গুৱাহাটী, ১ ফেব্ৰুৱাৰী: কৃষি প্ৰধান ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাটো এতিয়াও উন্নত হোৱা নাই । কৃষকে বতৰৰ ওপৰতে নিৰ্ভৰশীল হৈ কৃষিকাৰ্য সম্পাদন কৰিবলগীয়া হয় । লক্ষণীয় বিষয় যে ২০১৫ চনতেই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ বাবে অনুমোদন জনোৱা প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (পি এম কে এছ ৱাই) আঁচনিখন আজিও অসমত অসম্পূর্ণ হৈয়েই ৰৈছে (Assam lagging behind in irrigation)।
আঁচনিখনৰ প্ৰথম পৰ্যায়ৰ প্ৰকল্পসমূহৰ ৰূপায়ণ সম্পূর্ণ হৈছে যদিও দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ নির্মাণ এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই । আনহাতে দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ নির্মাণ সম্পন্ন হোৱাৰ পাছত তৃতীয় পৰ্যায়ত কিমান সংখ্যক এলেকা আঁচনিখনৰ জৰিয়তে সামৰি লোৱা হ’ব সেয়া এতিয়াও অস্পষ্ট (PMKSY project in Assam) ।
![Agricultural state Assam lagging behind in terms of irrigation system](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-when-will-the-pmksy-project-be-completed-in-assam-7209925_01022023132712_0102f_1675238232_683.jpeg)
উল্লেখ্য যে দেশৰ সকলো কৃষি ভূমিত পর্যাপ্ত পৰিমাণৰ পানী যোগান ধৰাৰ উদ্দেশ্যে ২০১৫ চনৰ এক জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল । সেই বৈঠকত পি এম কে এছ ৱাই আঁচনিখন ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেই অনুপাতে ধন ধার্য কৰি ৰাজ্যসমূহক ধনৰ আবণ্টন দিয়া হয় ।
ৰাজ্যসমূহৰ পৰা যোৱা প্ৰস্তাৱৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ধন আৱণ্টন দিয়ে । অসমত কৃষি পথাৰত পানী যোগান ধৰাৰ দায়িত্বত যিহেতু জলসিঞ্চন বিভাগ আছে, সেয়ে জলসিঞ্চন বিভাগে প্ৰস্তাৱ দাখিলৰ পাছত কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে ধন মুকলি কৰি দিয়ে । প্ৰথম পর্যায়ত জলসিঞ্চন বিভাগে ১৪ খন জিলাৰ ১৯১১৬ হেক্টৰ কৃষি ভূমি উক্ত আঁচনিখনৰ জৰিয়তে সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু পলমকৈ হ’লেও সেই লক্ষ্য পূৰ কৰিবলৈ সক্ষম হয় ।
![Agricultural state Assam lagging behind in terms of irrigation system](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-when-will-the-pmksy-project-be-completed-in-assam-7209925_01022023132712_0102f_1675238232_890.jpeg)
প্ৰথম পৰ্যায়ত বিভাগটোৱে বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, ডিব্ৰুগড়, গোৱালপাৰা, যোৰহাট, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, দৰং, নগাঁও, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ ১৯১১৬ হেক্টৰ কৃষি ভূমি সামৰি লৈছিল । সম্প্ৰতি উক্ত এলেকাত প্ৰকল্পসমূহৰ নির্মাণ সম্পন্ন হৈছে যদিও দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ আংশিক নির্মাণহে হৈছে ।
দ্বিতীয় পর্যায়ত বিভাগটোৱে বাক্সা, ধেমাজি, মৰিগাঁও, নলবাৰী, লখিমপুৰ, কাৰ্বি আংলং, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু তিনিচুকীয়া জিলাৰ ১৯৬৬৪ হেক্টৰ ভূমি সামৰি লোৱাৰ লক্ষ্য লৈছিল । কিন্তু এতিয়াও দ্বিতীয় পর্যায়ৰ কেইবাটাও প্ৰকল্প আধৰুৱা হৈ আছে । লক্ষণীয় বিষয় যে ধন আবণ্টিত প্ৰকল্পৰ নিৰ্মাণ যিমানেই লেহেম হ’ব, পৰৱৰ্তী পৰ্যায়ৰ ধন লাভ কৰাত সিমানেই পলম হ’ব ।
![Agricultural state Assam lagging behind in terms of irrigation system](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-when-will-the-pmksy-project-be-completed-in-assam-7209925_01022023132712_0102f_1675238232_310.jpeg)
