ETV Bharat / state

এইবাৰ বিজেপিলৈ মন মেলিছে AIUDF ৰ বিধায়কে - aiudf mla phani talukdar has turned his attention to the bjp

গেৰুৱা বসন পিন্ধিবলৈ মন মেলিছে AIUDF ৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

aiudf mla phani talukdar has turned his attention to the bjp
গেৰুৱা বসন পিন্ধিবলৈ মন বিধায়ক ফণী তালুকদাৰৰ
author img

By

Published : Jul 24, 2021, 2:21 PM IST

গুৱাহাটী, ২৪ জুলাই : কংগ্ৰেছ নহয়, এইবাৰ বিজেপিলৈ মন মেলিছে AIUDF ৰ বিধায়কে । তলা-চাবি এৰি পদুমৰ কাষ চপাৰ কথা ভাবিছে AIUDF ৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে । এই কথা ফণী তালুকদাৰে নিজে স্বীকাৰ নকৰিলেও ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই দৃঢ়তাৰে প্ৰকাশ কৰিছে ইটিভি ভাৰতৰ আগত ।

আদৰ্শগতভাৱে দুয়োটা দলৰ মাজত তেল-পানীৰ সম্পৰ্ক থাকিলেও নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই পাভলুটি মাৰি গেৰুৱা হ’ব বিচাৰিছে এসময়ৰ বহু বিতৰ্কিত মাটিৰ ব্যৱসায়ী আৰু বৰ্তমানৰ এইজন বিধায়কে । প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ দুগৰাকী শীৰ্ষ নেতাৰ সৈতে এই প্ৰসংগত বিধায়ক গৰাকীয়ে কেইবাবাৰো আলোচনাত মিলিত হৈছে । কিন্তু দুই এটা ৰাজনৈতিক হিচাপ-নিকাচ নিমিলাৰ বাবেই কিছু পৰিমাণে থমকি ৰৈছে দল সলনিৰ প্ৰক্ৰিয়া ।

নক’লেও হ’ব যে, দল সলনি কৰাৰ লগে লগে সংশ্লিষ্ট বিধায়কগৰাকীয়ে সাংবিধানিক বিধি অনুসৰি ত্যাগ কৰিব লাগিব বিধায়ক পদ ।

প্ৰথমবাৰৰ বাবে বিধায়ক হৈ অহা ফণী তালুকদাৰে দল সলনি কৰিব বিচাৰিলেও বিধায়ক পদটো হেৰুৱাব খোজা নাই । যিহেতু বিজেপিত তেওঁ যোগদান কৰিলেই ভবানীপুৰ সমষ্টিত উপ-নিৰ্বাচন অৱধাৰিত হৈ পৰিব ৷ তেনেক্ষেত্ৰত ভবানীপুৰত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব ? ফণী তালুকদাৰক বিজেপিয়ে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব নে নিদিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

দলীয় সূত্ৰটোৱেই প্ৰকাশ কৰিছে এই কথা । আনহাতে, প্ৰাৰ্থিত্ব লাভৰ নিশ্চিত প্ৰতিশ্ৰুতি পালেহে গেৰুৱা বসন পিন্ধাৰ কথা ইতিমধ্যে বিজেপি নেতৃত্বৰ ওচৰত ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে । গতিকে সকলো অংক যদি ঠিকে ঠাকে থাকে, তেন্তে খুব সোনকালেই হাতত পদুম লৈ গেৰুৱা হ’ব ভবানীপুৰৰ ফণী তালুকদাৰ ।

লগতে পঢ়ক: শীঘ্ৰে সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰিব অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.