ETV Bharat / state

AIIMS Guwahati : ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এইমছ - কামৰূপ জিলা প্ৰশাসন

অচিৰেই ৰাইজৰ বাবে মুকলি হ’ব বহু প্ৰত্যাশিত এইমছ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নৱনিৰ্মিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানটো (এইমছ) (AIIMS Guwahati will inaugurate )।

AIIMS Guwahati will inaugurate on 14 april
১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এইমছ
author img

By

Published : Mar 2, 2023, 10:32 PM IST

গুৱাহাটী, ২ মাৰ্চ : আনুষ্ঠানিকভাৱে মুকলিৰ বাবে সাজু কৰি তোলা হৈছে এইমছ গুৱাহাটী(AIIMS Guwahati will inaugurate )। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব চাংসাৰিত নৱনিৰ্মিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটী (PM Narendra Modi will inaugurate AIIMS)। বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta) আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে বৃহস্পতিবাৰে এইমছ চৌহদত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা কেন্দ্ৰীয় চিকিৎসা শিক্ষা-গৱেষণা প্ৰতিষ্ঠানটোৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে।

ইয়াৰ লগতে উদ্বোধনৰ প্ৰস্তুতি সন্দৰ্ভত এইমছ কৰ্তৃপক্ষ, কামৰূপ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকতো মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী । ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে ভাগ লোৱা গুৰুত্বপূৰ্ণ বৈঠকত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লি, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ লগতে এইমছ নিৰ্মাণৰ দায়িত্বত থকা এ চি চি এলৰ প্ৰকল্প সমন্বয়কসকল উপস্থিত থাকে ৷

ইয়াৰ উপৰি কামৰূপৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ), চাংসাৰিৰ ৰাজহ চক্ৰ বিষয়া, জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ লগতে লোক নিৰ্মাণ (পথ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ), জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা-কাৰ্যবাহী অভিযন্তা, অসম শক্তি বিতৰণ নিগম লিমিটেড, অসম বিদ্যুৎ সংবহন নিগম লিমিটেড আৰু অসম শক্তি বিতৰক নিগম লিমিটেডৰ অভিযন্তা-কাৰ্যবাহী বিষয়াসকল ।

বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব পৱন বৰঠাকুৰে প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধনৰ বাবে ৩১ মাৰ্চৰ ভিতৰতে এইমছ সম্পূৰ্ণভাৱে সাজু কৰাৰ ক্ষেত্রত অন্তিম প্ৰস্তুতিৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ বিতং ভাৱে পৰ্যালোচনা কৰে । প্ৰৱেশ পথৰ উন্নয়ন আৰু চৌহদৰ সৌন্দৰ্য বৰ্দ্ধনকে ধৰি অন্তিম পৰ্যায়ৰ নিৰ্মাণকাৰ্যৰ লগতে প্ৰস্তুতি সম্পৰ্কীয় আনুষংগিক বিভিন্ন দিশ ৩১ মাৰ্চৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ বাবে এইমছ কৰ্তৃপক্ষ, নিৰ্মাণকাৰী সংস্থা, জিলা প্ৰশাসন আৰু চৰকাৰী বিভাগসমূহক স্বাস্থ্যমন্ত্ৰী আৰু মুখ্য সচিবে দিহা দিয়াৰ লগতে প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়ায়।

এই বৈঠকৰ পাছতে মন্ত্ৰী মহন্ত আৰু মুখ্য সচিব বৰঠাকুৰে বিভাগীয় আয়ুক্ত সচিব, উপায়ুক্ত, আৰক্ষী অধীক্ষক, এইমছৰ কাৰ্যবাহী সঞ্চালক আৰু বিভাগীয় বিষয়াসকলক লগত এইমছৰ নৱনিৰ্মিত ভৱনসমূহৰ লগতে চৌহদ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক: Shiva Temple Inaugurated at Howley: ৯ বছৰত ৫৬ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীয়ে: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.