ETV Bharat / state

মহানগৰীত মাস্ক নিপিন্ধা লোকক ১০০০ টকা পৰ্যন্ত জৰিমনা

author img

By

Published : Apr 19, 2021, 6:49 PM IST

গুৱাহাটী মহানগৰীত মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কঠোৰ হৈছে কামৰূপ (ম) জিলা প্রশাসন । সোমবাৰৰ পৰা বলৱৎ হোৱাকৈ মহানগৰীৰ ৰাজহুৱা স্থানসমূহত মাস্ক পিন্ধাটো সম্পূৰ্ণৰূপে বাধ্যতামূলক হিচাপে নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ।

administration-collects-fine-for-not-wearing-facemask-in-guwhati
মহানগৰীত মাস্ক নিপিন্ধা লোকক ১০০০ টকা পৰ্যন্ত জৰিমনা

গুৱাহাটী,19 এপ্ৰিল: সমগ্র দেশৰ লগতে অসমতাে অব্যাহত আছে মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ ত্ৰাস । ৰাজ্যত প্রতিদিনে শ-শ লােক আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত । অসমৰ অন্যান্য চহৰৰ তুলনাত গুৱাহাটী মহানগৰীত দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

গুৱাহাটী মহানগৰীত মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কঠোৰ হৈছে কামৰূপ (ম) জিলা প্রশাসন । সোমবাৰৰ পৰা বলৱৎ হোৱাকৈ মহানগৰীৰ ৰাজহুৱা স্থানসমূহত মাস্ক পিন্ধাটো সম্পূৰ্ণৰূপে বাধ্যতামূলক হিচাপে নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে । অন্যথা ভৰিব লাগিব 1000 টকা পৰ্যন্ত জৰিমনা । ইতিপূৰ্বে মহানগৰীৰ বিভিন্ন স্থানত সজাগতা অভিযান চলোৱা মহানগৰ আৰক্ষীয়ে সোমবাৰে বিভিন্ন স্থানত মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহা পৰিলক্ষিত হয় ।

আনহাতে, জিলা প্রশাসন, মহানগৰ আৰক্ষী আৰু গুৱাহাটী পৌৰ নিগম (জি এম চি) ৰ বিষয়াৰ দ্বাৰা গঠিত নিৰীক্ষণকাৰী দলে সোমবাৰৰ পৰা মহানগৰীৰ প্রতিটো স্থানতে চোকা দৃষ্টি ৰাখিছে । পুনৰ যাতে কিছু সাৱধানতা অৱলম্বন সৰ্বস্তৰৰ লোকে কৰি কৰ’ণাৰ সৈতে যুঁজ দিব পাৰে তাৰ বাবে আৰক্ষীয়ে মহানগৰবাসীক অনুৰোধ জনাইছে ।

লগতে পঢ়ক: কোকৰাঝাৰত মাস্ক পৰিধান নকৰা লোকৰ পৰা 24 হাজাৰ টকা জৰিমনা সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.