ETV Bharat / state

মুছলমানৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ ৰাষ্ট্ৰপতিলৈ চিঠি আজমলৰ - হিন্দু জাগৰণ মঞ্চ

ত্ৰিপুৰাত বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে বিভিন্ন মছজিদত চলিছে ধাৰাবাহিক আক্ৰমণ । এনে আক্ৰমণ অব্যাহত থকাৰ সময়তে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে ত্ৰিপুৰাৰ মুছলমান লোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ।

ajmal sents letter to president to prevent attack on muslims in india
মুছলমানৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ ৰাষ্ট্ৰপতিলৈ চিঠি আজমলৰ
author img

By

Published : Oct 31, 2021, 9:05 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ : বাংলাদেশত হিন্দু লোক আৰু মন্দিৰৰ ওপৰত চলা আক্ৰমণৰ পাৰ্শ্বক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ত্ৰিপুৰাত । ত্ৰিপুৰাত বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে বিভিন্ন মছজিদত চলিছে ধাৰাবাহিক আক্ৰমণ । এনে আক্ৰমণ অব্যাহত থকাৰ সময়তে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে ত্ৰিপুৰাৰ মুছলমান লোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ।

ajmal sents letter to president to prevent attack on muslims in india
মুছলমানৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ ৰাষ্ট্ৰপতিলৈ চিঠি আজমলৰ

ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা এখন পত্ৰত আজমলে কয় যে বাংলাদেশত হিন্দু লোকৰ ওপৰত যি আক্ৰমণ চলিছে সেয়া নিন্দনীয় । ইতিমধ্যে বাংলাদেশ চৰকাৰেও দোষীৰ বিৰুদ্ধে ব্যৱস্থা লৈছে । কিন্তু ইয়াৰ প্ৰতিশোধ হিচাপে ত্ৰিপুৰাত যিদৰে মুছলমান লোকৰ ওপৰত আক্ৰমণ চলোৱা হৈছে, মছজিদ ধ্বংশ কৰা হৈছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ।

ত্ৰিপুৰাত চলা এই আক্ৰমণত মূলতঃ বজৰং দল, হিন্দু জাগৰণ মঞ্চ আৰু বিশ্ব হিন্দু পৰিষদ জড়িত বুলিও পত্ৰখনত আজমলে উল্লেখ কৰি শীঘ্ৰে এইক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ আহ্বান জনায় ।

লগতে পঢ়ক : সমাগত মাজুলীৰ ৰাস মহোৎসৱ; ৰাস কমিটিৰে বৈঠক জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.