ETV Bharat / state

বহিৰাগত ব্যক্তিগত কোম্পানীৰ দ্বাৰা কৰ সংগ্ৰহৰ সিদ্ধান্ত বাতিলৰ আহ্বান অজাপৰ

author img

By

Published : Sep 24, 2022, 7:57 PM IST

গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়াৰ (GMCs property tax collection)৷ আজি বিষয়টো সন্দৰ্ভত অসম জাতীয় পৰিষদে আয়োজন কৰে এখন সংবাদমেলৰ ৷

AJPs react on property tax collection
বহিৰাগত ব্যক্তিগত কোম্পেনীক কৰ সংগ্ৰহৰ সিদ্ধান্ত বাতিলৰ আহ্বান অজাপৰ

গুৱাহাটী, 24 ছেপ্টেম্বৰ: গুৱাহাটীৰ পৌৰ কৰ কোনো বহিৰাগত ব্যক্তিগত কোম্পানীৰ দ্বাৰা আদায় কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে অসম জাতীয় পৰিষদ(GMCs property tax collection) । চৰকাৰৰ এই সিদ্ধান্ত অসাংবিধানিক আৰু একনায়কত্ববাদী বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ উপ-সভাপতি বলেন ভৰালীয়ে । শনিবাৰে গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অসম জাতীয় পৰিষদৰ উপ-সভাপতি বলেন ভৰালীয়ে এই অভিযোগ উত্থাপন কৰি কয় যে, গুৱাহাটীৰ পৌৰ কৰ কোনো বহিৰাগত ব্যক্তিগত কোম্পেনীক আদায় কৰিবলৈ ঠিকা আৱণ্টন কৰাৰ অধিকাৰ চৰকাৰে ক'ত পালে(AJPs react on property tax collection)?

চৰকাৰৰ উক্ত সিদ্ধান্ত অসাংবিধানিক আৰু একনায়কত্ববাদী বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে, পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদসকলৰ সাংবিধানিক অধিকাৰ অনুযায়ী মহানগৰ এলেকাধীন পৰিবহণ, ভূমি, ৰাজহ চহৰ উন্নয়ন, আৰ্থিক বা সামাজিক উন্নয়ন আদিৰ ক্ষেত্ৰত কৰ আৰোপ আৰু আদায়ৰ একচেটিয়া কৰ্তৃত্ব পৌৰ নিগমৰ । তৎস্বত্তেও নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল গুৱাহাটী পৌৰ নিগমৰ পৰিষদসকলৰ অধিকাৰ খৰ্ব কৰি কোনো বহিৰাগত ব্যক্তিগত কোম্পেনীক কৰ আদায় দিবলৈ ঠিকা আৱণ্টনৰ অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন উত্থাপন কৰে উপসভাপতিগৰাকীয়ে ?

অন্যহাতে গুৱাহাটী পৌৰ নিগমৰ কৰ সংগ্ৰহৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কেবিনেটে ল'বই নোৱাৰে ৷ পৌৰ নিগম আইন মতে এয়া পৌৰ নিগমৰ একচেটিয়া অধিকাৰ ৷ গতিকে পৌৰ নিগমত কৰ আৰোপ বা বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক ৷

ভৰালীয়ে পুনৰ কয় যে পৌৰ নিগম এলেকাত ৰাজ্য চৰকাৰে কৰ প্ৰৱৰ্তন, বিদ্যুত বিলৰ সৈতে পৌৰ কৰৰ সংযোজন আৰু কৰ নিদিলে বিদ্যুৎ কৰ্তনৰ যি সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে, সেয়াও অসাংবিধানিক ৷ যিহেতু পৌৰ নিগমলৈ ৰাইজে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধি/পৰিষদসকল আছেই, গতিকে কৰ আদায়ৰ ব্যৱস্থা কি ধৰণে গ্ৰহণ কৰিব সেয়া সিদ্ধান্ত পৰিষদবৰ্গৰ সাধাৰণ সভাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব । এনে ক্ষেত্ৰত পৰিষদবৰ্গৰ অধিকাৰ খৰ্ব কৰি জনসাধাৰণৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ভাবুকি কেতিয়াও সমর্থন যোগ্য নহয়(property tax collection on private institution) ।

চৰকাৰে এই সিদ্ধান্ত পৰিহাৰ কৰি সংবিধানিকভাৱে নিৰ্বাচিত পাৰিষদসকলক এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে লগতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালক সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়(AJP opposed Minister Ashok Singhals decision)। বলেন ভৰালীয়ে লগতে পৌৰ নিগমৰ বোকা নিষ্কাসন কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় । তেওঁ সংবাদমেলত পানী যোগান আঁচনি কেতিয়া সম্পূর্ণ হ'ব বুলিও চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ৷

লগতে তেওঁ কয় গুৱাহাটীবাসীৰ বিশুদ্ধ খোৱাপানীৰ বাবে জৱাহৰলাল নেহৰু আৰবান ৰেণুৱেল মিছন (JNNRUM) আঁচনিৰ যোগেদি দক্ষিণ পশ্চিম পানী যোগান গুৱাহাটী মেট্ৰ'পলিটান ডেভেল'পমেন্ট অথ'ৰিটি (GMDA)ৰ যোগেদি ২০০৯ চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি গুৱাহাটীবাসী ৰাইজক খোৱাপানী যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। এই আঁচনিৰ যোগে ১ নং ৱাৰ্ডৰ পৰা ১৩ নং ৱাৰ্ডৰ লগতে আজাৰা ধাৰাপুৰৰ কিছু অঞ্চল সামৰি এই পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল । এই নির্মাণ কাৰ্য ২০১৩ চনত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা আছিল, যদিও ২০২২ বর্ষ সম্পূৰ্ণ হ'বৰ হ'ল যদিও আজিও সম্পূৰ্ণ নহ'ল আঁচনিৰ কাম৷ শাসনাধিষ্ঠিত চৰকাৰখনে ২ বছৰতে আঁচনিৰ কাম সম্পূৰ্ণ কৰি গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও কাৰ্যকৰী নহ'ল সেই প্ৰতিশ্ৰুতি ।

লগতে পঢ়ক: তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.