ETV Bharat / state

Atul Pachoni on Raghav: বিতৰ্কিত ছবি ৰাঘৱক লৈ কি ক’লে অভিনেতা অতুল পাচনিয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 3:52 PM IST

ৰাজনীতি আৰু সাংস্কৃতিক জগতখনক একাকাৰ নকৰিবলৈ আহ্বান অভিনেতা অতুল পাচনিৰ । ৰাঘৱক সমালোচনা কৰক, কিন্তু ছবিখনক বয়কট নকৰিবলৈ আহ্বান অতুল পাচনিৰ ।

Actor Atul Pachoni reacted to Jatin Boras film Raghav
ৰাঘৱক লৈ অতুল পাচনিৰ প্ৰতিক্ৰিয়া
ৰাঘৱক লৈ অতুল পাচনিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 2 নৱেম্বৰ: ৰাঘৱক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা । মুক্তিৰ পিচৰে পৰা ইটোৰ পাচত সিটোকৈ বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাঘৱ । কোনোৱে যদি ছবিখন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কোনোৱে আকৌ ছবিখন চাবলৈ আহ্বান জনাইছে ৰাইজক । ছবিখনক লৈ সামাজিক মাধ্যমত চলি থকা বিতৰ্কৰ মাজতেই এতিয়া ছবিখনক লৈ শাসক বিৰোধীৰ মাজতো আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । ক্ৰমে যেন ৰাজনীতিৰ মাজলৈ সোমাই গৈছে যতীন বৰাৰ ‘‘ৰাঘৱ’’ ।

ইফালে ছবিখনক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে সংস্কৃতিৰ জগতৰ বহু কলা-কুশলীয়ে । ছবিখনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান শিল্পীসকলৰ। ৰাঘৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে মন্তব্য কৰি কয়, ‘‘এচাম মানুহে এতিয়া ৰাজনীতি আৰু সাংস্কৃতিক জগতখনক একাকাৰ কৰি পেলাইছে । নিজৰ সিদ্ধান্ত ল’বলৈ সকলোৰে এটা স্বাধীনতা থাকে । অসমৰ উপৰিও অন্যান্য ৰাজ্যসমূহতো বহু শিল্পীয়ে বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে । যতীন বৰা এজন দক্ষ অভিনেতা । যতীন বৰাই কোনো এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ থকা বাবেই যে যতীন বৰাৰ ছবিখন নাচাব সেইটো এটা খুব বেয়া কথা হৈছে। এনেকুৱা ঘটনাই অসমীয়া ছবি উদ্যোগত বৃহৎ ক্ষতি সাধন কৰিছে । এনেকুৱা ঘটনা হ’ব নালাগে ।

লগতেই তেওঁ "ৰাঘৱ"ক লৈ শাসক-বিৰোধীৰ মাজত চলা বাক-বিতণ্ডাৰ সন্দৰ্ভত মন্তব্য কৰি কয়,‘‘ যতীন বৰা এজন শাসকীয় দলৰ কর্মী । তেওঁৰ নিজস্ব চিন্তা ধাৰাৰে আগবাঢ়ি এই দলটোত যোগদান কৰিছে । কংগ্ৰেছ দলতো বহু শিল্পীয়ে যোগদান কৰিছে । সেইবুলি তেওঁলোকৰ সৃষ্টিক আমি নোচোৱাকৈ থাকিম জানো । সংস্কৃতি আৰু ৰাজনীতি দুটা পৃথক পৃথক বস্তু । ক্ষেত্ৰখনত যিমান যুদ্ধ লাগে লাগি থাকক, কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনত এই সমূহ কাণ্ডই কলুষিত নকৰিব ৷’’

লগতে অসমবাসী ৰাইজক ৰাজনীতি আৰু সাংস্কৃতিক জগতখনক একাকাৰ নকৰিবলৈ আহ্বান জনায় অভিনেতা অতুল পাচনিৰ । লগতে ছবিখন যদি বেয়া হৈছে তেন্তে ছবিখনক সমালোচনা কৰক, কিন্তু ছবিখনক বয়কট নকৰিবলৈও আহ্বান জনায় অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক: Bhupen Borah on Raghav Movie: যতীন বৰাৰ শেহতীয়া অৱস্থাৰ কাৰণ বিচাৰি পালে ভূপেন বৰাই; সংগদোষ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.