ETV Bharat / state

পাহাৰত সংঘাতৰ ৰাজনীতিঃ আকৌ জ্বলিব নেকি কাৰ্বি আংলং - Karbi Anglong situation may worst like ten year before

যোৱা এটা দশক কাৰ্যতঃ শান্ত হৈ থকা একালৰ অশান্তি জৰ্জৰিত কাৰ্বি আংলং স্বায়ত্বশাসিত জিলাখনৰ পৰিস্থিতিৰ পুনৰ অৱনতি ঘটাৰ আশংকা স্পষ্ট হৈ পৰিছে । আজিৰ ভোটগ্ৰহণৰ দিনটোত সৃষ্টি হোৱা পৰিবেশে তেনে কথাকে আঙুলিয়াই দিছে ।

পাহাৰত সংঘাতৰ ৰাজনীতিঃ আকৌ জ্বলিব নেকি কাৰ্বি আংলং

author img

By

Published : Jun 8, 2022, 10:36 PM IST

গুৱাহাটী, ৮ জুন: আজিৰে পৰা এক বা ডেৰটা দশকৰ‌ আগলৈ কাৰ্বি আংলং বুলিলে চকুৰ সমুখত ভাহি উঠিছিল এক সন্ত্ৰাসিত সময় । পৃথক ৰাজ্যৰ দাবীত আন্দোলন, কেইবাটাও জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনৰ হিংসাত্মক কাৰ্যকলাপ আৰু তাৰ সমান্তৰালকৈ চলা জনগোষ্ঠীসমূহৰ মাজত ভাতৃঘাটী সংঘৰ্ষৰ নিয়মিত খবৰে পাহাৰীয়া জিলাখনৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিছিল ।

মূলতঃ ১৯৯৬ চন মানৰ পৰা স্বায়ত্বশাসিত জিলাখনত উদ্ভৱ হোৱা এনে প্ৰতিকুল পৰিস্থিতিয়ে তাৰ বাসিন্দাসকলৰ সাধাৰন জীৱন বাধাগ্ৰস্ত কৰাৰ উপৰি অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ পথ বন্ধ কৰি দিছিল (Tense situation in Karbi anglong in 1996) । তাৰ মাজতে যোৱা দশকটোত এই পৰিস্থিতি বহু পৰিমাণে প্ৰশমিত হৈছিল আৰু অঞ্চলটোত পথ-পদূলি নিৰ্মাণৰ পৰা আৰম্ভ কৰি অন্যান্য আন্তঃগাঠনি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ।

কিন্তু স্বায়ত্বশাসিত জিলাখনৰ পৰিষদীয় নিৰ্বাচনৰ আজিৰ ভোটগ্ৰহণৰ দিনটোত কেইবাটাও ভোট কেন্দ্ৰত সৃষ্টি হোৱা পৰিবেশে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অধিক অৱনতি ঘটাব বুলি আশংকা কৰা হৈছে । উল্লেখ্য যে আজি জিলাখনৰ ২৬ টা পৰিষদীয় সমষ্টিৰ বিপৰীতে জনপ্ৰতিনিধি নিৰ্বাচনৰ বাবে অনুষ্ঠিত ভোট গ্ৰহনত বৰপথাৰ, লাংহিনকে ধৰি একাধিক স্থানত সংঘটিত ব্যাপক খেলিমেলি আৰু হিংসাৰ ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী আৰু সাধাৰণ প্ৰশাসনে ব্যৰ্থতা প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক: পশ্চিম কাৰ্বি আংলঙত নিৰ্বাচনী হিংসা: শূন্যলৈ গুলীচালনা আৰক্ষীৰ

আনকি, বেলট বাকচ সংৰক্ষন কৰাৰ বাবে ডিফু চহৰত থকা ষ্ট্ৰং ৰূমৰ সমুখতো নিশা আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হয় । এনে পৰিস্থিতিত এই নিৰ্বাচনত কেইটা পৰিষদীয় সমষ্টিত পুনৰ ভোটগ্ৰহনৰ ব্যৱস্থা কৰিবলগীয়া হয় সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই । মনকৰিবলগীয়া যে কাৰ্বি আংলঙৰ ৰাজনীতিত এ এছ ডি চিৰ দৰে স্থানীয় দল আৰু কংগ্ৰেছৰ খোপনি আজিও তৃণমূল পৰ্যায়ত অতি মজবুত (ASDC congress grassroot organization still strong) ।

পাহাৰীয়া জিলাখনত বিজেপিৰ আগমন অতি শেহতীয়া । পূৰ্বৰ কংগ্ৰেছী নেতা, পালিনেতাক লৈয়ে বিজেপিয়ে ৰাজনৈতিক আধিপত্য আগবঢ়াই নিব বিচাৰিছে যদিও স্থানীয় একাংশ ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে আজিৰ প্ৰতিবাদে তৃণমূল পৰ্যায়ত চলি থকা বিজেপিবিৰোধী শক্তিক প্ৰতিফলিত কৰিছে । যদিহে এই শক্তিসমুহে প্ৰতিবাদৰ ধাৰা অব্যাহত ৰাখে তেতিয়াহ'লে পাহাৰীয়া জিলাখনত পৰিস্থিতি দহ বছৰৰ আগলৈ উভতি যাব (Karbi Anglong situation may worst like ten year before) ।

স্থানীয় সূত্ৰৰ মতে এনে ৰাজনৈতিক সংঘাত আৰম্ভ হ'লে দশকৰ পিছত দশক ধৰি শান্তি আলোচনাৰ নামত যুদ্ধ বিৰতিত থকা সশস্ত্ৰ বিদ্ৰোহী সংগঠনসমূহে তাত সাৰপানী যোগাবলৈ সাজু হৈ আছে । কাৰন কংগ্ৰেছ কিম্বা বিজেপি সকলো ৰাজনৈতিক দলৰে সদিচ্ছাৰ অভাবতে এনে সংগঠন সমূহৰ শান্তি আলোচনা কেৱল প্ৰস্তাৱতে সীমাবদ্ধ আছে ।

লগতে পঢ়ক: KAAC Election 2022: কাৰ্বি আংলঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাই লৈছে চূড়ান্ত ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.