ETV Bharat / state

আমবাৰীত অগপৰ কাৰ্যনিৰ্বাহক বৈঠক - অগপ

মিত্ৰ দল বিজেপিৰে সৈতে হ'বলগীয়া আসনৰ বুজাবুজি সন্দৰ্ভত শুকুৰবাৰে অগপৰ আমবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ এখন কাৰ্যনিৰ্বাহক বৈঠক ৷ এই বিষয়ে সংবাদ মাধ্যমযোগে অৱগত কৰে দলটোৰ সম্পাদক মনোজ শইকীয়াই ৷

কাৰ্যনিৰ্বাহক বৈঠক
কাৰ্যনিৰ্বাহক বৈঠক
author img

By

Published : Sep 25, 2020, 7:42 PM IST

Updated : Sep 25, 2020, 8:30 PM IST

গুৱাহাটী, 25 ছেপ্তেম্বৰ: শুকুৰবাৰে অগপৰ আমবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ এখন কাৰ্যনিৰ্বাহক বৈঠক ৷ বৈঠকত উপস্থিত থাকে দলটোৰ সভাপতি অতুল বৰা, মন্ত্ৰী ফণীভূষন চৌধুৰীকে ধৰি ভালেকেইগৰাকী শীৰ্ষ নেতৃত্ব ৷ মূলতঃ ২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰসংগত আলোচনা হোৱা বৈঠকখনত মিত্ৰ দল বিজেপিৰে সৈতে হ'বলগীয়া আসনৰ বুজাবুজি সন্দৰ্ভত আলোচনা হোৱা বুলি জানিবলৈ দিয়ে দলটোৰ সম্পাদক মনোজ শইকীয়াই ৷ "অগপৰ দখলত থকা এটাও সমষ্টি এৰি নিদিয়ে মিত্ৰ দল বিজেপিক ৷ বৰ্তমানে থকা সমষ্টিৰ লগতে নতুনকৈ আৰু কিছু সমষ্টিৰহে দাবী কৰিব অগপই ৷ প্ৰয়োজন হ’লে দুই এটা সমষ্টিত মুখ সলনি হ’ব পাৰে ; কিন্তু থকা সমষ্টিসমূহ এৰি নিদিয়ে অগপই ৷" এই মন্তব্য কৰে সম্পাদক মনোজ শইকীয়াই ৷

আমবাৰীত অগপৰ কাৰ্যনিৰ্বাহক বৈঠক

আনহাতে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা SI নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভতো মন্তব্য দলটোৰ সম্পাদক গৰাকীৰ ৷ তেওঁ উল্লেখ কৰা অনুসৰি SI কেলেংকাৰীত অগপ জড়িত নহয় ৷ অগপক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈ এইয়া বিৰোধীৰ চক্ৰান্ত ৷ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ দি অগপৰ সম্পাদক গৰাকীয়ে লগতে কয় যে, 2021ৰ নিৰ্বাচনক লৈ অগপ সম্পূৰ্ণ সাজু ৷ পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব দলটো ৷ উল্লেখ্য যে, পূৰ্বৰ দৰে এইবাৰো অগপৰ কাৰ্যনিৰ্বাহক বৈঠকখনত নাথাকিল দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷

Last Updated : Sep 25, 2020, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.