট্ৰীয় শক্তিক বাদ দি বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদে সকলো আঞ্চলিক শক্তিৰ সৈতে মিত্ৰতা কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক সমন্বয়ক গৰাকীয়ে ৷
লগতে পঢ়ক: ডিজিপি কাৰ্যালয়ত উপস্থিত পলাতক সঞ্জিত কৃষ্ণ