ETV Bharat / state

মহাজোঁট অবিহনে বিজেপিক প্ৰতিহত কৰা অসম্ভৱঃ অজিত ভূঞা

দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিকলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল ৷ বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে সকলো আঞ্চলিক ৰাজনৈতিক শক্তি একলগ হোৱাটো বাঞ্ছনীয় ৷ বিহাৰৰ নিৰ্বাচনৰ পৰা আমি সকলোৱে শিক্ষা লোৱা উচিত ৷ মহাজোঁত বন্ধন অবিহনে বিজেপিক পৰাভূত কৰাটো অসম্ভৱ ৷

ajit-bhuyan-reactions-on-elections
মহাজোঁট অবিহনে বিজেপিক প্ৰতিহত কৰা অসম্ভৱঃ অজিত ভূঞা
author img

By

Published : Nov 13, 2020, 7:58 PM IST

গুৱাহাটী,13 নৱেম্বৰঃ শুকুৰবাৰে আঞ্চলিক গণ মৰ্চাৰ দলীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰিলে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই ৷ সংবাদমেলত ভূঞাৰ মন্তব্য, “কোনোবাই যদি অকলে নিৰ্বাচন খেলি বিজেপিক হৰুৱাব পাৰিম বুলি ভাবিছে তেনেহলে তেওঁ মুৰ্খৰ স্বৰ্গত বাস কৰিছে ৷ একত্ৰিত ৰাজনৈতিক যুঁজৰ অবিহনে বিজেপিক পৰাস্ত কৰাতো অসম্ভৱ ৷ বিহাৰ নিৰ্বাচনৰ পৰা আমি শিক্ষা লোৱা উচিত ৷ বিহাৰত তেজস্বী যাদবৰ চৰকাৰ হ’ল হেঁতেন; কিন্তু তেওঁলোকৰ কেইটামান সৰু ভুলৰ বাবেই ইমান চেষ্টাৰ পাছটো জয়ী হ’ব নোৱাৰিলে ৷”

মহাজোঁট অবিহনে বিজেপিক প্ৰতিহত কৰা অসম্ভৱঃ অজিত ভূঞা
আনহাতে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ, “অসম চুক্তিক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে ৷ নিৰ্বাচনৰ আগমুহূৰ্তত অসম চুক্তিক চৰকাৰে ওলোমাই ৰাখিছে ৷ অসমৰ মৌলিক সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে তিলমানো আন্তৰিকতা নেদেখুৱালে ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম হৈছেঃ মৌলানা আব্দুল কাদিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.