ETV Bharat / state

আৰক্ষী প্ৰশানক ব্যৱহাৰ কৰি চিণ্ডিকেটৰাজ চলাইছে নেকি বিজেপিয়ে ? - Brahmaputra industrial park north guwahati

আৰক্ষী প্ৰশাসনৰ সহযোগত শাসকীয় দল বিজেপিয়ে চিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ এজেপি(AJP)ৰ ৷ ইয়াৰ বিৰুদ্ধাচাৰণ কৰি বৃহস্পতিবাৰে আমিনগাঁৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে দলটোৱে ৷

ajp-goes-protest-aginst-bjp-saying-the-ruling-party-is-running-a-syndicate-with-the-help-of-police
আৰক্ষী প্ৰশানক ব্যৱহাৰ কৰি চিণ্ডিকেটৰাজ চলাইছে নেকি বিজেপিয়ে ?
author img

By

Published : Jul 15, 2021, 8:46 PM IST

বাইহাটা, 15 জুলাই : ৰাজ্যজুৰি চলি আছে চিণ্ডিকেটৰাজ, শাসকীয় দল বিজেপিৰ ছত্ৰছাঁয়াতেই চলিছে চিণ্ডিকেটৰাজ ৷ এই অভিযোগ জাতীয় ৰাজনৈতিক দল অসম জাতীয় পৰিষদ(assam jatiya parishad)চমুকৈ এজেপি(AJP)ৰ ৷ আৰক্ষী প্ৰশাসনক নিজৰ মতে পৰিচালনা কৰি ইয়াৰ সহায়ত ৰাজ্যজুৰি গেৰুৱা দলটোৱে চুপাৰী, গৰু, কয়লা, চাউল আদিৰ চিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দলটোৱে ৷

বৃহস্পতিবাৰে, কামৰূপ গ্ৰাম্য জিলাৰ আমিনগাঁৱত চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে দলটোৱে । এই কাৰ্যসূচী যোগে, কামৰূপ জিলাত চলি থকা চিণ্ডিকেট চক্ৰক কামৰূপ আৰক্ষীয়ে ৰক্ষণা বেক্ষণ দিয়াৰো এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে দলটোৱে । কামৰূপ জিলাৰ ছয়গাঁৱৰ মাৰুটি কোৱালিটি প্ৰডাক্ট প্ৰাইভেট লিমিটেড(Maruti quality product pvt ltd)ৰ পৰা এক লাখ বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ কৰাৰ পাছতো কৰ্তৃপক্ষৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

আৰক্ষী প্ৰশানক ব্যৱহাৰ কৰি চিণ্ডিকেটৰাজ চলাইছে নেকি বিজেপিয়ে ?

উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক(Brahmaputra industrial park north guwahati)ত প্ৰায় এশ কোটি টকাৰ চুপাৰী জব্দ কৰাৰ পাছতো কামৰূপ আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ আৰোপ কৰিলে দলটোৰ সম্পাদক জগদীশ ভূঞাই । চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিৱৰ্তী সময়ত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিলে দলটোৰ শীৰ্ষ নেতা গৰাকীয়ে ৷

জিলাখনত চলি থকা এই সমূহ চিণ্ডিকেট বন্ধ কৰাৰ দাবীত কামৰূপ জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰও প্ৰদান কৰিলে অসম জাতীয় পৰিষদে । সমগ্ৰ প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণ ক’ভিড নীতি অৱলম্বন কৰি পালন কৰা হয় ৷ ইয়াৰ লগতে, কাৰ্যসূচীত উপস্থিত থাকে পংকজ লোচন গোস্বামী, প্ৰিন্স ফাইজুল হক, সঞ্জীৱ মহন্তকে আদি কৰি অসম জাতীয় পৰিষদৰ ভালে সংখ্যক নেতা-কৰ্মী ।

লগতে পঢ়ক : সুৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰক : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.