গুৱাহাটী, ৪ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক নেতাৰ লগতে বিভিন্ন স্তৰৰ লোকসকলে নিজৰ নিজৰ পি এছ অ' তথা চৰকাৰী নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ ধৰিছে । লক্ষণীয় বিষয় যে পি এছ অ' সংস্কৃতি ত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে আহ্বান জনাইছিল । সেই আহ্বানৰ পাছতেই এজনৰ পাছত এজনকৈ ৰাজনৈতিক নেতা-বিধায়কে ত্যাগ কৰিছে চৰকাৰী ব্যক্তিগত দেহৰক্ষী ।
![PSO Withdrawal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-after-cm-request-364-people-release-there-security-guards-7209925_04022022134049_0402f_1643962249_31.jpeg)
ইফালে কেবিনেট বৈঠকত বিভিন্ন ব্যক্তি বিশেষক প্রদান কৰা পি এছ অ'ৰ প্ৰয়োজনীয়তা পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত অসম আৰক্ষীয়ে ৩৬৪ গৰাকী ব্যক্তি বিশেষৰ সুৰক্ষাৰ দায়িত্বত থকা ৭২৬ গৰাকী পি এছ অ' প্ৰত্যাহাৰ কৰিছে । পুনৰীক্ষণ কমিটীৰ প্রতিবেদনৰ ভিত্তিত জীৱনৰ প্রতি কোনো ভাবুকি নথকা বিজেপি নেতাকে ধৰি প্রাক্তন মন্ত্রী, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক, বিভিন্ন প্রতিষ্ঠানৰ অধ্যক্ষ-উপাধ্যক্ষ, ব্যৱসায়ী, ছাত্রনেতা আৰু উগ্রপন্থী নেতাকে ধৰি ৩৬৪ গৰাকী ব্যক্তিৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে (Withdrawal of PSO of 364 persons in Assam)। এইসকল লোকৰ বিপৰীতে বছৰ বছৰ ধৰি নিয়োজিত হৈ থকা ৫৩১ গৰাকী পি এছ অ', ৪৭ গৰাকী এছকর্ট, ৪ গৰাকী পাইলট আৰু ১৪৪ গৰাকী হাউছ গার্ডক প্ৰত্যাহাৰ কৰা হৈছে ।
![PSO Withdrawal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-after-cm-request-364-people-release-there-security-guards-7209925_04022022134049_0402f_1643962249_153.jpeg)
গুৱাহাটীতে মুঠ ৫৬ গৰাকী ব্যক্তিৰ পি এছ অ' প্ৰত্যাহাৰ কৰা হৈছে । ইয়াৰ ভিতৰত আছে ১৮ গৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া, ১৯ গৰাকী অধ্যক্ষ-উপাধ্যক্ষ, ৫ গৰাকী প্রাক্তন বিধায়ক-সাংসদ আৰু ১৪ গৰাকী ৰাজনৈতিক নেতা । তথ্য অনুসৰি অসম আৰক্ষীৰ বর্তমান ৪,১৮৮ গৰাকী জোৱান পি এছ অ' হিচাপে নিয়োজিত হৈ আছে । এইসকল পি এছ অ'ই মুঠ ১,২১৯ গৰাকী ভি আই পি, ভি ভি আই পি তথা ব্যক্তি বিশেষৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে ।
![PSO Withdrawal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-after-cm-request-364-people-release-there-security-guards-7209925_04022022134049_0402f_1643962249_675.jpeg)
ইয়াৰ ভিতৰত সর্বাধিক সংখ্যক ৰাজনৈতিক নেতাৰ নিৰাপত্তাতে নিয়োজিত হৈ আছে । তদুপৰি ৮৫৪ গৰাকী দেহৰক্ষী ন্যায়িক বিষয়া আৰু ১৬৭ গৰাকী দেহৰক্ষী ব্যৱসায়ী-ছাত্র নেতাৰ বিপৰীতে নিয়োজিত হৈ আছে । এসময়ত আনৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অহা উগ্রপন্থী নেতাৰো জীৱনৰ সুৰক্ষাৰ নামত ৫২ গৰাকী দেহৰক্ষী নিয়োগ কৰা হৈছে ।
![PSO Withdrawal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-after-cm-request-364-people-release-there-security-guards-7209925_04022022134049_0402f_1643962249_648.jpg)
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি এছ অ' সংস্কৃতি ত্যাগ কৰিবৰ বাবে আহ্বান জনোৱাৰ পিছতে ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিজেপি দলৰ একাংশ বিষয়ববীয়াৰ লগত থকা পি এছ অ' প্ৰত্যাহাৰ কৰিবৰ বাবে দলৰ হৈ আহ্বান জনোৱাৰ উপৰিও বিজেপিৰ আন বহু কেইজন শীৰ্ষ নেতাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকৰ পি এছ অ' প্ৰত্যাহাৰ কৰিবৰ বাবে আহ্বান জনাইছে ।
অতি শেহতীয়াকৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও তেওঁৰ পি এছ অ' প্ৰত্যাহাৰ কৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে । আনহাতে ৰমাকান্ত দেউৰীকে ধৰি আন একাংশ নেতাই পি এছ অ' ত্যাগ কৰিবৰ বাবে এতিয়াও প্ৰস্তুত নহয় । পি এছ অ' প্ৰত্যাহাৰৰ বিষয়টোক সমৰ্থন কৰা নাই কংগ্ৰেছ দলেও ।
লগতে পঢ়ক :বিজেপি কাৰ্যকৰ্তাৰ পিএছঅ' প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি আবেদন ভৱেশ কলিতাৰ