ETV Bharat / state

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মহানগৰীত বৈঠক

author img

By

Published : Aug 25, 2019, 6:10 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মহানগৰীত দেওবাৰে অনুষ্ঠিত হয় এখন সজাগতামূলক ঘূৰণীয়া মেজমেল ৷ ৰাজ্যৰ বিভিন্ন স্তৰৰ চিন্তাশীল ব্যক্তিকে ধৰি লেখক, সাংবাদিক, অধিবক্তাই অংশগ্ৰহণ কৰে এই সজাগতা সভাত ৷ অসম সাহিত্য সভা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্বনৰ উদ্যোগত "NRCৰ পিছৰ অসম জ্ঞানৰ সন্ধানত এক ঘূৰণীয়া মেজমেল" শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মহানগৰীত ঘূৰনীয়া মেজমেল

গুৱাহাটী, 25 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ দেওবাৰে মহানগৰীত অনুষ্ঠিত হয় এখনি সজাগতামূলক ঘূৰণীয়া মেজমেল ৷ 31 আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাজ্যবাসীৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেই এইদৰে আলোচনাত মিলিত হয় ৰাজ্যৰ বিভিন্ন স্তৰৰ সচেতন লোক, লেখক, সাংবাদিক, অধিবক্তাকে ধৰি বিভিন্ন লোক ৷ অসম সাহিত্য সভাৰ পাৰ্বতী প্ৰসাদ বৰুৱা ভৱনত অসম সাহিত্য সভা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ৷ "NRCৰ পিছৰ অসম জ্ঞানৰ সন্ধানত এক ঘূৰণীয়া মেজমেল" শীৰ্ষক নামেৰে অনুষ্ঠিত হয় সভাখন ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মহানগৰীত দেওবাৰে অনুষ্ঠিত হৈ যায় এখন সজাগতামূলক ঘূৰনীয়া মেজমেল

দেওবাৰে অনুষ্ঠিত হোৱা সভাখনত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, ৰাজ্যৰ বিশিষ্ট জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, সাংবাদিক মৃণাল তালুকদাৰকে ধৰি বহুসংখ্যক ব্যক্তিয়ে ৷ সভাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশৰ সময়ত অসমবাসী ৰাইজক শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱা হয় ৷ অহা 31 আগষ্টত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সেই সময়খিনিত যাতে কোনো অপশক্তিয়ে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সকলোকে সচেতন হৈ থাকিবলৈ আহ্বান জনায় জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে ৷ সদৌ অসম ছাত্ৰ সন্থা, অসম গণ সংগ্ৰাম পৰিষদ আৰু অসমবাসী ৰাইজৰ ছয়বছৰীয়া আন্দোলনৰ ফলতেই অসমে লাভ কৰিবলৈ গৈ আছে বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়, নাগৰিকপঞ্জী কৰ্তৃপক্ষ, অসম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাই নিষ্ঠাৰে কাম কৰি গৈছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কিবা ভূল থাকিলেও পৰৱৰ্তী কালত সংশোধনৰ অজস্ৰ পথ আছে ৷ যিসকলৰ নাম প্ৰকাশ নহয় তেওঁলোকে আবেদন কৰিবলৈ আইনী সুবিধা লাভ কৰিব ৷ গতিকে ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে ৷

Intro:Nrc meeting r visuals ru pic eyat dia hoise...Body:Script ru bite mojotConclusion:Lipika deka..guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.