গুৱাহাটী, ৫ ছেপ্টেম্বৰ : আগন্তুক ছটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ ক্ষেত্ৰত সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ কৰ্তৃত্ব কংগ্ৰেছ হাইকমাণ্ডে ন্যস্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ ওপৰত । সম্প্ৰতি দিল্লীত বাহৰ পাতি থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে ইটিভি ভাৰতৰ আগত এই কথা নিশ্চিত কৰে ।
তেওঁ লগতে আৰু কয় যে, ইতিমধ্যে উপ-নিৰ্বাচন সম্পৰ্কে সকলো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এখন আঠজনীয়া সমিতি গঠন কৰা হৈছে ৷ সেই সমিতিকেই সকলো সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব হাইকমাণ্ডে অৰ্পণ কৰিছে । উল্লেখযোগ্য যে, এই আঠজনীয়া সমিতি গঠন কৰা হৈছে সভাপতি ভূপেন বৰাৰ নেতৃত্বত ।
সমিতিৰ বাকী সাতগৰাকী সদস্য হ'ল ক্ৰমে দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ্য দে' পুৰকায়স্থ, ৰকিবুল হুছেইন, প্ৰণতি ফুকন আৰু বসন্ত দাস ।
আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে তেওঁৰ দলৰ মিত্ৰতাত ৰাহুল গান্ধীয়ে সেউজ সংকেত দিছে বুলি বাৰম্বাৰ দাবী কৰিলেও ভূপেন বৰাই দেওবাৰে সেই দাবী নস্যাৎ কৰে । তেওঁ কয় যে, মিত্ৰতাই হওক বা আন কোনো বিষয়েই হওক উপ-নিৰ্বাচন কেন্দ্ৰিক সকলো সিদ্ধান্ত ল’ব এই আঠজনীয়া সমিতিখনেই ।
লগতে পঢ়ক : নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত