গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ নতুন আঞ্চলিক ৰাজনৈতিক শক্তি অসম জাতীয় পৰিষদৰ উদ্যোগত মঙলবাৰে গঠন কৰা হ'ল ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ ৷ ৰাজ্যৰ সৰ্বাংগীন অৰ্থনৈতিক বিকাশৰ লক্ষ্য আগত ৰাখিছে এজেপিয়ে গঠন কৰিলে ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ ৷
এই উপলক্ষে এজেপি নেতৃত্বই গুৱাহাটী মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলতে এই কথা আনুষ্ঠানিতভাৱে সদৰি কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
সাংবাদিকক সম্বোধন কৰি দলটোৰ সভাপতি গগৈয়ে কয়, এখন ৰাজ্যৰ আভ্যন্তৰীণ সুৰক্ষা নিশ্চিত কৰি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ বাবে অর্থনৈতিক বিকাশক অগ্রাধিকাৰ দিয়াটো অতি প্ৰয়োজন ৷ ৰাজ্যখনৰ অর্থনৈতিক উন্নয়ন আৰু জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাটো এজেপিৰ প্ৰাথমিক চৰ্ত ৷ এই উদ্দেশ্যে অসম জাতীয় পৰিষদৰ উদ্যোগত ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ গঠন কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে ৷
হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী পদক্ষেপেৰে ‘বিত্তীয় আৰু অর্থনৈতিক পথ-পৰিকল্পনা’ প্রস্তুত কৰাৰ বাবে এজেপি উদ্যোগত অসমৰ বিশিষ্ট অর্থনীতিবিদ আৰু আর্থ-সামাজিক বিশেষজ্ঞক লৈ 'অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ গঠন কৰা হৈছে । স্বনিৰ্ভৰশীল অর্থনীতিৰ দ্বাৰা জাতীয় অর্থনীতিক শক্তিশালী কৰি জাতীয় পুঁজি গঠন তথা সংস্থাপন আৰু উপার্জনক গুৰুত্ব দিব এজেপিয়ে ৷ সংবাদমেলত লুৰিণজ্যোতি গগৈ কয় ৷
উল্লেখ্য যে, দেশৰ প্রখ্যাত অর্থনীতিবিদ তথা অসমৰ সুযােগ্য সন্তান ডঃ জৈমিনী ভাগৱতীক অধ্যক্ষ আৰু অৱসৰপ্ৰাপ্ত ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়াক উপাধ্যক্ষ হিচাপে লৈ অসম জাতীয় পৰিষদৰ সৌজন্যত মঙলবাৰে 'অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ' গঠন কৰা হয় ।
লগতে পঢ়ক: মিজোৰামত লক্ষাধিক ভাৰতীয় টকা উদ্ধাৰ