ETV Bharat / state

গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী - বিজেপিৰ কাৰ্যকর্তা

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই যােগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে নেতাকেইগৰাকীক দলীয় গলবস্ত্ৰৰে সম্ভাষণ জনায় । সভাপতি দাসে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়াৰ যি দর্শন, সেই দর্শন সাৰােগত কৰি নতুনকৈ যােগদান কৰা নেতাসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা বনেন্দ্ৰ কুমাৰ মুছাহাৰী

author img

By

Published : Dec 29, 2020, 6:50 PM IST

গুৱাহাটী,২৯ ডিচেম্বৰঃ ভাৰতীয় জনতা পার্টিৰ নীতি, আদর্শ তথা ৰাষ্ট্রৰ প্ৰতি থকা সমর্পনৰ মনােভাৱৰ প্রতি আকর্ষিত হৈ মঙলবাৰে কংগ্রেছৰ প্রাক্তন মন্ত্রী, বিধায়িকা অজন্ত নেওগৰ লগতে বিধায়ক ৰাজদ্বীপ গােৱালা আৰু গৌৰীপুৰৰ প্রাক্তন বিধায়ক বিপিএফৰ বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যােগদান কৰে । গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই যােগদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে নেতাকেইগৰাকীক দলীয় গলবস্ত্ৰৰে সম্ভাষণ জনায় । সভাপতি দাসে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়াৰ যি দর্শন, সেই দর্শন সাৰােগত কৰি নতুনকৈ যােগদান কৰা নেতাসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায় । সেৱাই সংগঠন- এই মূল মন্ত্রক আঁকোৱালি লৈ বিজেপিৰ কাৰ্যকর্তা সকলৰ লগত সু-সম্পর্ক স্থাপন কৰি সেৱাৰ মনােভাৱেৰে ৰাষ্ট্ৰ নিৰ্মাণত মনােনিবেশ কৰিবলৈ আহ্বান জনায় ৰাজ্যিক সভাপতি গৰাকীয়ে ।

গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা বনেন্দ্ৰ কুমাৰ মুছাহাৰী

সভাপতি দাসে আজি যােগদান কৰা অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বলীন মুছাহাৰীক ৰাজ্যিক কার্যনির্বাহক সদস্য হিচাপেও লগতে মনােনীত কৰে। অনুষ্ঠানত উপস্থিত থাকি নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আদৰ্শৰ প্রতি আস্থা ৰাখি আৰু প্রধানমন্ত্রী নৰেন্দ্র মােদী তথা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ বলিষ্ঠ নেতৃত্বৰ প্রতি আকৃষ্ট হৈ আজি যােগদান কৰা নেতাসকলৰ দলীয় অন্তর্ভুক্তিৰে বিজেপিক সাংগঠনিকভাৱে যথেষ্ট সহায় কৰিব। বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইসকল বলিষ্ঠ নেতাৰ যােগদানে দলৰ BJP + = 100 + এই লক্ষ্যত উপনীত হােৱাত যথেষ্ট সহায় কৰিব বুলি ড০ শর্মাই আশা প্রকাশ কৰে ।

অনুষ্ঠানত বক্তব্য আগবঢ়াই অজন্তা নেওগে কয় যে, ৰাজ্যিক বিজেপিৰ ভৱিষ্যত দর্শন নীতিৰ প্রতি আকৃষ্ট হৈ বিজেপিত যােগদান কৰিছে আৰু দলটোক আগবঢ়াই লৈ যােৱাৰ ক্ষেত্ৰত তেওঁ যৎপৰােনাক্তি চেষ্টা কৰিব । যুৱ নেতা ৰাজদ্বীপ গােৱালাই বিজেপিত যােগদান কৰাৰ সুযােগ প্রদান কৰাৰ বাবে দলীয় বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰি কয় যে, দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ সামর্থ অনুসৰি সেৱা আগবঢ়াই যাব । একেদৰে ৰাইজৰ প্রতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আন দলৰ তুলনাত বিজেপিৰ কাম কৰাৰ পৰিসৰ যথেষ্ট বহল বুলি উল্লেখ কৰি গৌৰীপুৰৰ প্রাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে ।

লগতে পঢ়কঃ শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.