ETV Bharat / state

Action continue against child marriage : বাল্যবিবাহৰ ৪,০৭৪টা গোচৰত ২,২৫৮ জনক গ্ৰেপ্তাৰ

author img

By

Published : Feb 4, 2023, 10:35 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছত ৰাজ্যজুৰি ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ আৰক্ষীয়ে এতিয়ালৈকে বাল্যবিবাহৰ বিৰুদ্ধে ৪০৭৪ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে গ্ৰেপ্তাৰ কৰিছে ২২৫৮ জন লোকক । বিশ্বনাথ জিলাত সৰ্বাধিক ১৩৯ জন লোক গ্ৰেপ্তাৰ হৈছে ৷ আনহাতে সৰ্বাধিক গোচৰ ৰুজু হৈছে ধুবুৰী জিলাত(Crackdown Against Child Marriage) ৷

Action continue against child marriage
ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অভিযান(Crackdown Against Child Marriage ) । বৃহস্পতিবাৰৰ নিশাৰে পৰা হঠাতে অসম আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা বৃহৎ অভিযান আজিও অব্যাহত থাকে । এতিয়ালৈকে আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে ৪০৭৪ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে গ্ৰেপ্তাৰ কৰিছে ২২৫৮ জন লোকক । শুকুৰবাৰে আৰক্ষীয়ে অসমৰ বিভিন্ন জিলাত অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত ২০৪৪ জনক গ্ৰেপ্তাৰ কৰিছিল । আজি নতুনকৈ ২১৪ জনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ ভিতৰত বাল্যবিবাহ কৰা স্বামী, পৰিয়ালৰ লোক, কাজি, মৌলানা আৰু পুৰোহিত আছে(Assam govt drive against child marriage) ।

উল্লেখ যে বিশ্বনাথ জিলাত সৰ্বাধিক ১৩৯ জন লোক গ্ৰেপ্তাৰ হৈছে । আনহাতে জিলাখনত গোচৰ ৰুজু হৈছে ৯৭ টা । ইফালে সৰ্বাধিক গোচৰ ৰুজু হৈছে ধুবুৰী জিলাত । জিলাখনত ৩৭৪ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে ১২৭ জন লোক । প্ৰতিখন জিলাতে গোচৰ ৰুজু হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছে বহুজন ।
উল্লেখ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত বিগত দুদিন ধৰি ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে(Operation against child marriage in Assam) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰু আৰক্ষীৰ তীব্ৰ অভিযানৰ ফলত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পত্নী, সন্তান, আত্মীয়-স্বজনে এই কাৰ্যৰ বিৰোধিতা কৰিছে । সামাজিক মাধ্যমতো ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যজুৰি কান্দোনৰ ৰোল উঠিছে । ঠায়ে ঠায়ে ব্যাপক প্ৰতিবাদো হৈছে । লক্ষণীয় বিষয় যে এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইবোৰৰে এতিয়া ভৰা সংসাৰ । বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অধিকাংশৰে আছে সন্তান । কাৰোবাৰ যদি পত্নী গৰ্ভৱতী আন কোনোবাই আকৌ একমাত্ৰ পত্নীৰ সৈতে এতিয়া সংসাৰ আগবঢ়াই আছে । তেনে পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে বহু বছৰ পূৰ্বেই ৰুজু হোৱা গোচৰৰ ওপৰত ভিত্তি কৰি এতিয়া গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত চৌদিশে সৃষ্টি হৈছে অৰাজকতা ।

বাল্যবিবাহ এক সামাজিক ব্যাধি আৰু আইনমতে ই দণ্ডনীয় । কিন্তু ইমান দিনে কিয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল । বৰ্তমান এই প্ৰশ্ন উত্থাপন হৈছে । বাল্য বিবাহৰ বাবে আছে কঠোৰ আইন । এই আইন ইমানদিনে কিয় কাৰ্যকৰী হোৱা নাই । গোচৰ ৰুজু হোৱাৰ পিছতো কিয় আৰক্ষীয়ে ইমান দিনে বাল্যবিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাছিল । কিয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতহে ইমান তৎপৰ হৈ পৰিল আৰক্ষী । সাম্প্ৰতিক পৰিস্থিতিত এই প্ৰশ্নসমূহৰ অৱতাৰণা হৈছে ।

লগতে পঢ়ক: Child Marriage in Jorhat: উদ্বেগজন ! JMCHত 2022 বৰ্ষত সন্তান প্ৰসৱ 340গৰাকী কিশোৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.