ETV Bharat / state

ছেইফি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন বদৰুদ্দিন আজমল - স্বাৱ পৰীক্ষা

মুম্বাইৰ ছেইফি হাস্পতালৰ আই চি ইউত ভৰ্তি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে সাংসদগৰাকীয়ে ৷ দেওবাৰে দ্বিতীয়বাৰ স্বাৱ পৰীক্ষা কৰোৱাত ক'ভিড-19 ধৰা পৰে তেওঁৰ দেহত ৷

badaruddin ajmal admitted in icu at saifee hospital

author img

By

Published : Jul 13, 2020, 5:12 AM IST

গুৱাহাটী, ১২ জুলাই : হঠাৎ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটিছে এ আই ইউ ডি এফৰ মুৰব্বী, ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ । ইতিমধ্যে দেওবাৰে তেওঁক মুম্বাইৰ ছেইফি হাস্পতালত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি ছেইফি হাস্পতালৰ আই চি ইউত বিশেষজ্ঞ চিকিৎসকৰ অহৰহ নিৰীক্ষণত আছে আজমল । স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেওঁক অক্সিজেন দিব লগা হৈছে । মন কৰিবলগীয়া যে বিগত কিছুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ নিজা বাসগৃহত চিকিৎসাধীন হৈ আছিল বদৰুদ্দিন আজমল ।

badaruddin ajmal admitted in icu at saifee hospital
ছেইফি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন বদৰুদ্দিন আজমল

যোৱা ৪ জুলাইত ছেইফি হাস্পতালত তেওঁৰ স্বাৱ পৰীক্ষা কৰোৱা‌ হৈছিল যদিও সেই ফলাফল "নিগেটিভ" পোৱা গৈছিল । ইতিমধ্যে একাংশ সংবাদ মাধ্যমত বদৰুদ্দিন আজমল ক'ৰণাত আক্ৰান্ত বুলি প্ৰচাৰ হোৱাত সমগ্ৰ বিষয়টোক লৈ এক বিভ্ৰান্তিৰ সৃষ্টি হয় । কিন্তু দেওবাৰে নিশা এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামে ইটিভি ভাৰতক কয় যে, "৪ জুলাইত আজমল চাহাবৰ স্বাৱ পৰীক্ষাৰ ফলাফল ছেইফি হাস্পতালে নিগেটিভ বুলি জনাইছিল । কিন্তু তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত দেওবাৰে পুনৰ তেওঁৰ স্বাৱ পৰীক্ষাৰ বাবে দিয়া হয় । কিন্তু ফলাফলত তেওঁৰ নামটো ভুলকৈ অহাত আন এক বিভ্ৰান্তিৰ সৃষ্টি হয় । অৱশেষত তেওঁৰ ফলাফল শুদ্ধকৈ পোৱা হয় যত তেওঁ ক'ভিড পজিটিভ বুলি কোৱা হয় আৰু তেওঁক‌ ছেইফি হাস্পতালত ভৰ্তি কৰোৱা হয় " ।

বৰ্তমান শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰাত কষ্ট অনুভৱ কৰিছে বদৰুদ্দিন আজমলে । ইপিনে আজমলৰ ভাতৃ তথা বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰ শৰীৰত পূৰ্বতেই ক'ভিড পজিটিভ ধৰা পৰিছিল । সম্প্ৰতি চিৰাজুদ্দিন আজমলো ছেইফি‌ হাস্পতালত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.