গুৱাহাটী, ১৫ মে’: মাদকদ্ৰব্যৰ অপব্যৱহাৰ বৰ্তমান সমাজৰ এক জলন্ত সমস্যা । ড্ৰাগছ, মদ ,ভাং আদি নিচাযুক্ত ড্ৰব্যৰ সেৱনৰ ফলত আক্ৰান্তজনৰ লগতে পৰিয়াল আৰু সমাজত বহুধৰণৰ কু প্ৰভাৱ পৰে । সমাজখনক ড্ৰাগছমুক্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে । এবছৰত ৫৪৮ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৪৮৩৮ জনক গ্ৰেপ্তাৰ কৰিছে । তাৰ পাছতো মহানগৰীত চোৰাংভাৱে ড্ৰাগছ আহি থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে ।
ড্ৰাগছৰ কৱলত পৰি বহু যুৱক-যুৱতীয়ে নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে । ইয়াৰ ভিতৰত বহুজনে ড্ৰাগছৰ পৰা নিজকে মুক্ত কৰি পুণৰ নতুনকৈ জীৱন আৰম্ভ কৰিছে । ইয়াৰ এক উদাহৰণ হৈছে মহানগৰীৰ দক্ষিণ গাঁৱৰ অতনু পাঠক । ১৯৯৮-২০১৭ লৈ ড্ৰাগছ আসক্ত হৈ থকা যুৱকজন সম্প্ৰতি ড্ৰাগছমুক্ত হৈ আনকো ড্ৰাগছ সেৱনৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে । তাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ গাঁৱৰ নিজ বাসভৱনতে আকাৰ ৰিহেবিলিটেচন ফেছিলিটি(AAKAAR rehabilitation facility) নামেৰে পুনৰ সংস্থাপন কেন্দ্ৰ ২০২০ চনৰ পৰা আৰম্ভ কৰিছে (Rehabilitation centre in Guwahati) ।
অতনু পাঠকে কয় যে, নিচাসক্ত মানুহক এক উচিত চিকিৎসাৰ দ্বাৰা সমাজৰ মূল সুঁতিলৈ উভতাই আনি নিজৰ ভৱিষ্যত জীৱন সুন্দৰ কৰি গঢ় দিয়াত সকলো ধৰণৰ সহায় কৰা হয় । কিয়নো মই নিজে ড্ৰাগছ আসক্ত আছিলোঁ । নিচাসক্ত যে এটা বেমাৰ মানি ল’ব পৰা নাছিলোঁ । জীৱনটো শেষ হোৱাৰ নিচিনা হৈছিল । যেতিয়া এই কথা বুজি পালো তেতিয়া ৰিহেবিলিটেচন কেন্দ্ৰত থাকি মূল সূঁতিলৈ উভতি আহিলোঁ । সেয়ে মই নিচাসক্ত হৈ যি অভিজ্ঞতা পালো যাতে সেই পথেৰে নৱ প্ৰজন্ম নাযায় তাৰ সঠিক ৰাস্তা দেখুৱাই দিবলৈ চেষ্টা কৰিছো । যাতে তেওঁলোকে বেয়া পথলৈ নাযায় ।
চৰকাৰে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই আছে । অভিযান চলোৱাৰ পাছত বহু ড্ৰাগছ আসক্ত কেন্দ্ৰটোলৈ আহিছে । কিন্তু চাহিদা থকালৈ যোগান থাকিবয়েই । সেয়েহে প্ৰথমে চাহিদা কমাব লাগিব । চৰকাৰৰ ফালৰ পৰা ৰিহেবিলিটেচন কেন্দ্ৰ খুলিব লাগিব । ড্ৰাগছ আসক্ত ব্যক্তিসকলক চিনাক্ত কৰি ৰিহেবিলিটেচন কৰিব লাগে বুলি মন্তব্য কৰে অতনু পাঠকে (Rehabilitation centre for drugs addicted in Guwahati) ।
লগতে পঢ়ক: জলাশয় আইন ভংগ কৰি পথ নিৰ্মাণ কৰিছে জয়ন্ত মল্ল বৰুৱাই : প্ৰদেশ কংগ্ৰেছ