ETV Bharat / state

অজন্তা নেওগৰ বিজেপি গমনক লৈ উত্তপ্ত কংগ্ৰেছ-বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি

author img

By

Published : Dec 20, 2020, 2:01 PM IST

কংগ্ৰেছে যিদৰে অজন্তা নেওগক বিশ্বাসঘাতক, প্ৰতাৰক আদি বুলি আখ্যা দিছে, সেইদৰে বিজেপিৰো বহুসংখ্যক তৃণমূল নেতা-কৰ্মীয়ে অজন্তা নেওগৰ বিজেপিত যোগদানৰ তীব্ৰ বিৰোধিতা কৰিছে । কিন্তু ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা অজন্তা নেওগে আগন্তুক 26 ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিবলৈ প্ৰস্তুত হৈছে ৷

as_ghy_ajanta-neog-bjp-joining_vis_7206058
অজন্তা নেওগৰ বিজেপি গমনক লৈ উত্তপ্ত কংগ্ৰেছ-বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি

গুৱাহাটী,20 ডিচেম্বৰ: কংগ্ৰেছৰ এগৰাকী আগশাৰীৰ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ বিজেপি গমনক লৈ কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে আভ্যন্তৰীণ ৰাজনীতি উত্তপ্ত হৈ পৰিছে ৷ কংগ্ৰেছে যিদৰে অজন্তা নেওগক বিশ্বাসঘাতক, প্ৰতাৰক আদি বুলি আখ্যা দিছে, সেইদৰে বিজেপিৰো বহুসংখ্যক তৃণমূল নেতা-কৰ্মীয়ে অজন্তা নেওগৰ বিজেপিত যোগদানৰ তীব্ৰ বিৰোধিতা কৰিছে । কিন্তু ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা অজন্তা নেওগে আগন্তুক 26 ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিবলৈ প্ৰস্তুত হৈছে ৷ ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে আলোচনত মিলিত হৈছে প্ৰাক্তন মন্ত্ৰী গৰাকী ৷ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰয়াত নগেন নেওগৰ দৰে এগৰাকী নিষ্ঠাবান কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰীৰ পত্নী অজন্তা নেওগে কি কাৰণত বিজেপিত যোগদান কৰিবলৈ উদ্যত হৈছে ?

যি কাৰণত নিজকে ‘বৰাকৰ ৰজা’ বুলি জহাই ফুৰা গৌতম ৰয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল সেই একেই কাৰণতে অজন্তা নেওগো বিজেপিমুখী হোৱা বুলি সন্দেহ কৰিছে একাংশই ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলতে সমাজ কল্যাণ বিভাগত সংঘটিত হৈছিল ২,১৫০ কোটি টকাৰ এক বিয়াগোম কেলেংকাৰী । সেই সময়ৰ যি তিনিজন সমাজ কল্যাণ মন্ত্ৰীৰ কাৰ্যকালত এই কেলেংকাৰী সংঘটিত হৈছিল তেওঁলোক আছিল ক্ৰমে অজন্তা নেওগ, গৌতম ৰয় আৰু অকণ বৰা । পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰ শাসনলৈ আহিয়েই ঘোষণা কৰিছিল যে এই বৃহৎ কেলেংকাৰীৰ সৈতে জড়িত কাকোৱেই ৰেহাই দিয়া নহ’ব । ২০১৬ চনত ১৯৬০ নম্বৰত এটা গোচৰো ৰুজু কৰা হৈছিল এই কেলেংকাৰীৰ বিৰুদ্ধে । লগে লগে অজন্তা নেওগ সমন্বিতে তিনিওজন প্ৰাক্তন মন্ত্ৰীক একাধিকবাৰ জেৰাও কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ।

এই কেলেংকাৰীৰে জড়িত আই এ এছ বিষয়াকে ধৰি ১২ জনকৈ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল । তিনি প্ৰাক্তন মন্ত্ৰীৰো গ্ৰেপ্তাৰৰ পথ প্ৰায় প্ৰশস্ত হৈছিল । ইয়াৰ উমান পায়েই দোষমুক্ত হোৱাৰ উদ্দেশ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল গৌতম ৰয়ে । সেই একেই পথকে এতিয়া বাচি লৈছে অজন্তা নেওগে । কিয়নো দুটা পথেই এতিয়া তেওঁৰ সন্মুখত খোলা আছে । হয় জেল যাত্ৰা নহয় বিজেপিমুখী হোৱা ৷ আনহাতে, এই সন্দৰ্ভত মন্তব্য কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, বিভিন্ন ভয় ভাবুকিৰে, গোচৰ তৰি হাৰাশাস্তি কৰি আন দলৰ পৰা মানুহ নি বিজেপিত যোগ দিওৱাটো বিজেপিৰ পুৰণি স্বভাৱ ।

লগতে পঢ়ক-বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.