ETV Bharat / state

যতীন বৰা আদৰ্শহীন, সুবিধাবাদী শিল্পীঃ অজিত কুমাৰ ভূঞা - Ajit Bhuyan reaction on Jatin Borah's comment against him

"কা" আন্দোলন কৰিয়েই অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ সাংসদ হ'ল বুলি যতীন বৰাই কৰা মন্তব্যৰ প্ৰতুত্তৰ অজিত কুমাৰ ভূঞাৰ ৷

Ajit Bhuyan reaction on Jatin Borah's comment against him
যতীন বৰা আদৰ্শহীন, সুবিধাবাদী শিল্পীঃ অজিত কুমাৰ ভূঞা
author img

By

Published : Aug 18, 2020, 7:05 PM IST

গুৱাহাটী, 18 আগষ্ট: "যতীন বৰা এজন আদৰ্শহীন সুবিধাবাদী শিল্পী৷ নিজৰ সুবিধাৰ বাবে তেওঁ সময়ে সময়ে দল সলনি কৰি থাকে৷ "কা" সন্দৰ্ভত তেঁওৰ সবিশেষ জ্ঞান আছে বুলি মোৰ বিশ্বাস নহয়"৷ শেহতীয়াকৈ নিজৰ স্থিতি সলনি কৰি পুনৰ বিজেপিত যোগদান জনপ্ৰিয় অভিনেতা যতীন বৰা সন্দৰ্ভত এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা অসমৰ জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ ৷ "কা" আন্দোলন কৰিয়েই অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ সাংসদ হ'ল বুলি যতীন বৰাই কৰা মন্তব্যৰ প্ৰতুত্তৰত এই মন্তব্য অজিত কুমাৰ ভূঞাৰ ৷ উল্লেখ্য যে, "কা" আন্দোলনৰ সময়ত বিজেপি দল ত্যাগ কৰি ৰাইজৰ সতে আন্দোলন কৰা যতীন বৰাই সোমবাৰে সংবাদমেল যোগে সেই সিদ্ধান্ত আৱেগিক আছিল বুলি উল্লেখ কৰি পুনৰ বিজেপিত যোগদানৰ কথা ৰাজহুৱা কৰে ৷ লগতে "কা"ৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা আন্দোলনক নাটক আখ্যা দিয়াৰ লগতে "কা" আন্দোলন কৰি অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ সাংসদ হ'ল বুলি মন্তব্য কৰিছিল ৷ অভিনেতা জনৰ এই মন্তব্য বিৰুদ্ধে শেহতীয়াকৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজিত কুমাৰ ভূঞাই ৷

যতীন বৰা আদৰ্শহীন, সুবিধাবাদী শিল্পীঃ অজিত কুমাৰ ভূঞা

ইয়াৰ ওপৰিও "এ আই ইউ ডি এফ" দলৰ সতে মিত্ৰতা স্থাপন কৰি ৰাজ্যসভাৰ সাংসদ হোৱাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অজিত কুমাৰ ভূঞাই ৷ "এ আই ইউ ডি এফ" দল নিষিদ্ধ নেকি বুলি যতীন বৰাক প্ৰশ্ন কৰে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে ৷ সেই সিদ্ধান্ত সচেতন মহলে আদৰণি জনোৱা বুলি উল্লেখ কৰে অজিত কুমাৰ ভূঞাই ৷

আনহাতে সোমবাৰে যতীন বৰাই প্ৰদান কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিল্পী সমাজ অসমে ৷ মংগলবাৰে শিল্পী সমাজ অসমৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিল্পী অজয় ফুকনে ৷ অজয় ফুকনে মন্তব্য কৰে যে, "যতীন বৰা বিজেপি দললৈ যোৱাটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত ৷ কিন্তু "কা" আন্দোলনৰ সময়ত কোনেও কাকো প্ৰৰোচিত কৰা নাছিল ৷ জাতিৰ স্বাৰ্থত সকলোৱে ওলাই ৰাজপথলৈ আহিছিল ৷ গতিকে যতীন বৰাই তেওঁৰ মন্তব্য পুনৰ বিবেচনা কৰা উচিত "৷ আমি "কা"ৰ প্ৰতিবাদ কৰি আহিছো আৰু এইখন বাতিল নোহোৱালৈকে কৰি যামবুলি মন্তব্য কৰে অজয় ফুকনে ৷

যতীন বৰাই প্ৰদান কৰা মন্তব্য সন্দৰ্ভত শিল্পী সমাজ অসমৰ প্ৰতিক্ৰিয়া

লগতে পঢ়কঃ গৃহভূমিতেই প্ৰতিবাদৰ সন্মুখীন হ'ব যতীন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.