কিয়নো নির্মাণ সম্পন্ন হোৱাৰ পাছত পুঁজি ব্যৱহাৰৰ প্ৰমাণ-পত্ৰ দাখিল কৰিলেহে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী পুঁজি মুকলি কৰে । এনেস্থলত পুঁজি ব্যৱহাৰৰ প্ৰমাণ-পত্ৰ দাখিলৰ ওপৰত পৰৱৰ্তী পুঁজি নিৰ্ভৰ কৰে । যিহেতু ৰাজ্যখনত পি এম কে এছ ৱাই আঁচনিখনত বহু কৃষি ভূমি সামৰি ল’বলৈ এতিয়াও বাকী আছে, সেয়ে ধন লাভ কৰা প্ৰকল্পসমূহৰ নির্মাণ সম্পন্ন হোৱাটো জৰুৰী হৈ পৰিছে ।
![Agricultural state Assam lagging behind in terms of irrigation system](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-when-will-the-pmksy-project-be-completed-in-assam-7209925_01022023132712_0102f_1675238232_439.jpeg)
অসমক বাদ দি দেশৰ কৃষি প্ৰধান আগশাৰীৰ ৰাজ্যসমূহত ইতিমধ্যে পি এম কে এছ ৱাই আঁচনিখন সঠিক দিশত ৰূপায়ণ হৈছে । গুৰুত্বপূৰ্ণ বিষয় যে দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ পাছতহে কেন্দ্ৰই তৃতীয় পর্যায়ত নির্মাণ হ'ব লগা প্ৰকল্পসমূহৰ বাবে ধন আবণ্টন দিব । ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিল কৰিব নোৱাৰা পর্যন্ত তৃতীয় পৰ্যায়ৰ ধন লাভ নকৰিব ।
![Agricultural state Assam lagging behind in terms of irrigation system](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-when-will-the-pmksy-project-be-completed-in-assam-7209925_01022023132712_0102f_1675238232_118.jpeg)
সেয়ে দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পসমূহৰ ৰূপায়ণ কম দিনৰ ভিতৰত সম্পন্ন কৰিব নোৱাৰিলে তৃতীয় পৰ্যায়ৰ ধন লাভ কৰাত বিলম্ব হোৱাটো নিশ্চিত । অৰ্থাৎ বিভাগীয় গাফিলতিৰ বাবেই কৃষকে জনসিঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । ইফালে ৰাজ্যখনত সহস্ৰাধিক জলসিঞ্চন আঁচনিয়েই বন্ধ হৈ পৰিছে । জানিব পৰা মতে ৰাজ্যত নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত জলসিঞ্চনৰ কোনা এখন বিকল আঁচনি কার্যক্ষম কৰি তোলাৰ বাবে বিভাগে পদক্ষেপ গ্ৰহণ কৰা নাই ।
নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত কেৱল জলসিঞ্চনৰ কার্যালয় সমূহৰহে পুনৰ গঠন প্ৰক্ৰিয়া চলি আছে । বিধানসভাৰ সমষ্টি ভিত্তিত জলসিঞ্চনৰ এটাকৈ কার্যালয় স্থাপন কৰা প্ৰক্ৰিয়াৰ বিপৰীতে কোনা সমষ্টিত যদি এটাতকৈ অধিক জলসিঞ্চনৰ কার্যালয় আছে, তেন্তে তেনে কার্যালয় আন সমষ্টিলৈ উঠাই নিয়াৰ প্ৰক্ৰিয়া চলি আছে । কার্যালয় পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বিভাগটোৰ কর্মচাৰীৰ ক্ষেত্ৰতো স্থানৰ সালসলনি কৰা প্ৰক্ৰিয়া চলিছে ।
![Agricultural state Assam lagging behind in terms of irrigation system](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-when-will-the-pmksy-project-be-completed-in-assam-7209925_01022023132712_0102f_1675238232_270.jpeg)
এনে কাৰণত নতুন চৰকাৰখনৰ বিগত কালছোৱাত বিকল আঁচনিসমূহ প্ৰাণ পাই নুঠিল । ৰাজ্যখনত মুখ্য ৩৮৮৪ খন জলসিঞ্চলৰ আঁচনি আছে আৰু ইয়াৰে ১৮০০ৰো অধিক আঁচনিয়ে বিকল হৈ আছে । বিভাগীয় সূত্ৰই সদৰী কৰা অনুসৰি প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ বাহিৰে আন জলসিঞ্চনৰ আন আঁচনিৰ নামত পুঁজি আৱন্টন হোৱা নাই ।
যাৰ বাবে মেৰামতিৰ অভাৱত ইখনৰ পাছত সিখনকৈ আঁচনি বন্ধ হৈ পৰিছে । সূত্ৰটোৰ মতে এ আই বি পি আঁচনিৰ অধীনত ৰাজ্যখনত অধিক জলসিঞ্চন আঁচনি আছে । কিন্তু এই আই বি পি আঁচনিসমূহৰ বাবে পুঁজিৰ আৱণ্টন দিয়া বন্ধ কৰাত ভৱিষ্যতলৈ এইসমূহ আঁচনিৰ মেৰামতি সম্পূর্ণ বন্ধ হৈ পৰিব ।
লগতে পঢ়ক: Union Budget 2023 : কৃষি ষ্টাৰ্ট-আপ বৃদ্ধিৰ বাবে বিশেষ পুঁজি ঘোষণা বিত্ত মন্ত্ৰীৰ