গুৱাহাটী,১৬ নৱেম্বৰ : বসুন্ধৰা-২ৰ যোগেদি খিলঞ্জীয়া লোকক ভূমিৰ পট্টা দিয়া হ'ব বুলি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পাছতে জাঙুৰ খাই উঠিছে এআইইউডিএফ দল (Mission Bashundhara 2 decision)। বুধবাৰে দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত বিধায়ক আমিনুল ইছলামে কয় যে এতিয়াও খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ হোৱা নাই । তেনেস্থলত মুখ্যমন্ত্রীয়ে কিহৰ ভিত্তিত খিলঞ্জীয়াৰ বাহিৰে আন বেলেগক ভূমিৰ পট্টা দিয়া নহ'ব বুলি কৈছে ।
মুখ্যমন্ত্রীয়ে নিজৰ খেয়াল-খুচি মতে এনে কাম কৰিব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে সংবিধান উলংঘা কৰিছে । সংবিধানত ভাৰতীয় নাগৰিকৰ বাবে সম-অধিকাৰ দিয়া হৈছে । মুখ্যমন্ত্রীয়ে বিজেপিক ভোট দিয়াসকল খিলঞ্জীয়া বুলি ভাবিলে নহ'ব । তেওঁ মুখ্যমন্ত্রীক কটাক্ষ কৰি কয় যে মাটিৰ দালালৰাজ সম্পৰ্কে জ্ঞাত হোৱাৰ বাবেই হয়টো মুখ্যমন্ত্রীয়ে ফণী তালুকদাৰক নিজৰ দলত লৈ গৈছে ।
আনহাতে তিনিটা প্ৰজন্মই বাস কৰা পৰিয়ালক ভূমিৰ পট্টা দিয়াৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বহুলোকে বহু প্ৰজন্ম ধৰি বাস কৰি আছে যদিও তেওঁলোকৰ ওচৰত কোনো প্ৰমাণ নাই । সেই লোকসকলৰ কি হ'ব বুলি তেওঁ প্ৰশ্ন কৰে । সেইদৰে খহনীয়াৰ কৱলত পৰি আন ঠাইত বসতি স্থাপন কৰা লোকসকলক বঞ্চিত হোৱাৰ কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য হ'ব নোৱাৰে । এই বিষয়বোৰ চৰকাৰে বিবেচনা কৰিব লাগিব ।
তেওঁ লগতে কয় যে চৰকাৰী মাটিত থকা সকলোৱে বেদখলকাৰী । ইয়াত খিলঞ্জীয়া নাইবা অ-খিলঞ্জীয়াৰ কথা নাই । ভাৰতীয় নাগৰিকৰ বিভাজন কৰি ভূমিৰ পট্টা দিব নালাগে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে বিজেপি দলৰ খিলঞ্জীয়া কোন বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত থকাসকল খিলঞ্জীয়া আৰু বিজেপিৰ বেয়া দিনত দলৰ বাবে কাম কৰা সকলক আজি খিলঞ্জীয়া বুলি ধৰা হোৱা নাই (Aminul Islam slams Assam CM)।
তেওঁ কয় যে মুখ্যমন্ত্রীয়ে অসমৰ মুছলমানসকলৰ মাজতো বিভাজন আনিব বিচাৰিছে । নাগৰিকৰ শ্ৰেণী বিভাজনৰ যোগেদি ৰাজ্যখনত উত্তেজনাৰ সৃষ্টি নকৰি সংবিধান প্ৰদত্ত সমঅধিকাৰ সকলোকে দিয়াৰ বাবে তেওঁ দাবী জনায় । মুখ্যমন্ত্রীক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাই তেওঁ কয় যে মুখ্যমন্ত্রী কোনো জনগোষ্ঠীৰ মুখ্যমন্ত্রী নহয় ।
