গুৱাহাটী, 26 ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংবাদিকক আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ উপদেষ্টা ড৹ বসন্ত ডেকাই ৷ ডেকাই কয়, আশা কৰা ধৰণেৰে সকলো হৈছে ৷ ২১ ত অসমত আঞ্চলিক দলৰ চৰকাৰ হ’ব ৷ মিত্ৰ দলৰ সৈতে আলোচনা অব্যাহত আছে বুলি কয় ড৹ বসন্ত ডেকাই ৷
'অসম জাতীয় দলৰ প্ৰায় ১১৭ জন প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিত প্ৰতিদ্বন্দ্বীতা আগবঢ়াবৰ বাবে আবেদন কৰিছে ৷' সাংবাদিকক সম্বোধন কৰি বসন্ত ডেকাই এইদৰে মত প্ৰকাশ কৰে ৷
উল্লেখ্য যে, শুকুৰবাৰে ঘোষণা হ’ল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই দিল্লীৰ বিজ্ঞান ভৱনত ঘোষণা কৰিলে দেশৰ 4 খন ৰাজ্যত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ দিন ৷
লগতে পঢ়ক: 27 মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচন : 2 মে'ত ভোটগণনা