ETV Bharat / state

কিয় ট্ৰ’ল হৈছিল অমৃতা গগৈ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেত্ৰীগৰাকীৰ - অমৃতা গগৈৰ ভগ্নীৰ এটা ভিডিঅ’

Amrita Gogoi on online trolling: সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল অভিনেত্ৰী অমৃতা গগৈৰ ভগ্নীৰ এটা ভিডিঅ’ । ভিডিঅ’টোক লৈ সমালোচনা একাংশৰ । ভিডিঅ’টো সম্পৰ্কে সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ দিলে অভিনেত্ৰীগৰাকীয়ে ।

Actress Amrita Gogoi reacted to the trolls on social media over her sister-in-law's video
অমৃতা গগৈৰ ছ’চিয়েল মিডিয়াত পোষ্ট
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:09 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ: বৰ্তমান সময়ত যিকোনো ভিডিঅ’ অথবা ফটো মুহূৰ্ততে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল ভিডিঅ’ বা ফটোক লৈ আনকি বহু সময়ত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ট্ৰ’ল কৰাও দেখা যায় ৷ কেতিয়াবা আনকি এনেকুৱাও হয়, ভিডিঅ’ৰ প্ৰকৃত সত্য সত্যতা নাজানি ব্যৱহাৰকাৰীসকলে ট্ৰ’ল কৰিবলৈ আৰম্ভ হয় ৷ শেহতীয়াকৈ এনে এক অনলাইন ট্ৰ’লিঙৰ সন্মুখীন হৈছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ ৷

সামাজিক মাধ্যমত কিয় সমালোচনাৰ সন্মুখীন হৈছিল অমৃতা গগৈ ?

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, দৰাচলতে কিছুদিন পূৰ্বে সম্পন্ন হৈছিল অমৃতা গগৈৰ একমাত্ৰ ভগ্নীৰ বিবাহ । বিবাহৰ পাচতে অভিনেত্ৰীগৰাকীৰ ভগ্নীৰ বিবাহৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিল । যিটো ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে কইনা বিদায়ৰ আবেগিক ক্ষণত ভনীজোঁৱাইক উদ্দেশ্য কৈছিল, ‘‘মই তাইক ১৬ বছৰৰ পৰা ৰাখিছোঁ । ৩০ বছৰীয়া কৰি তোমাক দিছোঁ । মই যেনেকৈ তাইক ১৪ বছৰ ৰাখিছোঁ, তেনেকৈ মোক গোটেই জীৱনটো লাগিব । বাকী আন মোক একো নালাগে । ৰিদ্ধি মোৰ দ্বিতীয় ছোৱালী, তাই মোৰ প্ৰথম ছোৱালী । কিবা অসুবিধা হ’লে মোক কবা ৷’’

  • " class="align-text-top noRightClick twitterSection" data="">

এই ভিডিঅ’টো আছিল মাত্ৰ ৩৬ চেকেণ্ডৰ ৷ মাত্ৰ ৩৬ চেকেণ্ডৰ এই ভিডিঅ’টোক লৈ সামাজিক মাধ্যমত বহুতে টুলুঙা মন্তব্য আগবঢ়াই অভিনেত্ৰীগৰাকীক সমালোচনা কৰিছিল । এতিয়া এই ভিডিঅ’টোক লৈ অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘একমাত্ৰ ভনীজোঁৱাইক কোৱা কথাকেইষাৰ লৈও বিতৰ্ক কৰিবলৈ নেৰিলে, ১৬ বছৰ আছিল তাইৰ মই ২০ বছৰীয়া । মা দেউতাক কথা দিছিলো মই তাইক সামৰি ৰাখিম, নিজকে সামৰিবলৈ শিকা বয়স আছিল মোৰ তেতিয়া…লাহে লাহে দুইজনীয়ে হাতত ধৰি খোজ দিছিলো অচিন চহৰখনত । এদিন দেতা হেৰাই গ’ল, আমাৰ চালি হৈ মনদীপ আৰু শাহুমা-শহুৰদেউতা (বিয়া হোৱাই নাছিল তেতিয়া) এনেকৈ থিয় হ’ল যে একেবাৰে আপোনজনে কৰা প্ৰতাৰণাইও আমাক ভাগিবলৈ নিদিলে । ১২ বছৰে তাইক সামৰি ৰাখি আন এজনৰ হাতত চিৰদিনৰ বাবে গতাই দিয়াৰ আগত যদি একমাত্ৰ ভনীজোঁৱাইক এইষাৰ কথা কোৱাও ভুল সেয়া মই বাৰে বাৰে কৰিম বাকী দেতা থকা হ’লে তেওঁও এইকেইটা কথাই ক’লেহেতেন । বিয়াত উপস্থিত নথকা, লোকৰ ভিডিঅ’ চুৰ কৰি আপলোড কৰা, misleading information promote কৰা channel কেইটালৈ সমবেদনা ৷’’

লগতে পঢ়ক: ছবি মুক্তিৰ পূৰ্বে বৈষ্ণো দেৱীৰ আশীৰ্বাদ ল’লে শ্বাহৰুখ খানে, এবছৰত তৃতীয়বাৰৰ বাবে মন্দিৰ দৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.