তেজপুৰ,৭ মাৰ্চ : তেজপুৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত তলা লাগিল । সমাপ্তি পৰিল 35 বছৰীয়া এক বৰ্ণিল ইতিহাস । 1985 চনৰ পৰা সুদীৰ্ঘ 35 বছৰ অগপৰ দলৰ হৈ তেজপুৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা বৃন্দাবন গোস্বামীয়ে আজি দল ত্যাগ কৰিলে।
বৃন্দাবন গোস্বামীয়ে অগপৰ পৰা টিকট বঞ্চিত হোৱাৰ পাচতে সিদ্ধান্ত গ্ৰহণ কৰিলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ । আৰু লগে লগেই কাৰ্য্যালয় ভাঙি চুৰ মাৰ কৰাৰ লগতে সমৰ্থকে জ্বলাই দিলে অসম গণ পৰিষদৰ ফ্লেগ । কাৰ্য্যালয়ৰ সকলো নথি পত্ৰ দাহ কৰিলে চৌহদত ।
লগতে পঢ়ক: উন্নয়নৰ মুখ নেদেখিলে টিফুক চাহ বাগিচাবাসীয়ে