ETV Bharat / state

Rajya Sabha Election 2022 : সদলবলে ভোট দিবলৈ আহিল এ আই ইউ ডি এফ বাহিনী - ৰাজ্যসভাৰ নিৰ্বাচনত এআইইউডিএফ বাহিনীৰ ভোটদান

বৃহস্পতিবাৰে পুৱা 9 বজাৰ পৰা অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনৰ (Rajya Sabha Election 2022) ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ আবেলি 4 বজাত সামৰণি পৰিব ৷ কিন্তু ইতিমধ্যে সমাপ্ত হৈছে এই ভোটগ্ৰহণ ৷ এ আই ইউ ডি এফৰ বিধায়কসকলে সদলবলে ভোটদান(AIUDF casts their votes in Rajya Sabha Election) কৰা দেখা যায় ৷

aiudf-casts-their-votes-in-rajya-sabha-election-2022
সদলবলে ভোট দিবলৈ আহিল এআইইউডিএফ বাহিনী
author img

By

Published : Mar 31, 2022, 2:24 PM IST

গুৱাহাটী, 31 মাৰ্চ: ৰাজ্যসভাৰ নিৰ্বাচনক(Rajya Sabha Election 2022) কেন্দ্ৰ কৰি শাসক-বিৰোধী উভয়ৰে মাজত সীমা নাই ব্যস্ততাৰ ৷ পুৱা 9 বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ আবেলি 4 বজাত সামৰণি পৰিব ৷ কিন্তু ইতিমধ্যে সমাপ্ত হৈছে এই ভোটগ্ৰহণ ৷ এঘণ্টীয়া বিৰতিৰ পিছত 5 বজাত ভোটগণনা আৰম্ভ হোৱাৰ বিপৰীতে 6 বজাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷

ৰাজ্যসভাৰ দুখনকৈ আসনৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ প্ৰথমখন আসন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই দখল কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ দ্বিতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শাসকীয় পক্ষৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ লগতে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই ৷ বিজেপি বিধায়কসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভোটদান কৰিবলগা পৰিলক্ষিত হয় ৷

ইয়াৰ লগে লগে এআইইউডিএফৰো বিধায়কসকলে সদলবলে ভোটদান(AIUDF MLAs casts their votes in Rajya Sabha Election) কৰিবলৈ আহে ৷ ভোটদানৰ অন্তত বিধায়কসকলে দলটোৰ হৈ কমেও 15 টা ভোট ৰিপুণ বৰাই লাভ কৰিব বুলি দাবী কৰে ৷ ভোটদান সন্দৰ্ভত এআইইউডিএফৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলামে কয় যে, দলটোৰ 15 টা ভোট ইনটেক আছে ৷ ইয়াত কোনো সন্দেহ নাই ৷

আজি অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নিৰ্বাচন

ইফালে কংগ্ৰেছৰ চাৰিটা ভোট ভুল হোৱাৰ বাবে বাতিল হ'ব বুলি বিজেপিয়ে কৰি অহা দাবী সন্দৰ্ভত বহু প্ৰশ্নৰ অৱতাৰণা ঘটিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই কয় যে, কংগ্ৰেছৰ এটাও ভোট নষ্ট হোৱা নাই ৷ বিজেপিয়ে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তোলে বিধায়কগৰাকীয়ে ৷ তদুপৰি বিজেপিক উভতি ধৰি তেওঁ কয় যে, বিজেপি বিধায়কে কেনেকৈ কংগ্ৰেছৰ ভোট নষ্ট হোৱাৰ কথা জানিলে সেয়া ৰাজহুৱা কৰা উচিত ৷

উল্লেখ্য যে, কংগ্ৰেছে ৰিপুণ বৰাক পৰাজিত কৰাৰ চেষ্টা কৰিছে বুলি বুধবাৰে এ আই ইউ ডি এফ-ৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত মন্তব্য (MLA Aminul Islam comments on Rajya Sabha Election) কৰিছিল ৷ এ আই ইউ ডি এফে কংগ্ৰছৰ সভাপতি ছোনিয়া গান্ধীৰ সৈতে কৰা আলোচনা অনুসৰি ৰিপুণ বৰাক ভোট দিব বুলি তেওঁ ব্যক্ত কৰে ৷

লগতে চাওক: NRC পুনৰীক্ষণৰ দাবীৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.