তেওঁ মুখ্যমন্ত্রীক এটা নিৰ্দিষ্ট জনগোষ্ঠীক টাৰ্গেট নকৰি স্থায়ীত্ব থকা চৰসমূহৰ চাৰ্ভে কৰাৰ বাবে দাবী জনায় । মুখ্যমন্ত্রীয়ে ৰাজধৰ্ম পালন নকৰি সাম্প্ৰদায়িক অপশক্তিক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে বুলি তেওঁ অভিযোগ কৰে ।
আনহাতে সংবাদমেলত এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ ৰফিকুল ইছলামে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক পদমৰ্যাদা লাঘৱ কৰিছে বুলি অভিযোগ কৰে (Hafiz Rafiqul Islam slams Himanta Biswa)। তেওঁ কয় যে মুখ্যমন্ত্রীয়ে চক্ৰ বিষয়াৰ লগতে ভূমি আৰু ৰাজহ বিভাগৰ আন বিষয়াসকলক দিয়া নিৰ্দেশনা আছিল সাম্প্ৰদায়িক । মুখ্যমন্ত্রীয়ে সমঅধিকাৰৰ সংবিধানৰ ১৪ নং অনুচ্ছেদ উলংঘা কৰাৰ অভিযোগ তুলি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে ১৫-১৬ খন জিলাৰ ক্ষেত্রত বেলেগ নিৰ্দেশনা দিছে আৰু বাকী জিলাৰ ক্ষেত্রত বেলেগ নিৰ্দেশনা দিছে । মুখ্যমন্ত্রীয়ে সকলোকে সমদৃষ্টিৰে চাব লাগিব ।
তেওঁ লগতে কয় যে এসময়ত কংগ্ৰেছত থকা মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কংগ্ৰেছৰ পথতে চলিছে । কংগ্ৰেছে চৰ অঞ্চলৰ লোক তথা ভূমিহীনক ভূমিৰ পট্টা দিব বুলি কৈ কৈ মাথো ৰাজনীতিয়ে কৰিলে । ঠিক একেদৰে কংগ্ৰেছৰ সেই পৰম্পৰা ৰক্ষা কৰিছে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ ইয়াৰ তীব্ৰ বিৰোধিতা কৰি কেবিনেটত সকলো জিলাৰ চৰ অঞ্চলৰ ক্ষেত্রত একেই দৃষ্টিভংগী ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণৰ দাবী জনায় ।
খিলঞ্জীয়াৰ প্ৰসংগত তেওঁ কয় যে খিলঞ্জীয়া কোন সেয়া এতিয়াও নিশ্চিত হোৱা নাই । আনকি তেওঁ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী-বিধায়কসকলৰ উপৰিও বিশেষভাৱে মন্ত্রী অশোক সিংঘাল, পৰিমল শুক্লবৈদ্য আৰু সঞ্জয় কিষাণৰ নাম উল্লেখ কৰি তেওঁলোক খিলঞ্জীয়া হয় নে নহয় বুলি প্ৰশ্ন কৰে । যদি খিলঞ্জীয়া হয় তেন্তে কোনো নিৰূপণ কৰিলে তাৰ উত্তৰ দিয়াৰ বাবে দাবী জনায় । তেওঁ কয় যে এতিয়ালৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ হোৱা নাই যেতিয়া মুখ্যমন্ত্রীয়ে কেনেকৈ খিলঞ্জীয়াক ভূমিৰ পট্টা দিয়াৰ কথা কোৱা অধিকাৰ পালে । তেওঁ লগতে কয় যে সাংবিধানিক পদবীত থকা মুখ্যমন্ত্রীয়ে এনেবোৰ কথা কোৱাটো সমীচিন নহয় । সংবাদমেলত এআইইউডিএফৰ কেইবাজনো নেতা উপস্থিত আছিল ।
লগতে পঢ়ক :147th Birth Anniversary: তামুলপুৰত স্বাধীনতা সেনানী বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্মজয়ন্তী